APSC ফলাফলঃ APS ত বাক্সাৰ John Das ৰ প্ৰথম স্থান দখল


সাজাহান আলী আহমেদ, ১ জুলাইঃ সদ্য ঘোষিত এপিএছচিৰ (#APSC) ফলাফলে আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে সমগ্ৰ বাক্সা জিলাৰ লৈ৷ এইবেলি বাক্সা জিলাৰ পৰাই লাভ কৰিছে এপিএছৰ (#APS) প্ৰথমস্থান৷ বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অধিনস্থ আনন্দবজাৰ আৰক্ষী পহৰাচকীৰ অন্তৰ্গত অতি পিছপৰা হাটখোলা  গাওঁৰ নাৰায়ণ দাস আৰু  অলকা দাসৰ পুত্ৰ  জোন দাসে (#John Das) বাক্সা জিলালৈ কঢ়িয়াই আনিছে এই  গৌৰৱ৷ ১৯৯০ চনৰ ১৭ এপ্ৰিলত জন্ম লাভ কৰা জোনে দৰিদ্ৰ পিতৃ-মাতৃৰ মুখত বিৰিঙাই তুলিছে হাঁহি৷ নিজ ভেটি-মাটি বিক্ৰী কৰি পুত্ৰক পঢ়াৰ খৰচ উলিয়াই দি আজি পুত্ৰৰ সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ৷ মাটি বিক্ৰী কৰি  জোন দাসক এপিএছ বনালে বুলি আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে পিতৃ-মাতৃয়ে৷
বাক্সা জিলাৰ পৰা এনেদৰে (#APS) প্ৰথমস্থান দখল কৰাৰ বাবে বাক্সা জিলাৰ উপায়ুক্ত মহদানন্দ তালুকদাৰ, আমছুৰ শিক্ষা সম্পাদক সাজাহান আলী আহমেদ, এমচিএলএ চক্ৰধৰ দাসে জোন দাসক শুভেচ্ছা জ্ঞাপন কৰিছে৷
জোন দাসৰ পিতৃ নাৰায়ণ দাস আৰু মাতৃ অলকা দাস

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: