ভাৰতীয় পিতৃ-মাতৃৰ বিদেশী সন্তান! অৱশেষত ডিটেনচন কেম্পৰ পৰা মুক্তি পালে ময়নাল মোল্লাই





ময়নাল মোল্লা ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ অন্যায়ৰ বলি হোৱা অসমৰ হাজাৰ হাজাৰ নীৰিহ লোকৰ এজন৷ সুদীৰ্ঘ ২ বছৰ ১০ মাহ ২৯ দিন এজন ঘোৰ অপৰাধীৰ দৰে বন্দিত্বৰ জীৱন কটাই অৱশেষত যোৱা ৩ আগষ্টৰ দিনা মুকলি আকাশৰ তলত ওলাই আহিবলৈ সক্ষম হ’ল৷ কি অপৰাধ আছিল ময়নালৰ? কিয় নিৰপৰাধী হৈয়ো অপৰাধীৰ দৰে বন্দিত্বৰ জীৱন কটাবলগীয়া হ’ল?

সাধাৰণতে এজন ব্যক্তিয়ে যিখন দেশত জন্ম লাভ কৰে, তেওঁ সেইখন দেশৰে নাগৰিকত্ব পায়৷ পৃথিৱীৰ বেছিভাগ দেশত এইটোৱে নিয়ম৷ ভাৰতৰ সংবিধানে এই দেশত জন্ম লাভ কৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ সন্তানক এই দেশৰ নাগৰিকত্ব প্ৰদানৰ নিশ্চিতি দিছে৷ কিন্তু বিধিৰ কি বিড়ম্বনা যে বৰপেটা জিলাৰ তাৰাবাৰী অঞ্চলৰ ময়নাল মোল্লাৰ পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি তিনি পুৰুষলৈকে ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও ভাৰতীয় আদালতে তেওঁক ভাৰতীয় নাগৰিকত্বৰ স্বীকৃতি দিব খোজা নাই৷ তাৰাবাৰী থানাৰ অন্তৰ্গত কাকধোৱা গাঁৱৰ এই ত্ৰিশ বছৰীয়া যুৱকজনে বৰপেটাৰ বিদেশী ন্যায়াধিকৰণৰ পৰা আৰম্ভ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়লৈকে সকলো ন্যায়ৰ মন্দিৰৰ দুৱাৰে দুৱাৰে নাগৰিকত্বৰ স্বীকৃতি বিচাৰি যোৱা এক দশক ধৰি দৌৰি ফুৰিছে৷ অথচ মহান ভাৰতীয় আইন ব্যৱস্থাই যুৱকজনৰ নাগৰিত্বৰ মূল বিষয়বস্তুক বিচাৰ নকৰি কিছুমান আনুসংগিক বিষয়ক প্ৰধান্য প্ৰদানেৰে যুৱকজনৰ মূল দাবীক আওকাণ কৰি আহিছে৷ ফলত এই দেশতে জন্ম লৈ, এই দেশৰে মাটি-পানী সেৱন কৰি, আন দহ জনৰ দৰে এই দেশক সমৃদ্ধ কৰা সত্ত্বেও যুৱকজনে যোৱা চাৰি বছৰে বিদেশীৰ অপবাদৰ বোজা কঢ়িয়াই যোৱা প্ৰায় তিনি বছৰ কাল ডিটেনচন শিবিৰত বন্দী হৈ থাকিবলগীয়া হৈছিল৷ অসমত এটা বিশেষ সম্প্ৰদায়ৰ লোক হোৱা বাবেই কেৱল সন্দেহৰ ভিত্তিত বিদেশীৰ অপবাদ মূৰ পাতি ল’বলগীয়া হোৱাৰ অলেখ উদাহৰণ আছে৷ তেনে এটা উদাহৰণেই হৈছে এই ময়নাল মোল্লা৷ তেওঁৰ পিতৃ আহচান মোল্লা আৰু মাতৃ মনোৱাৰা বেগমৰ ওপৰত বিদেশী সন্দেহত বৰপেটা আৰক্ষীৰ সীমান্ত শাখাত গোচৰ ৰুজু হয় ১৯৯৮ চনত৷ আৰক্ষীয়ে পিতৃ-মাতৃৰ লগতে ময়নাল মোল্লাৰ বিৰুদ্ধেও তিনিটা গোচৰ ৰুজু কৰে (গোচৰ কেইটাৰ নম্বৰ ক্রমে - ৰেফাৰেন্স কেছ ৮৬২৫, ৮৬২৬, ৮৬২৭৯৮)। তিনিওটা গোচৰৰ বৰপেটাৰ আই এম ডি টি আদালতত পাঁচ বছৰ বিচাৰ চলাৰ পিছত (আই এম ডি টি কেছ নম্বৰ ১০৭৮/২০০৩ আৰু ১০৭৬/২০০৩) ২০০৩ চনত আদালতে আহচান মোল্লা আৰু মনোৱাৰা বেগমক ভাৰতীয় নাগৰিক বুলি ৰায় দান কৰে৷ নিজৰ ৰায়ত আদালতে কয় যে আহচান মোল্লাৰ ১৯৬৬ চন আৰু তাৰ আগৰ ভোটাৰ তালিকাত নাম পোৱা গৈছে৷ তদুপৰি আহচান মোল্লাৰ পিতৃৰ নামত ১৯৩৮ চনৰ মাটিৰ পট্টা পোৱা গৈছে৷ একেদৰে মনোৱাৰা বেগমৰ পিতৃৰো ১৯৬৬ আৰু ইয়াৰ আগৰ ভোটাৰ তালিকাত নাম পোৱা গৈছে৷ এনে অৱস্থাত তেওঁলোকক ভাৰতীয় নাগৰিক নহয় বুলি ক’ব নোৱাৰি৷ লক্ষণীয়ভাৱে ময়নাল মোল্লাৰ পিতৃ আহচান মোল্লা আৰু মাতৃ মনোৱাৰা বেগমৰ উল্লিখিত দুয়োটা গোচৰৰ বিচাৰআদালতত ২০০৩ চনতে শেষ হৈ যায় যদিও আদালতত বৃহৎ সংখ্যক গোচৰ বিচাৰাধীন হৈ থকাৰ হেতু দুৰ্ভাগ্যজনকভাৱে ময়নাল মোল্লাৰ গোচৰটো আনবোৰ গোচৰৰ সৈতে নিষ্পত্তি নোহোৱাকৈ থাকি যায়৷ ফলত ২০০৫ চনত আই এম ডি টি আইন বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত অন্যান্য গোচৰৰ সৈতে ময়নাল মোল্লাৰ গোচৰটোও বিদেশী ন্যায়াধিকৰণলৈ স্থানান্তৰিত কৰা হয়৷ সেই মৰ্মে বৰপেটাৰ ২ নং বিদেশী ন্যায়াধিকৰণত ২০০৬ চনত ময়নাল মোল্লাৰ গোচৰটো (গোচৰ নম্বৰ ৩৮৬/২০০৬) পুনৰ আৰম্ভ হয়৷ কিন্তু যিহেতু পিতৃ-মাতৃক আদালতে ভাৰতীয় বুলি ৰায় দিছেই, আৰু ইফালে আই এম ডি টি আইনখনো বাতিল হৈ গ’ল, সেয়ে অশিক্ষিত ময়নাল মোল্লাই বিদেশী ন্যায়াধিকৰণত পঞ্জীয়ন হোৱা গোচৰটোৰ গুৰুত্ব নুবুজিলে৷ বিদেশী ন্যায়াধিকৰণে জাৰি কৰা জাননী লাভ কৰাৰ পিছত ময়নাল মোল্লাই এগৰাকী অধ্বিক্তাৰ কাষ চাপিছিল যদিও অধ্বিক্তাগৰাকীয়ে ‘তোমাৰ পিতৃ-মাতৃক ভাৰতীয় বুলি ৰায় দিছেই, গতিকে তোমাৰ চিন্তা নাই’ বুলি অভয় দিয়াত ময়নাল মোল্লাই অধ্বিক্তাৰ ওপৰতে সকলো এৰি দি নিশ্চিন্ত মনে ঘৰলৈ উভতি যায়৷ ইফালে বিদেশী ন্যায়াধিকৰণে জাননী জাৰি কৰাৰ পিছতো ময়নাল মোল্লা হাজিৰ নোহোৱাত ২০০২ চনৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ বিৰুদ্ধে ‘ভাৰতীয় নাগৰিক নহয়’ বুলি একপক্ষীয় ৰায় দান কৰে৷ ন্যায়াধিকৰণৰ উক্ত ৰায়ৰ বিষয়ে ময়নাল মোল্লা অৱগত হয় তেতিয়াহে, যেতিয়া ৰায়দানৰ প্ৰায় দুবছৰ পিছত আৰক্ষীয়ে তেওঁক ধৰি আনিবলৈ কাকধোৱা গাঁৱত উপস্থিত হয়৷ ফলত স্বাভাৱিকতে হুৱাদুৱা লাগি ২০১২ চনৰ ২০ জুনৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত ময়নাল মোল্লাই এখন লেখ আবেদন (গোচৰ নম্বৰ ডব্লিউ পি-চি ৩১৩৮/১২) দাখিল কৰে৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি কে শৰ্মাৰ আদালতত ময়নাল মোল্লাই এইবুলি কৈছিল যে স্থানীয় অধ্বিক্তাই অভয় দিয়াৰ কাৰণেই তেওঁ আদালতত খবৰ ল’বলৈ যোৱা নাছিল৷ কিন্তু ন্যায়াধীশ বি কে শৰ্মাৰ আদালতে এই যুক্তি মানি ল’বলৈ অস্বীকাৰ কৰি এইবুলি কয় যে যিহেতু ময়নাল মোল্লা পলাতক বিদেশী বুলি বৰপেটাৰ আৰক্ষী অধীক্ষকে শপতনামা দাখিল কৰিছে, এনে অৱস্থাত ময়নাল মোল্লাৰ দাবী গ্ৰাহ্য কৰা নহয়৷ আদালতে ময়নাল মোল্লাৰ পিতৃ-মাতৃৰ নাগৰিকত্বৰ প্ৰসংগলৈ নগৈ উল্লিখিত দুটা যুক্তিৰ ভিত্তিত ময়নাল মোল্লাক ভাৰতীয় নাগৰিক নহয় বুলি ৰায় দি তেওঁক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে৷ আদালতে উক্ত ৰায়দান কৰে ২০১৩ চনৰ ১ আগষ্টৰ দিনা৷ সেই মৰ্মে তাৰ এমাহৰ পিছত, পাঁচ ছেম্বেৰৰ দিনা বৰপেটা আৰক্ষীয়ে ময়নাল মোল্লাক গ্ৰেপ্তাৰ কৰি ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰে৷

ভাৰতীয় নাগৰিকৰ সন্তান হোৱা সত্ত্বেও সামান্য বিধিগত মেৰপেচৰ বাবেই বিদেশী অপবাদৰ বোজা মূৰত লৈ বন্দী হ’ব লগা হোৱাত ময়নাল মোল্লাই এইবাৰ পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০১৪ চনৰ ২১ মাৰ্চৰ দিনা এখন পুনৰ বিবেচনাৰ আবেদন দাখিল কৰে৷ উক্ত আবেদনত ময়নাল মোল্লাৰ ফালৰ পৰা কোৱা হয় যে যিহেতু ময়নাল মোল্লা এজন অশিক্ষিত ব্যক্তি, তেওঁ আইন-আদালতৰ নিয়ম কানুনবোৰ ভালকৈ বুজি নাপায় আৰু তাৰ বাবেই বৰপেটাৰ স্থানীয় অধ্বিক্তাগৰাকীৰ ওপৰত ভৰসা কৰি তেওঁ বিপদগ্ৰস্ত হ’বলগীয়া হৈছিল, সেয়ে তেওঁৰ নাগৰিকত্বৰ তথ্যপাতিখিনিৰ ভিত্তিত গোচৰটো পুনৰ্বিবেচনা কৰিব লাগে৷ কিন্তু আদালতে আবেদন পৰীক্ষা কৰোতে দেখা পায় যে বৰপেটাৰ বিদেশী ন্যায়াধিকৰণত পূৰ্বে দাখিল কৰা কিছু তথ্যপাতিত ময়নাল মোল্লাই চহী কৰিছিল৷ গতিকে এই কথাটোকে ভিত্তি হিচাপে লৈ আদালতে কয় যে চহী কৰিব পৰা ব্যক্তি এজনক অশিক্ষিত বুলি মানি ল’ব নোৱাৰি৷ দ্বিতীয়তে পুনৰ বিবেচনাৰ আবেদনখন যিহেতু আদালতৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত দাখিল কৰা হোৱা নাছিল, এনে অৱস্থাত তেওঁৰ আবেদন পুনৰ বিবেচনাৰ বাবে গ্ৰহণ কৰা নহয়৷ আদালতৰ এই স্থিতিৰ ফলত কাৰ্যতঃ বিমুখ আৰু হতাশ হৈ পৰা ময়নাল মোল্লাৰ সন্মুখত উচ্চতম ন্যায়ালৰ দ্বাৰস্ত হোৱাৰ বাদে আন সকলোবোৰ ৰাস্তা বন্ধ হৈ পৰে৷ কিন্তু আৰ্থিকভাৱে দুৰ্বল ময়নাল মোল্লাৰ বাবে সেয়া হৈ পৰে দূৰ আকাশৰ তৰা৷ অৱশেষত বিদেশীৰ অপবাদৰে ২০১৩ চনৰ ৫ চেম্বেৰত ময়নালক বৰপেটা আৰক্ষীয়ে আটক কৰি গোৱালপাৰাৰ ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰে৷


তিনিটি কণ কণ সন্তানৰ পিতৃ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি ময়নালক এনেদৰে ডিটেনচন কেম্পত প্ৰেৰণ কৰাত স্বাভাৱিকতে তেওঁৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ৷ উচ্চতম ন্যায়ালয়লৈ যাবলৈ অক্ষম পৰিয়ালটোৱে ময়নাল মোল্লাৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ আন কোনো ৰাস্তা খোলা আছে নেকি সেয়া বিচাৰি এদিন কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালৰ অধ্বিক্তা আব্দুল ৱাদুদ আল আমানৰ৷ অধ্বিক্তা ৱাদুদে ময়নালৰ ভাতৃৰ পৰা এই কাহিনী জানিব পাৰি অসমৰ শিক্ষিত আৰু প্ৰগতিশীল মুছলিম যুৱকসকলৰ দ্বাৰা প্ৰতিষ্ঠিত ‘মাই-ফেক্টছ’ (MY-FACTS (Muslim Youths - Forum Against Communalism, Terrorism & Sedition)) নামৰ গোটটোক অৱগত কৰে৷ অধিৱক্তা ৱাদুদ তথা গোটৰ অন্যান্য সদস্যসকলে ময়নালৰ সকলোবোৰ তথ্য-পাতি পৰীক্ষা কৰি তেওঁৰ নাগৰিকত্ব সন্দৰ্ভত ন্যায়ালয়ে দিয়া ৰায়ৰ এক বিপৰীত প্ৰতিচ্ছবি দেখা পায়৷ এনে পৰিস্থিতিত ময়নাল মোল্লাৰ পৰিয়ালৰ লগতে তেওঁৰ গোচৰ উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ বাবে আৰ্থিকভাৱে সহায় কৰে৷ অৱশেষত প্ৰায় এক বছৰজোৰা আইনী যুঁজৰ অন্তত উচ্চতম ন্যায়ালয়ে ময়নাল মোল্লাক মুকলি কৰি দিয়াৰ লগতে তেওঁৰ তথ্য-পাতিসমূহ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে বৰপেটা বিদেশী ন্যায়াধিকৰণ-(২)ক৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পোৱাৰ পিছতে যোৱা ১ আগষ্টত বৰপেটা এফ টিয়ে ময়নাল মোল্লাৰ জামিন আবেদন মঞ্জুৰ কৰাৰ লগতে বৰপেটা জিলাৰ সীমান্ত আৰক্ষী অধীক্ষকক মোল্লাৰ নথিসমূহ পুনৰীক্ষণ কৰাৰ নিৰ্দেশ দিয়ে৷ আনহাতে অহা ২৯ আগষ্টৰ দিনা বৰপেটা এফ টিত ময়নাল মোল্লাক স-শৰীৰে উপস্থিত থাকিবলৈও একেটা নিৰ্দেশতে কোৱা হৈছে৷ উল্লেখ্য যে ময়নাল মোল্লাৰ এই আইনী যুঁজখনত অধ্বিক্তা ৱাদুদৰ লগতে অধ্বিক্তা ছৈয়দ বুৰহানুৰ ৰহমানেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷


SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: