ফেৰিৱালা, হাৰ্ডৱেৰ দোকানী হ’ল অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড জেহাদী

Safiul Islam
জেহাদীৰ নামত নিৰীহক হাৰাশাস্তি হাৰ্ডৱেৰ দোকানী, ফেৰীৱালা, মনোহাৰী দোকানীক সেনাৰ বৰ্বৰ অত্যাচাৰ খৱৰ নল’লে স্থানীয় বিধায়ক, কোনো দল সংগঠনে নিৰক্ষৰতা আৰু ধৰ্মীয় সংঘাতেই মুল সমস্যা বাংলাদেশত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অসমত জেহাদী প্ৰৱেশ কৰাক লৈ নিদ্ৰা হৰিছে অসম আৰক্ষী আৰু চোৰাংচোৱা বিভাগৰ৷ চৰত জেহাদীয়ে পিয়াপি দি ফুৰিছে বুলি সংবাদ মাধ্যমৰ একপক্ষীয় বাতৰি পৰিৱেশনকলৈ বিমোৰত পৰিছে অসম আৰক্ষী৷অসম আৰক্ষী আৰু সেনাই ইয়াৰ গইনা লৈ চৰৰ ঘৰে ঘৰে জেহাদী বিছাৰি ফুৰিছে৷কেৱল ঘুৰি ফুৰাই নহয়, ইতিমধ্যে নলবাৰী জিলাৰ দোলাশালৰ পৰা দুই কিল’মিটাৰ নিলগৰ ৰৌমাৰী পাথাৰৰ পৰা ৫জনকৈ নিৰীহলোকক ধৰিছে৷সংবাদ মাধ্যমে সেই লোকসকলক জেহাদী বুলি আকাশ বতাহ কঁপাই তুলিছে৷তেনে সময়তে উক্ত ৰৌমাৰী পাথাৰত আচলতে জেহাদী আছে নেকি তাৰ বুজ ল’বলৈ উপস্থিত হৈছিলো মই আৰু মোৰ বন্ধু ছফিকুল ইছলাম৷শুকুৰবাৰে প্ৰায় এক বজাত জুম্মাৰ নামাজৰ পিছত আমি মত-বিনিময় কৰিছিলো স্থানীয় কেইজনমান লোকৰ স’তে৷ তাৰ পিছত আমি পোণে পোণে উপস্থিত হৈছিলো অসম আৰক্ষী আৰু নিয়াৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী শ্বহিদুল ইছলামৰ ঘৰত৷ঘৰত তেতিয়া শ্বহিদুলৰ পিতৃ জহুৰুদ্দিন(৬০)ৰ লগত আমি বাৰ্তালাপ কৰিলো৷এমুঠি পকা দাঢ়িৰ সৈতে চিন্তাৰে পিষ্ট এগৰাকী বৃদ্ধ লোক৷ শ্বহিদুল কি কৰে, ক’ত থাকে জানিব খোজাত পিতৃৰ চকু দুটা জুইৰ অঙঠা যেন হৈ পৰিছিল৷ক্ষন্তেক পিছতে চকুলো টুকি পিতৃয়ে কৈ গৈছিল….শ্বহিদুল কলকাতাত পঢ়িবলৈ গৈছিল৷সংবাদ মাধ্যমত জানিব পাৰিলো মোৰ ল’ৰা অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী৷অথচ মই একো নাজানো৷সাংবাদিকক ক’লো আপোনালোক যদি জানে তাক ধৰি আনক৷আৰক্ষীয়ে মোক জোৰা কৰিলে৷মোৰ ডাঙৰ ল’ৰাক জেৰাৰ নামত ধৰি নি জেলত দিলে৷মোকো মাতিলে সোধ-পোচা কৰিলে৷ মই যি জানো তাকে ক’লো—‘ ছাৰ মই একো নাজানো৷ল’ৰা পঢ়িব গৈছে তাকে জানো৷ কিন্তু আৰক্ষীয়ে নামানিলে মোক জেললৈ প্ৰেৰণ কৰিলে ৷ ছমাহৰ পিছত জামিনত মুকলি হৈ আহিলো৷এতিয়া পুনৰ আৰক্ষীয়ে মোক হাৰাশাস্তি কৰিবলৈ লৈছে৷ক্ৰন্দনৰত পিতৃয়ে আমাক ক’লে যে আপোনালোকৰ ফোন নম্বৰ আমাক দিয়ক আমি শ্বহিদুলৰ কিবা সম্বেদ পালে আপোনালোকক জনাম৷দৰিদ্ৰতাৰে পিষ্ট মানুহজন জীৱন-জীৱিকাৰ সংকটত এতিয়া উদ্বিগ্ন৷ ইয়াৰ পিছত আমি গৈছিলো সোমবাৰে অৰ্থাত ১১ জুলাইৰ নিশা সেনা আৰক্ষীয়ে আটক কৰি নিয়া আক্ৰামৰ ঘৰত৷আক্ৰামৰ ককায়েক মজিবৰ আলী তেতিয়া নিজৰ জুপুৰীত ঘোৰ টোপনীত লালকাল হৈ আছিল৷আমি যোৱা দেখি স্থানীয়লোকে আহি ভিৰ কৰিলে৷আক্ৰামৰ পিতৃ নতুব আলী উলাই আহিল৷পিতৃ নতুব আলী এজন দিন হাজিৰা কৰা শ্ৰমিক৷তেওলোকৰ পৰা জানিব পৰা মতে, সোমাবাৰে নিশা ৮.৪০ বজাত ককায়েক মজিবৰ আলীয়ে ভাত খাই বিছনাত পৰিছিল৷ পত্নীয়ে মজিবৰক কঁকালত মলম লগাই দিয়াৰ কাৰণে প্ৰস্তুত হওতে দৰ্জাৰ তলেৰে টচৰ্ৰ পোহৰ লক্ষ্য কৰি কোন বুলি সুধিলে৷পিছত তেওৰ পত্নীয়ে বাহিৰলৈ ওলাই অহাত সেনা আৰু আৰক্ষীৰ দলে আক্ৰামক বিচাৰে৷লগে লগে আক্ৰমৰ ঘৰৰ ফালে ধাৱিত হয়৷ইয়াৰ পিছত আক্ৰমক মাতি বাহিৰলৈ টানি আনি বহাই থৈ মজিবৰক মাতি বাহিৰলৈ আনি সোধ-পোচা কৰে৷ ইপিনে সেনাই দুয়োজনৰ ঘৰত তালাচীৰ নামত সমগ্ৰ ঘৰটো ওলট পালট কৰি পেলায়৷তালাচীৰ পিছত আক্ৰামক লৈ ওলাই গৈ ক্ষন্তেক পিছতে পুনৰ উভতি আহি মজিবৰক লৈ যায়৷ পত্নীয়ে বাধা দিয়ে যদিও নামানিলে৷ইয়াৰ পিচত মংগলবাৰে নিশা ১০.৩০ বজাত মজিবৰক এৰি দিয়ে যদিও আজিলৈ আক্ৰামক এৰি নিদিলে৷উল্লেখ্য যে মজিবৰৰ পৰিয়ালে আৰক্ষী- সেনাৰ বিৰুদ্ধে নিৰ্মম অত্যাচাৰ অভিযোগ কৰে৷ককালত সেনাই গুৰিয়ায়৷মুৰত, কাণত আঘাত কৰে৷ যাৰ ফলত সম্প্ৰতি মজিবৰে কোনোকথাই ভালদৰে ক’ব নোৱাৰে৷শাৰিৰীকভাৱে সাংঘাতিক দুৰ্বল৷ বিছনাৰ পৰা উঠিব নোৱাৰে৷পৰিয়ালৰ মতে মজিবৰ বিগত তিনিবছৰ ধৰি দুৰাৰোগ্য বেমাৰত ভুগী আছে৷নিয়মীয়া চিকিৎসকৰ প্ৰতিবেদন সমুহ আমাক দেখুৱাইেছে পৰিয়ালৰ লোকে৷ কোন এই মজিবৰ-আক্ৰামঃ জেহাদীৰ নামত সেনাই ধৰি নিয়া মজিবৰ নতুব আলীৰ ডাঙৰ পুত্ৰ৷চাইকেলত বাহেৰে বাকচ বনাই সৰু ল’ৰা-ছোৱালীৰ কাপোৰ-কানি বিক্ৰী কৰে৷সেই অঞ্চলত মজিবৰক মানুহে ফেৰিৱালা বুলি জানে৷কিছুদিন পুৰ্বে বন্ধনৰ পৰা ৩০ হাজাৰ টকা ঋণ লৈ টেইলৰিং মেচিন আৰু ফেৰিকামৰ সামগ্ৰী কিনি আনিছিল৷এতিয়াও ঋণ পৰিশোধ কৰিবলৈ বাকী আছে৷মজিবৰ দুটা পুত্ৰ সন্তানৰ পিতৃ৷ডাঙৰ ল’ৰাটো অষ্টম শ্ৰেণীত পঢ়ে৷ আনহাতে মজিবৰৰ কনিষ্ঠ ভাতৃ আক্ৰাম এজন চীনা সামগ্ৰীৰ বিক্ৰেতা৷সোমবাৰে গুৱাহাটীৰ পৰা সামগ্ৰী কিনি লৈ সন্ধিয়া ঘৰ পায়৷পিচদিনা মঙলবাৰে মুকালমুৱা বজাৰ৷কিন্তু ৰাতিয়ে সেনাই ধৰি নিয়ে৷আক্ৰাম আলীয়েও বন্ধনৰ পৰা ১০ হাজাৰ টকা ধাৰ লৈছিল৷ এখন টেম্পু আছে যিখন আক্ৰাম আলীয়ে বজাৰ নথকাৰ দিন ভাড়া মাৰে৷দুয়োজন বিবাহিত৷ল’ৰা-ছোৱালী আছে৷ ঘৰৰ ভিতৰৰ পৰা মুকলি আকাশ চাব পৰা পজাত থকা পৰিয়ালটোৰ কোনোমতে পেটে ভাতে খাই থকা দুই ভাতৃ হৈ পৰিল জেহাদী৷ ইয়াৰ পিছত আমি গৈ উপস্থিত হৈছিলো জেহাদীৰ নামত ধৰি নিয়া কছিমুলৰ ঘৰত৷একেখন গাঁৱৰে মংলা আলীৰ পুত্ৰ কছিমুল হক৷কছিমুল হক পেছাত এজন হাৰ্ডৱেৰ দোকানী৷দৌলাশালত কছিমুলৰ দোকান৷দশম শ্ৰেণীলৈ পঢ়া কছিমুল বিবাহিত আৰু এটা পুত্ৰ সন্তান আছে৷কছিমুলৰ ককায়েক জহুৰুদ্দিনকো সন্দেহবশতঃ সেনাই ধৰি চকু বান্ধি এক অজ্ঞাত স্থানলৈ লৈ যায়৷নি বৰষুণত বহাই থয়৷অলপ পিছত এটা কোঠাৰ ভিতৰত নি অমানুষিক অত্যাচাৰ চলায়৷জহুৰুদ্দিনৰ মতে সেনাৰ অত্যাচাৰ ইমানেই ভয়াৱহ যে যিকোনো নিৰীহ লোকেই প্ৰাণৰ মমতাত জেহাদী বুলি স্বীকাৰ কৰিবলৈ বাধ্য হ’ব৷তেওক সেনাই কৰা অত্যাচাৰৰ বিৱৰণ দি কয়—কোঠাত নি বিছনাত শোৱাই ওপৰত বুট জোতাৰে গচকে৷তাৰ পিছত লথিয়া গুৰিয়াই উঠায়৷আকৌ এটা নাক বন্ধ কৰি আন এটা নাক আৰু মুখেৰে জগৰ পিছত জগ পানী ঢালে৷প্ৰাণ যায় যায় অৱস্থাত উঠাই পুনৰ একে অত্যাচাৰ আৰম্ভ কৰে৷দুজনে ভৰি দুটা টান কৈ ওপৰলৈ তুলি ধৰে আন এজনে কোবায়৷মূৰৰ পিছফালে কোবায়৷কাণৰ গুৰিত কোবায়৷কঁকালত উঠি থিয় দিয়ে, গচকে৷’ জহুৰুদ্দিনক পিছলৈ সেনাই এৰি দিয়ে যদিও কছিমুলক এতিয়ালৈ এৰি দিয়া নাই৷কছিমুলকো ভাতৃৰ সন্মুখত প্ৰচণ্ড মাৰপিট কৰা বুলি অভিযোগ কৰে৷ জহুৰুদ্দিনৰ গাত সেনাৰ বৰ্বৰ, অমানুষিক অত্যাচাৰৰ প্ৰমাণ এতিয়াও স্পষ্ট হৈ আছে৷কছিমুলৰ ঘৰতো সেনাই তালাচী চলাই লণ্ডভণ্ড কৰে৷ তালাচীৰ নামত কছিমুলৰ ঘৰত এখন কোৰাণ শ্বৰীফ আৰু বোখাৰী শ্বৰীফৰ পাঁচটা খণ্ড পায়৷তাৰে সেনাই বোখাৰী শ্বৰীফ পাচটা লৈ যায়৷কান্দোনত ভাগি পৰা কছিমুলৰ পিতৃয়ে কয় ‘মোৰ ল’ৰা নিৰ্দোষী৷ ধৰি নি সেনাই বৰ্বৰ অত্যাচাৰ কৰিছে৷ ইয়াৰ বিচাৰ লাগে৷’ পৰিয়ালৰ ভাষ্য—আটাইকেইটা পৰিয়ালতে এতিয়া হাহাকাৰ অৱস্থা৷ জেহাদী মানেনো কি বুলি সুধিলে ওলোটাই জেহাদী কি বস্তু বুলি জানিব বিচৰা লোকসকলৰ এতিয়া গাঁৱ খনতে আলাই আথানি৷জেহাদীৰ নামত ধৰি নি সেনা-আৰক্ষীয়ে যি বৰ্বৰ অত্যাচাৰ চলালে তাৰ ন্যায় বিচাৰিছে পৰিয়ালে৷পৰিয়ালৰ প্ৰশ্ন যদি একো পোৱা নাই তেন্তে অত্যাচাৰ কিয় কৰিলে? বৰ্তমান ৰৌমাৰী পাথাৰ গাৱখনত জেহাদীৰ নামত নিৰীহক ধৰি নি চলোৱা বৰ্বৰ অত্যাচাৰৰ আতংকই বিৰাজ কৰিছে৷ সন্ত্ৰস্থ গাঁৱৰ ডেকা ল’ৰা৷কাক কেতিয়া সেনাই ধৰি নি অমানুষিক অত্যাচাৰ চলায় সেই ভূতে খেদি ফুৰিছে গাঁৱবাসীক৷জেহাদীৰ নামত নিৰীহলোকক এনে অমানুষিক অত্যাচাৰৰ চলোৱা লোকসকল ব্ৰহ্মপুত্ৰৰ খহনীয়াত ক্ষতিগ্ৰস্থ৷গাঁৱখনত শিক্ষিত লোকৰ হাৰ কম৷ বানপানীয়ে বুৰাই নিয়া গাঁৱখনৰ লোকসকলৰ জীবিকাৰ অন্যতম মাধ্যম জাল গুথা, ক্ষুদ্ৰ ব্যৱসায়৷তাৰ মাজতে ধৰ্মীয় সংঘাত উমি উমি জ্বলি আছে৷ বহুতেই এই জেহাদীৰ আঁৰত ধৰ্মীয় সংঘাতে সাৰ পানী যোগাই আহিছে বুলিও মত প্ৰকাশ কৰে৷জানিব পৰা মতে মহম্মদী তৰিকা(আহলে হাদীছ বা ৰফাদাইন কৰা)ত নামাজ পঢ়া লোকসকলক গাঁৱৰ একাংশই এঘৰীয়া কৰিব বিচাৰে৷ইতিমধ্যে শ্বহিদুলৰ পৰিয়ালক এঘৰীয়া কৰিছেই৷নিৰক্ষৰতা আৰু আৰ্থিক সংকটৰ আলিদোমোজাত পিষ্ট লোকসকল যে ধৰ্মীয় সংঘাতত জৰ্জৰিত তাৰ স্পষ্ট উমান পোৱা গৈছিল মছজিদত৷ এতিয়া প্ৰশ্ন হ’ল যদি সিহত জেহাদীয়েই তেতিয়া সিহঁত এৰি দিলে কিয়? আৰু যদি জেহাদী নহয়েই তেন্তে নিৰীহ লোকসকলক ধৰি নি অমানুষিক অত্যাচাৰ চলোৱাৰ আঁৰৰ ৰহস্য কি? তালাচীৰ নামত ঘৰ লণ্ডভণ্ড কৰি একো নোপোৱা বাংলাদেশী নামৰ চকৰীত পিষ্ট লোকসকল জেহাদী হ’ল কেনেকৈ? দুখীয়া ডাল দৰিদ্ৰৰ পঁজাতেই জেহাদীয়ে আশ্ৰয় লয় নেকি?সে্ই নদীয়ে ভঙা গাঁৱখনেই জেহাদী ধৰাৰ নামত লক্ষ্য কিয়? নে সকলোৰে লগত সকলোৰে বিকাশৰ এয়াই স্বৰূপ৷ভূতৰ ওপৰত দানহ পৰাদি অসমৰ বৈদ্যুতিন চেনেলৰ সাংবাদিকৰ বাবে বোখাৰী শ্বৰীফখনেই হ’ল আপত্তিজনক গ্ৰন্থ৷সংবাদ মাধ্যমে প্ৰকৃত তথ্য গাপ দি মাফিয়া কায়দাৰে অসমৰ জনগণৰ মাজত ভুৱা বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰি তেওলোকৰ প্ৰভুসকলক সন্তুষ্ট কৰিবলৈ অপচেষ্টা চলাই গৈছে্৷সংবাদ মাধ্যমে যে এই কাৰ্যত নিৰপেক্ষ ভূমিকা আদায় কৰা নাই তাৰ প্ৰমাণ বহুত আছে৷ভুক্তভুগী পৰিয়ালৰ কৰুণ কাহিনী শুনাৰ পিছতো সাংবাদিকসকলে একপক্ষীয়ভাৱে জেহাদী বুলি টেটু ফালি থকাত স্থানীয় ৰাইজে ঘেৰাও কৰি ককৰ্থনা কৰিছিল৷ সংবাদ মাধ্যম যদি নিৰ্ভীক আৰু নিৰপেক্ষ তেন্তে মজিবৰ, আক্ৰাম, কছিমুল জহুৰুদ্দিনৰ প্ৰকৃত তথ্য দাঙি ধৰক৷চৰকাৰৰ জনবিৰোধী নীতিৰ পৰা ৰাইজৰ দৃষ্টি অইনফালে ঘুৰাই নিয়াৰ এজেণ্ট হিচাপে কাম নকৰি প্ৰকৃত ভাৰতীয়, খাটিখোৱা লোকসকলক জেহাদী সজোৱা কাৰ্য সত্যৰ অপলাপ মাথোন৷এচি কোঠাত বহি আক্ৰামহঁতক সন্ত্ৰাসবাদী সজোৱাৰ সলনি সংবাদ কৰ্মী অথবা সাংবাদিকসকলে সংশ্লিষ্ট গাঁৱত গৈ প্ৰকৃত অৱস্থাৰ বুজ লৈ সৰ্বসাধাৰণক জনাওক প্ৰকৃত ঘটনা কি?কাৰণ সিঁহতো ভাৰতীয়৷সিঁহতেও চৰকাৰক নিৰ্দাৰিত পৰিমাণৰ কৰ আদায় দি আহিছে৷দেশৰ উৎপাদন কাৰ্যত প্ৰভুত অৰিহণা যোগাই আছে৷ আনহাতে যিবোৰ সংখ্যালঘু দল সংগঠনে জেহাদীৰ বিৰুদ্ধে প্ৰতিবাদ সমদল কৰিছে তেওলোকেও প্ৰকৃত ঘটনাৰ বুজ লওক৷জেহাদীৰ নামত সেনাই কৰা অত্যাচাৰ সমুহ স্বচক্ষে প্ৰত্যক্ষ কৰি আহক৷মুৰ্খৰ বাকচত বৰ বৰ কথা কোৱাতকৈ প্ৰকৃত তথ্য কি সেয়া বিচাৰ কৰক৷স্থানীয় বিধায়কজনে এতিয়ালৈ ভুক্তভূগী সকলৰ ঘৰত এবাৰো খৱৰ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে অত্যাচাৰৰ বলি হোৱা পৰিয়াল কেইটা৷ সংবাদ মাধ্যম, আৰক্ষী, সেনা আৰু অপশক্তিয়ে যি হাৰত মুছলমান যুৱকসকলক সন্ত্ৰাসবাদীৰ নামত হাৰাশাস্তি কৰি আছে, সেয়া যদি বন্ধ নকৰে তেন্তে ইয়াৰ পৰিণাম যে ভাল নহ’ব, সেয়া সময়ে ক’ব৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: