এবুকু বেদনাৰ প্ৰত্যয়ভৰা প্ৰতিশ্ৰুতি

-চুলতান মাহমুদ মির্ধা

নিৰ্জন নিশাৰ বুকুত ৱালঘড়ীৰ টং টং শব্দটোৱে নির্মমভাৱে আঘাত কৰি নিজৰ অস্তিত্ব প্রমাণ কৰিলে— দুই বাজিছে। ঘৰৰ পিছফালে থকা গছজোপাৰ পৰা ফেঁচাৰ কুৰুলীৰ লগে লগে কেইটামান বাদুলী উৰি যোৱাৰ শব্দও ভাহি আহিল। ইমান সময় বিচনাত অস্থিৰভাৱে পৰি আছিলো। এইবাৰ বিচনাতেই বহি ললো। নাই, আজি আৰু টোপনি নাহে। সেই আবেলিৰ পৰা প্রতিটো মুহূৰ্ত পাখি কটা চৰাইৰ দৰে ছটফটাই পাৰ কৰিছো। কি উত্তৰ দিম বৰষাৰ দেউতাকক? পাৰিম জানো মোৰ প্রেমক অন্য এজনৰ হাতত তুলি দিব? কিদৰে মুখামুখি হম বৰষাৰ? ... ভাবিছো, কেৱল ভাবিছো— কোনো এটা সিদ্ধান্তকে চূড়ান্ত কৰিব পৰা নাই। ওঁহ্, আৰু ভাবিব নোৱৰা হৈছো। বিচনাৰ পৰা একেজাপে নামি লাহে লাহে বাহিৰলৈ ওলাই আহিলো। চোতালত থিয় হৈ আকাশলৈ চাই পঠিয়ালো— ওপৰত সীমাহীন আকাশ। ক’লীয়া আন্ধাৰে আৱৰি ধৰিছে আকাশখন। চন্দ্ৰটোও কেতিয়াবাই লুকাই পৰিছে আন্ধাৰৰ মাজত। উমলি থকা তৰাবোৰে বৃথা চেষ্টা কৰিছে পৃথিবীখন উদ্ভাসিত কৰাৰ।

চোতালত মূঢ়া এটা আছিল— তাতেই বহি পৰিলো অলসভাৱে। দৰাচলতে দুর্বল হৈ পৰিছো মই বৰষাহীন জীৱন এটা কল্পনা কৰি। বৰষাৰ ভালপোৱা অবিহনে, বৰষা অবিহনে জীৱনটো যে হৈ ৰ’ব খৰালিৰ জুৰিটিৰ দৰে। কেনেকৈ পাহৰিম মোৰ চৌপাশ আৱৰি ৰখা ইমান দিনৰ আমাৰ প্রেমৰ সেই চিৰসেউজ নিবীড় তথা উমাল সন্তৰংগতাবোৰ!

অন্তর্ভেদি হুমনিয়াহ এটা নিগৰি আহিল। এখন ভৰি মেলি দি আনখন মূঢ়াটোত তুলি লৈ দুই হাতেৰে সাবটি ধৰি আউজি বহাদি বহি ল’লো— চকু দুটা মুদি দিয়াৰ লগে লগে চকুৰ আগত পুনৰ ভাঁহি উঠিল বৰষাৰ মুখখন। এখন অসহায় মুখ, এখন সহজ-সৰল মুখ। ঐশ্বৰ্য-বিভূতিৰ মাজত লালিতা-পালিতা সত্বেও নাই কোনো অহংকাৰ, নাই আভিজাত্যৰ মিছা ভেম।

মোৰ মনত পৰিল সেই মধুৰ ক্ষণলৈ— যিক্ষণত বৰষাক প্রথম লগ পাইছিলো, চিনাকি হৈছিলো। মনৰ নিভৃত কোণত সংগোপনে তিল তিলকৈ গঢ় লৈ উঠা, প্ৰেমৰ বীজ অংকুৰিত হোৱাৰ সেই সোণালীক্ষণ মই জানো পাহৰিব পাৰিম!

বৰষাৰ স’তে চিনাকি হোৱাৰ সময়ত মই হায়াৰ চেক’ণ্ডাৰী দ্বিতীয় বৰ্ষৰ ছাত্র। চূড়ান্ত পৰীক্ষাৰ শেষৰ দিনৰ ঘটনা— কলেজৰ পৰা আহি চাহ একাপ খাই থিয় হৈছিলোগৈ আমাৰ ঘৰৰ আগৰ ফুলনিখনিত। দিনটোৰ ব্যস্ততাৰ অন্তত সূৰ্যটোৱে নিশাৰ বুকুত হেৰাই যোৱাৰ প্রস্তুতি চলাই আছিল। এনেয়েও সূর্যাস্তৰ সময়ছোৱাৰ প্রতি মোৰ বিশেষ দুর্বলতা এটা আছে। সূৰ্যাস্তৰ সেই মায়াবী সময়ছোৱাই মোৰ মনত অনাবিল আনন্দ আৰু শান্তি ঢালি দিয়ে— পাহৰি যাওঁ দিনটোৰ সকলো কষ্ট-ভাগৰ। সিদিনাও সূর্যাস্তৰ দৃশ্য উপভোগ কৰাৰ মানসেৰে থিয় হৈছিলোগৈ ফুলনিখনিত। সূৰ্যটাৱে ৰঙা সুমথিৰা এটাৰ ৰূপ লৈ দিগন্তৰ সিপাৰে হেৰাই যোৱাৰ যো-জা চলাইছিল। সূৰ্যটোৰ পৰা বিকিৰিত হেঙুলীয়া আভাখিনিয়ে বিয়পাই পেলাইছিল পৃথিৱীৰ প্ৰতিটো চুক-কোণক। প্রতিটো বস্তু জিলিকি উঠিছিল এক মায়াবী ৰূপত। সেই পৰিবেশত তন্ময়হৈ থাকোতে হঠাৎ মোৰ দৃষ্টিগোচৰ হৈছিল আমাৰ ঘৰৰ আগৰ নির্জন ৰাস্তাটোৰে আহি থকা দুজনী ছোৱালী। তাৰে এজনী আছিল আমাৰ গাঁৱৰে মোৰ সম্পৰ্কীয় এগৰাকী খুড়াৰ ছোৱালী অনামিকা। তাইয়ো তেতিয়া উঃ মাঃ ২য় বৰ্ষৰ ছাত্রী— স্থানীয় ছোৱালী মহাবিদ্যালয়ৰ।

অনামিকাহঁত ওচৰ পোৱাত অচিনাকী ছোৱালীজনীৰ চকুত চকু থৈ মোৰ কাষতে থকা গোলাপ জোপাৰ এপাহি গোলাপত আলফুলে আঁকি দিছিলো এটি চুমা। ৰঙা পৰি গৈছিল তাইৰ সমগ্র মুখমণ্ডল। অনামিকাৰ ওঁঠত বিৰিঙি উঠিছিল এক সৰল আমোদৰ হাঁহি। অনামিকাই হাঁহি হাঁহি কৈছিল—বাব, ফুলটোৱে বা কি জগৰ লগালে?

অনামিকাৰ প্ৰশ্নত নিৰৱে হাঁহিছিলো মাথোঁ— একো এটা ক’ব পৰা নাছিলো। আচলতে মই নিজেও অপ্রস্তুত হৈ পৰিছিলো। অনুশোচনাও হৈছিল— কি কৰিলো এয়া! ছোৱালীজনীয়ে কি ভাবিব বাৰু! লাজত কান-মূৰ গৰম হৈ পৰিছিল, নিজৰ ওপৰত খঙো উঠি গৈছিল। কাৰো মুখত কথা নাই, অনামিকাই মাথোঁ অলপ অলপকৈ হাঁহি আছিল। বেছ কিছু সময়ৰ নিৰৱতাৰ পিছত মই চাও-নাচাওঁকৈ ছোৱালীজনীলৈ চাই পঠিয়াইছিলো। তাইও চাই আছিল মোলৈ কিবা এটা বুজি উঠাৰ চেষ্টা কৰি। সজল গুলপীয়া ওঁঠযুৰীও সামান্য কঁপি উঠিছিল— যেন কিবা এটা ক’ব। কিন্তু ক’ব পৰা নাছিল তাই— চঞ্চল চকুযুৰি নমাই আঁতৰি গৈছিল তাৰ পৰা অনামিকাৰ লগত। মুহূৰ্ততে শিঁয়ৰি উঠিছিলো মই— বুজাব নোৱৰা কিবা এক আকুলতাৰে ভৰি আছিল তাইৰ সেই দৃষ্টি! মোৰ সমগ্র সত্তা জোকাৰি সেই দৃষ্টি পাৰ হৈ গৈছিল মোৰ হৃদয়। এক মিঠা অনুভূতিত ভৰি পৰিছিল মোৰ মন।

মোৰ সেই ওঠৰ বছৰীয়া জীবনত লগ পোৱা কোনো এজনী ছোৱালীৰ দৃষ্টিত দেখা নাছিলো সেই আকুলতা। যাৰ বাবেই প্রত্যেকজনী ছোৱালীৰ ক্ষেত্ৰত মই আছিলো নির্বিকাৰ। কোনো ছোৱালীৰ প্রতি অনুভৱ কৰা নাছিলো কোনো দুর্বলতা, অথচ মই সেইদিনটোলৈকে বিচাৰি ফুৰিছিলো এজনী নাৰী— যাৰ ভালপোৱাৰ সোঁতত নিজকে উটুৱাই দিব পাৰো৷

হঠাতে সিদিনা মোৰ অন্বেষণে ঘোষণা কৰিছিল তাৰ যৱনিকা। মই বিচাৰি পাইছিলো মোৰ মনত অনবৰতে ক্রিয় কৰি থকা ছবিখনিৰ বাস্তৱ ৰূপ, কিন্তু তাই আছিল মোৰ বাবে সম্পূর্ণ অচিনাকী। তেতিয়াই মই স্থিৰ সিদ্ধান্তত উপনীত হ’লো— যেতিয়া মই অনুভব কৰিলো যে তাই প্রথম চাৱনিৰেই মোৰ অস্তৰত তোলপাৰ লগাই থৈ গ’ল— তাইৰ স’তে চিনাকি হ’বই লাগিব। সেই উদ্দেশ্যে মই খোজ লৈছিলো অনামিকাহঁতৰ পিছে পিছে। কিছুদূৰ যোৱাৰ পিছত অনামিকাহঁতক উভতি অহা দেখি কিছু পৰিমাণে বিব্রতবোধ কৰিছিলো যদিও পিছ মুহূর্ততে নিজকে নিজে সাহস যোগাই আগবাঢ়ি গৈছিলো। এটা সময়ত পুনৰ মুখামুখি হৈছিলো আমি। দুচকুত ৰহস্যপূর্ণ হাঁহি লৈ সুধিছিল অনামিকাই— ক’লৈ যোৱা বাবা?




: নাই, কলৈকো নাযাওঁ। এনেয়ে ওলাই আহিছো। তোমালোক? —অচিনাকী ছোৱালীজনীৰ ওপৰত চকু ৰাখি সুধিছিলো।
অনামিকাৰ চকুত ধৰা পৰি গৈছিল মোৰ সেই দৃষ্টি। তাই লৰালৰিকৈ কৈছিল— আমিও এনেয়ে অলপ ওলাই আহিছে। পৰীক্ষা শেষতো। অ’ মই পাহৰিয়ে আছো, এইজনী মোৰ বান্ধবী বৰষা শর্মা। আৰু বৰষা, এওঁ হ’ল আমাৰ অতিকৈ মৰমৰ বাবা ওৰফে মৃন্ময় বৰা।

অনামিকাৰ নাটকীয়া ভঙ্গীত হাঁহি উঠি গৈছিল। হাঁহি হাঁহিয়ে প্রতি নমস্কাৰ জনাইছিলো বৰষাক।

: জান বৰষা, বাবাই ভাল কবিতা লিখে। ইতিমধ্যে শীর্ষস্থানত থকা কেবাখনো বাতৰি কাকত আৰু আলোচনীত বাবাৰ কবিতা প্রকাশ পাইছে। ভাবিলে আচৰিত লাগে ইয়াৰ নিচিনা চেঙেলীয়া এটাই সেই তত্বগধুৰ কবিতাবোৰ কেনেকৈ লিখে! —অনামিকাই পুনৰ কৈছিল।

: অমি, বেছি হ’ল নেকি অলপ!

মোৰ বাক্য শেষ হৈছিল কি নহৈছিল লগে লগে প্ৰতিবাদ কৰাৰ দৰে বৰষাই কৈ উঠিছিল— বেছি কোৱা চাগে’! আপুনি সঁচাকৈয়ে ভাল লিখে। ময়ো পঢ়িছো আপোনাৰ কবিতা। আচলতে, সন্মুখত প্ৰশংসা কৰিলে সকলোৱে প্ৰতিবাদ কৰেই। আপুনিও তাৰ ব্যতিক্রম নহয়। আপুনি প্রতিবাদ কৰি উঠাটো খুবেই স্বাভাৱিক।

প্রথম বাৰেই বৰষাই বহুখিনি কথা কৈছিল। মই মাথোঁ তন্ময় হৈ শুনি গৈছিলো। এনে লাগিছিল— বৰষাৰ মাত দূৰণিৰ পৰা ৰিণি ৰিণি ভাহি অহা কোনো সুমধুৰ গীতৰ মূৰ্চ্ছনাহে। তাইৰ দৰেই মিঠা তাইৰ মাত। কথাবোৰ কৈ থাকিলে তাইৰ চকু দুটাইও অনবৰতে হাঁহি থাকে— যেন দুচকুৰ পৰা নামি আহে মৰমৰ বৰষা।

: জানো, কিয় ভাল হোৱা বুলি কৈছে কবিতাবোৰ! নতুনত্বহীন, বৈচিত্ৰহীন—মনৰ মাজত পাকঘূৰণি খাই থকা এমুঠি খেলিমেলি অনুভৱ পুঞ্জক কেতিয়াবা প্ৰকাশ কৰাৰ চেষ্টা কৰো। কিন্তু সেইবোৰ কবিতা হয়নে নাই সেয়া ক’ব নোৱাৰো। তথাপি আপোনালোকে যে পঢ়িছে, ভাল হোৱা বুলি কৈছে সেইবাবে ধন্যবাদ।

: কোনো কবিয়েই স্বীকাৰ নকৰে যে তেওঁ লিখা কবিতাবোৰ ভাল হৈছে। এনিৱে, আপোনাক ৰিকুৱেষ্ট এটা কৰো—মোক তুমি বুলিয়েই ক’ব।

: অ’ চিঅ’ৰ। কিন্তু এটা চৰ্তত— মোক তুমি বুলিব লাগিব, যিহেতু আমি একে ক্লাচতে পঢ়ি আছে।

: অনুমতি পালে নিশ্চয় কম। —তাই উৎফুল্লিত হৈ পৰিছিল।

সিদিনা অন্য দুই-এটা কথা পাতি বিদায় লৈছিল বৰষাহঁত, মোৰ হৃদয়ৰ উকা পথাৰখনত এমুঠি প্ৰেমৰ বীজ সিঁচি থৈ। সেই দিনটোৰ পিছৰে পৰা মোৰ দুচকুলৈ নামি আহিছিল কল্পনাৰ প্লাৱন, ৰঙীণ সপোনৰ অবিচ্ছিন্ন সোঁত। এদিন নিস্পেষিত জনতাক লৈ লিখা কবিতাৰ পৰিৱৰ্তে মোৰ কলমৰ আগেৰে নিগৰি আহিব ধৰিছিল প্ৰেমৰ মিঠা মিঠা কবিতা।
বৰষাক কইনা সজাই নিজকে দৰা সাজি কল্পনাৰ সাতৰঙী মায়াৰ কোলাত দুলি থাকোঁতে কেতিয়া যে পৰীক্ষাৰ পাছৰ তিনিটা মাহ পাৰ হৈ গৈছিল গমেই পোৱা নাছিলো। অথচ পৰীক্ষাৰ পাছত মোৰ কৰিবলগীয়া বহুতো কাম পৰি আছিল। কিন্তু দিনে-ৰাতিয়ে বৰষাৰ কথা ভাবি থাকোঁতে সকলো কাম পৰিকল্পনাৰ বুকুতে বিলীন হৈ গৈছিল। প্রতি মুহূৰ্ততে বৰষাক মোৰ মনে কাষত বিচাৰি হাহাকাৰ কৰি থকা স্বত্তেও তাইক কেবাবাৰো লগ পোৱাৰ পাছতো প্রকাশ কৰিব পৰা নাছিলো মোৰ মনৰ কথা। তাইৰ মুখামুখি হ’লেই কিবা এক লাজ, সংকোচ, ভয়ে যেন স্তব্ধ কৰি পেলাইছিল মোৰ কণ্ঠ।
ইয়াৰ মাজতে আমাৰ ৰিজাল্ট ওলাল। সকলোৱে আশা কৰা মতেই ৰিজাল্ট আহিল মোৰ, প্ৰথম বিভাগ— দৰ্শন আৰু ৰাজনীতি বিজ্ঞানত লেটাৰসহ।

মোৰ নিজৰ ফলাফলে মোক যিমানখিনি সন্তোষ দিছিল তাতোকৈ বেছি সন্তোষিত হৈছিলো বৰষাৰ কৃতকার্যতাত। তায়ো প্রথম বিভাগত উত্তীর্ণ হৈছিল। প্ৰত্যশিতভাৱেই অসমীয়া গুৰু বিষয় হিচাপে লৈ স্থানীয় মহাবিদ্যালয়খনতে নাম ভর্তি কৰালো। এসপ্তাহ মান আনন্দমনেৰে ক্লাচ কৰাৰ অন্তত এদিন মোৰ সকলো খেলিমেলি হৈ গ’ল। সিদিনা ক্লাচত আগৰ ক্লাচৰ নোটচখিনি জুকিয়াই বহি আছিলো। হঠাতে মোৰ পিছফালৰ পৰা ভাহি অহা নাৰী কণ্ঠই মোক সচকিত কৰি তুলিলে। মাতটো চিনাকী যেন লগাত পিছপিনে ঘূৰি চোৱাৰ লগে লগে মোৰ বুকু চিৰিংকৈ গ’ল। বৰষাই মোৰ পিনে চাই হাঁহি আছে— ওচৰত অনামিকাৰ লগতে আন কেবাজনী ছোৱালী। সিহঁতৰ সৈতে কথা পাতি গম পালো সিদিনা প্রথম ক্লাচলৈ অহা বৰষাৰো গুৰু বিষয় অসমীয়া। আনন্দৰ লগতে মোৰ মনত এক ভয়েও ঠাই ললে৷ বৰষাৰ স’তে একে কোঠাতে ক্লাচ কৰা যে মোৰ বাবে ভীষণ কষ্টকৰ কাম হ’ব— সেই শংকাই মোক বহু পৰিমাণে দুর্বল আৰু বিব্রত কৰি তুলিলে। এদিন যি উচ্ছাস লৈ মই এই কলেজত ভৰি দিছিলো সেয়া যেন লাহে লাহে উদাসীনতালৈ পর্যবসিত হ’বলৈ আৰম্ভ কৰিলে। বৰষাক মই ভালপাওঁ সঁচা; কিন্তু তাইক মই কেনেকৈ ক’ম যে তোমাক মই ভালপাওঁ! তাইৰ দৃষ্টিত যে মই এজন সৎ, ভাল ল’ৰা! তাইতো আৰু নাজানে যে, এই ভাল ল’ৰাজনৰে হৃদয়ৰ গভীৰ কোণত অহৰহ তাইৰেই বন্দনা চলি আছে!

কি কৰিম কি নকৰিম ভাবি থাকোতে পাৰ হৈ গৈছিল কেবাটাও দিন। প্রকাশ কৰি দিম নে কি মোৰ দুৰ্বলতা! কিন্তু তাই যদি অস্বীকাৰ কৰে মোৰ ভালপোৱা, গালি পাৰে অভদ্র-অসভ্য বুলি! আৰম্ভ হৈ গৈছিল মোৰ অন্তৰ্দ্ধন্দ্ব। ভাবিও কোনো এটা সিদ্ধান্তকে চূড়ান্ত কৰিব পৰা নাছিলো। তেনেকৈ পাৰ হৈ গৈছিল আৰু দুটা দিন।

অৱশেষত বহুতো ভাবি-চিন্তি ঠিক কৰিলো— মই প্রকাশ কৰিম মোৰ ভালপোৱা— যিয়েই নহওঁক লাগিলে, যিয়েই নকওঁক তাই, প্রকাশ কৰিমেই মোৰ হৃদয় জুৰি থকা বৰষাৰ অস্তিত্বক— তাই অস্বীকাৰ কৰিলেও। তেতিয়া অন্ততঃ মনটোক বুজাব পাৰিম– কল্পনাৰ সাতোৰঙী কাৰেং সাজি উজাগৰী নিশা পাৰ কৰাতকৈ নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হোৱাটোৱেই শ্রেয়।

অনুভৱ কৰিলো মোৰ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰা বোজাটোৰ ওজন যেন বহু পৰিমাণে কমি গৈছে। ভবা মতে সিদিনাই ওলাইছিলোগৈ অনামিকাহঁতৰ ঘৰ। কিন্তু তাত মোলৈ অপেক্ষা কৰি আছিল আন এক বিস্ময়ে। অনামিকাক আদ্যোপান্ত বিৱৰি কোৱাৰ পাছত তাই ঈষত হাঁহি কৈছিল— চিন্তা নকৰিবা বাবাদা, তায়ো তোমাক ভাল পায়।

: সঁ-চ-চা?—আনন্দ-আশ্চর্যত অবাক হৈ গৈছিলো। নিজৰ কানকে প্রথমে বিশ্বাস কৰিব পৰা নাছিলো— যেন ভুল শুনিছো মই। মনত অজস্র কৌতুহল লৈ অনামিকাক সুধিলো— অমি, তুমি মোৰ স’তে ধেমালী কৰা নাইতো?

: এইবোৰ জানো ধেমালীৰ বস্তু! এয়াই সঁচা। তাই তোমাক বহুদিন আগৰে পৰা ভালপায়; কিন্তু প্রকাশ কৰা নাছিল তুমি অস্বীকাৰ কৰিবা বুলি।

: বহুদিন আগৰে পৰা মানে?

: ক্লাচ টেনৰ পৰাই তাই তোমাৰ প্রতি আকর্ষিত হৈছিল তোমাৰ কবিতা পঢ়ি। তেতিয়াৰ পৰাই তোমাৰ কবিতাৰ বিষয়বস্তুক লৈ আলোচনা কৰাটো আমাৰ অৱসৰ সময়ৰ মুখ্য কাম আছিল। তাই তোমাৰ কবিতাৰ সপক্ষে যিবোৰ যুক্তি আগবঢ়াইছিল, তাৰ পৰা মই অনুমান কৰিছিলো, তাই তোমাৰ প্ৰতি দুর্বল হৈ পৰিছে বুলি। অথচ তেতিয়ালৈকে তাই তোমাক দেখাতো দূৰৰে কথা, তোমাৰ পৰিচয়ে জন নাছিল। ময়ো তোমাৰ পৰিচয় গোপনে ৰাখিছিলো। আমাৰ ফাইনেল পৰীক্ষাৰ আগে আগে এদিন তাই মোক অনুৰোধ কৰিলে যে মই যেনেকৈয়ে নহওঁক কিয় তোমাৰ ঠিকনা সংগ্ৰহ কৰি দিব লাগে। তাই তোমাৰ স’তে বন্ধুত্ব স্থাপন কৰিব খোজে; কিন্তু তোমাৰ ঠিকনা নাজানে। সিদিনা তাইৰ মুখমণ্ডলত ফুটি উঠা অসহায় ভাৱটোৱে মোক বাধ্য কৰাইছিল তাইক তোমাৰ ঠিকনা দিবলৈ। তোমাক লগ পোৱাৰ আশাত সিদিনা তাই যিমান আনন্দিত হৈছিল, হতাশো হৈছিল সিমান—তোমাৰ বিষয়ে সকলোবোৰ কথা শুনি। পিছত এদিন তাই তোমাক এবাৰ মাথোঁ দেখিবলৈ ইচ্ছা কৰাত পৰীক্ষা শেষ হোৱাৰ দিনা মই লৈ আহিছিলো তাইক। সিদিনা তোমাৰ স’তে চিনাকি হোৱাৰ পিছত তাই মোৰ ওচৰত তোমাক ভালপায় বুলি স্বীকাৰ কৰিছিল। তুমি বেয়া পোৱা বুলি কোৱা নাছিলো তোমাক।

অনামিকাক হাজাৰবাৰ ধন্যবাদ জনাই এবুকু প্রত্যয়, ভালপোৱা আৰু প্রাপ্তিৰ আনন্দ লৈ ওলাই আহিছিলো সিদিনা অনামিকাইতৰ ঘৰৰ পৰা।

পিছদিনা বৰষাক মাথোঁ কৈছিলো— মই বৰ অকলশৰীয়া বৰষা, মোক এৰি নাযাবা।

একো কোৱা নাছিল তাই, মাথোঁ চাই ৰৈছিল মোৰ দুচকুলৈ এযোৰ সেমেকি উঠা চকুৰে। প্রাপ্তিৰ আনন্দত তাইৰ দুচকুৰ পৰা নিগৰি আহিছিল দুটোপাল উত্তপ্ত চকুলো। মুকুতাৰ দৰে তাইৰ সেই চকুলোৰ আকর্ষণে মোক উদ্বাউল কৰি তুলিছিল— দুবাহুৰ মাজত সোমোৱাই লৈছিলো তাইক। তাইয়ো কুৰুকী কুৰুকী সোমাই গৈছিল মোৰ বুকুৰ মাজলৈ এধানি ভালপোৱাৰ সন্ধানত।

এদিন দুদিনকৈ সম্পূর্ণ দুটা বছৰ পাৰ হৈ গ’ল। ইতিমধ্যে আমি পার্ট ৱান পাছ কৰিলো। আমাৰ চকুৰ আগতে বহু কিবা কিবি পৰিৱৰ্তন হৈ গ’ল— মাথোঁ পৰিৱৰ্তন নহ’ল আমাৰ ভালপোৱা। সাম্প্রতিক যুগৰ দেহ সর্বস্ব তথাকথিত ভালপোৱাৰ পৰা বহু দূৰত অৱস্থান গ্রহণ কৰা আমাৰ নিস্বাৰ্থ ভালপোৱাৰ মাজেৰ আমি হৈ পৰিলো এজন আনজনৰ প্ৰেৰণাস্বৰূপ।
কিন্তু আজি আমাৰ ভালপোৱাই অৱতীৰ্ণ হ’বলগীয়া হৈছে অন্য কাৰোবাৰ মান-সন্মানৰ নির্ণায়কৰ ভূমিকাত। আমাৰ সপোনবোৰ, কল্পনাবোৰ বাস্তৱৰ ৰ’দালিৰে মুখামুখি নৌহওঁতেই এন্ধাৰেৰে নিঃশেষ কৰি দিয়াৰ কুচকাৱাজ চলিছে। অথচ প্রতিবাদ কৰো বুলিও কৰিব পৰা নাই। এদিন বুকুৰ সমস্ত মৰমেৰে আৱৰি ৰাখিম বুলি প্রতিশ্রুতি দিয়া বৰষাক আজি আশ্বাসকণো দিব পৰা নাই। মোৰ কলিজাৰ স্পন্দনৰ স’তে মিলি যোৱা বৰষাক আজি বিয়া দিব ওলাইছে।

বিশ্বাস হোৱা নাই যদিও কথাষাৰ ধ্ৰুৱ সত্য। খোদ কালি বৰষাৰ দেউতাকে কৈ গ’ল তাইৰ বিয়াৰ কথাটো। মোৰ জীৱনৰ আটাইতকৈ মর্মান্তিক দুঃসংবাদটো দি তেখেতে আৰু কৈ গ’ল— মই তোমালোকৰ ভালপোৱাক শ্রদ্ধা কৰো, সন্মান কৰো। কামনাও নকৰো যে মোৰ বাবেই অকালতে মৰহি যাওঁক দুটা ফুলকলীয়া জীৱন, কিন্তু মই যে নিৰুপায়। মোৰ বাল্যবন্ধু এজনক বহুদিন আগতে কথা দিছিল বৰষাক তেওঁৰ ল’ৰালৈ দিম বুলি। ইতিমধ্যে ল’ৰাজনেও এম বি বি এচ পাছ কৰি চাকৰিত সোমাইছে। আমাৰ প্ৰতিশ্রুতি অনুসৰি বিয়াখন সোনকালে হ’ব লাগে বুলি জোৰ দিয়াত যোৱা সপ্তাহত বিয়াৰ দিন তাৰিখ ঠিক কৰি আহিছো। মই বৰষাৰ কোনো ইচ্ছা অপূৰ্ণ ৰখা নাই। দেউতাক হিচাপে তাইৰ এই ইচ্ছাকো পূর্ণ কৰাটো মোৰ কৰ্তব্য; কিন্তু মই আগতে জনা নাছিলো তোমালোকৰ ভালপোৱাৰ কথা। যেতিয়া জানিলো বহুত পলম হৈ গ’ল৷ এতিয়া মই নিৰুপায় হৈ পৰিছে। ইতিমধ্যে চাৰিওফালে জনাই দিছো মই। বৰষাই মোৰ পৰা কোনো কথাই গোপন নকৰে— সকলোবোৰ কথাই মোৰ সৈতে আলোচনা কৰে। গতিকে তাইক এই বিষয়ে একো নুসুধাকৈয়ে সকলোবোৰ ঠিক কৰিলো। তুমিয়ে কোৱা এনে এক সন্ধিক্ষণত মই কি কৰিব পাৰো? মই কোনো পথেই দেখা নাই। এফালে তোমালোকৰ জীৱন, আনফালে মোৰ মান-সন্মান, মোৰ প্ৰতি থকা বন্ধু এজনৰ বিশ্বাস। কোনোটোকে মই উপেক্ষা কৰিব পৰা নাই। তোমালোকৰ ইচ্ছাক সন্মান জনাই যেনিবা তোমালোকৰ বিয়াখন পাতি দিলোৱেই, কিন্তু মই যে চিৰ জীৱন কাৰোবাৰ দৃষ্টিত হেয় হৈ, বিশ্বাসঘাতক হৈ জীয়াই থাকিব লাগিব। তুমি জানো কামনা কৰা কাৰোবাৰ দৃষ্টিত হেয় হৈ, বিশ্বাসঘাতক হৈজীয়াই থকাটো? নিশ্চয় নকৰা। সেয়ে তোমালেকৰ পৰা মোৰ মান-সন্মান, সেই বিশ্বাসকণ ভিক্ষা মাগিছোঁ। আমি তোমালোকৰ অভিভাৱক। অভিভাৱক হিচাপে তোমালোকৰ পৰা সেই ত্যাগকণ বিচাৰিছে। আমাৰ বাবে তোমালোকে সেই ত্যাগকণ কৰিব নোৱাৰিবা নে?

শেষৰ ফালে তেখেতে অসহায়ভাৱে মোৰ দুহাত ধৰি থুকাথুকি মাতেৰে কোৱা কথাখিনিয়ে জোকৰি গৈছিল মোৰ সমগ্র সত্তা। উত্তৰ দিব পৰা নাছিলো মই। নির্বাক-নিশ্চল হৈ স্থানুৰ দৰে থিয় হৈ আছিলো মাথোঁ৷ জীৱন যুদ্ধত হাৰি যোৱা পৰাজিত নায়কৰ দৰে অনুভৱ হৈছিল মোৰ নিজকে, অথচ মানুহজনৰ উদাৰ মানবতাবোধৰ ওচৰত তুচ্ছ যেন অনুভৱ হ’ল আমাৰ ভালপোৱা। ভাবিও কোনো উৱাদিহ পোৱা নাই— কি কৰিম! এফালে মোৰ ভালপোৱা, আনফালে দেৱতা যেন মানুহ এজনৰ কাতৰ অনুৰোধ। কোনটোক বাৰু উপেক্ষা কৰিম! মোৰ ওচৰত যে দুয়োটাৰ মূল্য সমান যেন অনুভৱ হৈছে।

: তুমি কাইলৈ মোক তোমাৰ সিদ্ধান্তৰ বিষয়ে জনাবা। তোমালোকৰ যিকোনো সিদ্ধান্ত মানি ল’বলৈ প্রস্তুত আছো মই। —মোৰ পৰা কোনো উত্তৰ নাপাই তেখেতে পুনৰ কৈছিল।

: ঠিক আছে। —শব্দ দুটা কোনোমতে উচ্চাৰণ কৰি তাৰ পৰা অতিৰি আহিছিলো এটি ভাৰাক্ৰান্ত মন লৈ।

দীর্ঘশ্বাস এটি ওলাই আহিল মোৰ বুকু ভেদি। অথনিৰ পৰা এনেকৈ বহি থকাত ভৰি দুখন সামান্য জিনজিনাইছে— থিয় হৈ ৰ’লো কিছু সময়। এছাটি চেঁচা বতাহে কোবাই থৈ গ’ল মোৰ গালে-মুখে। ছিগাৰেট এডাল টানিব পৰা হ’লে! টেবুলৰ ওপৰত ছিগাৰেট এডাল আছে কিন্তু ৰুমলৈ যাবলৈ মন যোৱা নাই। মই সাধাৰণতে ছিগাৰেট নাখাওঁ। কেতিয়াবা অৱশ্যে বন্ধুসংগত পৰি দুই-এডালৰ শ্ৰাদ্ধ নোহোৱা নহয়। কালি বৰষাৰ দেউতাকৰ কথাখিনি শুনাৰ পিছৰে পৰা কেবাটাও ছিগাৰেট শেষ কৰিলো। এলাহক জোকাৰি থৈ ৰূমপ পৰা ছিগাৰেট এডাল জ্বলাই লৈ পুনৰ মূঢ়াটোত বহিলোহি। ছিগাৰেটত টান এটা মাৰি ধোৱাখিনি নাকে-মুখে উলিয়াই দি পুনৰ বৰষাৰ দেউতাকক দিবলগীয়া উত্তৰটোৰ কথাকে ভাবি থাকিলো।

কিমান সময় বহি আছিলো ক’ব নোৱাৰো। ছিগাৰেট পুৰি হাতত উত্তাপ লগাত সন্ধিত ঘূৰি আহিল। লগে লগে মোৰ মনত ভাঁহি আহিল অৰিজিতৰ ছবি। অৰিজিৎ হ’ল বৰষাই এদিন চিনাকি কৰাই দিয়া তাইৰ সম্পৰ্কীয় দাদা। বৰষাৰ দৰা হ’বলগীয়া ল’ৰাজন অৰিজিৎ নহয়তো? সিওতো মেডিকেল চায়েঞ্চ পঢ়ি থকা বুলি কৈছিল তাই। ল’ৰাজন যদি অৰিজিতেই হয় তেন্তে মোৰ কোনো আক্ষেপ নাই বৰষাক তাৰ হাতত তুলি দিবলৈ। প্রথমবাৰ লগ পাওতে অৰিজিতক মই যিমানখিনি বুজি পাইছে— সি পাৰিব বৰষাক সুখী কৰিব। সিদিনা অতি কম সময়তে আমাৰ মাজত গঢ়ি উঠিছিল বন্ধুত্ব। খুবেই স্মার্ট ল’ৰা— স্বীকাৰ কৰিবই লাগিব তাৰ অসাধাৰণ ব্যক্তিত্বক। বিজ্ঞানৰ ছাত্ৰ হৈয়ো আৰ্টছত অসম্ভৱ দখল। সিদিনা প্ৰেমৰ সম্পর্কে সি যিবোৰ মন্তব্য আগবঢ়াইছিল, আজিৰ তথাকথিত আধুনিক সমাজৰ ওচৰত সেইবোৰ নিশ্চিতভাৱে মূল্যহীন। অৰিজিতে কোৱা কথাবোৰ মনত পৰিল। সি কৈছিল– প্রেমৰ সফল পৰিসমাপ্তি বিয়া কেতিয়াও হ’ব নোৱাৰে। প্ৰেম আৰু বিয়া দুটা সুকীয়া বস্তু, বিয়া পার্থিব—সমাজস্বীকৃত দৈহিক মিলনৰ প্ৰস্তুতি মাথোঁ আৰু প্রেম হৈছে স্বগীয় এক আত্মিক অনুভূতি। প্ৰেমৰ সফল পৰিসমাপ্তি মানুহৰ অন্তৰৰ মুক্তিহে। প্রেমে বিয়াৰ পৰ্যায় পালে এদিন সেই ভালপোৱা ঘৃণালৈ পর্যবসিত হ’বই। তাৰ হাজাৰটা উদাহৰণ আমাৰ মাজত আছে। দৰাচলতে ভালপোৱা হ’ল দুজনৰ মাজত থকা বুজাপৰাৰ এক নামান্তৰ, এজনে আনজনৰ ইচ্ছা-অনুভূতিক শ্রদ্ধা কৰা, সুখ কামনা কৰা। ইয়াক আমি বিয়াৰ মাজেৰে কেতিয়াও ধ্বংস হ’ব দিব নালাগে। কিন্তু বৰ্ত্তমান আমাৰ যুৱ সমাজক আধুনিকতাৰ বতাহে এনেদৰে লম্ভিছে যে, ভালপোৱাক চিধাই বিচনালৈ লৈ গৈছে। হৃদয়ৰ পৰিৱৰ্তে সম্পদৰ তুলাচনীৰে জুখিবলৈ লৈছে— কি যুৱক, কি যুৱতী— সকলোৱেই।

অবাক হৈ গৈছিলো মই— কেৰিয়াৰ সৰ্বস্ব আজিৰ যুৱক-যুৱতীসকলৰ মাজতো ‘প্ৰেম স্বৰ্গীয়’ বুলি দ্বিধাহীনভাৱে স্বীকাৰ কৰিব পৰা মানসিকতা আজিও দুই-এজনৰ তেন্তে আছে! বৰষাৰ দেউতাকে কোৱা ল’ৰাজন যদি অৰিজিতেই হয় তেন্তে মোৰ বৰষাক তাৰ হাতত হাঁহিমুখে তুলি দিম। সেয়াইতো প্রকৃত প্রেম— যি প্রেমে প্রেমাষ্পদৰ সুখ-শান্তিৰ কামনাৰে অন্তৰত ত্যাগ কৰাৰ মানসিকতা গঢ়ি তোলে। মই জীয়াই ৰাখিম মোৰ প্রেম চিৰ জীৱনৰ বাবে। বিয়াৰ মাজেৰে ধ্বংস হ’বলৈ দিব নোৱাৰো মোৰ ভালপোৱাক। প্রেমৰ প্ৰকৃত অর্থ বুজি পোৱা, ধুনীয়া এটি মন, আকর্ষণীয় ব্যক্তিত্ব, ঈর্ষণীয় কেৰিয়াৰ, অগাধ ধন-সম্পদৰ গৰাকী অৰিজিতে নিশ্চয় বৰষাক সুখী কৰিব পাৰিব! অৰিজিতৰ তুলনাত কি আছে মোৰ— ধন-সম্পদ, একোৱেইতো নাই! ঐশ্বৰ্য-বৈভৱৰ মাজত ডাঙৰ-দীঘল হোৱা, অভাব কি বস্তু চিনি নেপোৱা বৰষাক কেতিয়াও সুখী কৰিব নোৱাৰো, বৰং তাইৰ জীৱনটোহে ধ্বংস কৰা হ’ব। নিষ্পাপ জীবন এটা ধ্বংস কৰাৰ অধিকাৰ কাৰো নাই। আমাৰ দৰিদ্রতাৰ স’তে তাইক সাঙুৰি তাইৰ জীৱন ধ্বংস কৰাটো মোৰ কাপুৰুষালীহে হ’ব। অৰিজিতে কোৱাৰ দৰে আজিৰ যুগততো প্রেমক ধন-সম্পদৰ তুলাচনীৰেই জোখা হয়। মই জানো, বৰষাক বিয়া কৰালে কিছুদিনৰ বাবে আমাৰ সংসাৰ পৃথিবীৰ সমস্ত সুখেৰে ভৰি পৰিব। মোৰ হৃদয়ৰ সমগ্র মৰমেৰে তাইক আৱৰি ৰাখিৰ পাৰিম সঁচা, কিন্তু মৰমেৰেতো আৰু সংসাৰ এখন নচলে! সংসাৰ চলিবলৈ লাগে টকা আৰু টকা আৰ্জিবলৈ প্রয়োজন এটা কৰ্ম সংস্থাপনৰ। নিবনুৱা সমস্যাৰে জৰ্জৰিত অসমত পাম জানো বৰষাৰ প্রয়োজন পূৰণ কৰিব পৰা জোখাৰে আৰ্জন কৰিব পৰা এটা কর্মসংস্থাপন? কেতিয়াও নাপাওঁ। দৰিদ্রতা ঘৰৰ দুৱাৰমুখত থিয় দিলে ভালপোৱা খিৰিকিৰে পলায় বোলা কথা এষাৰতো আছেই! তেনে ক্ষেত্ৰত তাইক বিয়া কৰোৱাৰ কথা ভবাটো মোৰ মুৰ্খামিৰ বাহিৰে আন একো নহ’ব। আৰু তাইক বিয়া কৰালোৱেই যেনিবা— এদিন মোৰ প্রতি তাইৰ মোহ ভংগ হ’বই— যিদিনা তাই গম পাব মই তাইৰ প্রয়োজন পূৰণ কৰিবলৈ অপাৰগ! সিদিনাই তাইৰ ভালপোৱা ঘৃণালৈ পর্যবসিত হ’ব। তেতিয়া যে জীয়াই থাকিব লাগিব মাথোঁ সপোনৰ ধ্বংসস্তূপৰ মাজত তাইৰ ঘৃণাৰ পাত্ৰ হৈ, তাইৰ দৃষ্টিত হেয় হৈ। কাৰোবাৰ ঘৃণাৰ পাত্ৰ হৈ জীয়াই থকাতকৈ বুকুত বেদনাৰ বোজা লৈ জীয়াই থকাই শ্রেয়।

নাই, মোৰ কোনো দুখ নাই আজি। হাঁহি মুখে তুলি দিম বৰষাক অৰিজিতৰ দৰে সুযোগ্য পুৰুষ এজনৰ হাতত। তাই নিশ্চয় সুখী হ’ব পাৰিব অৰিজিতৰ সৈতে। কিছুদিন হয়তো মোৰ স্মৃতিয়ে তাইক আমনি কৰিব— মোক গালি পাৰিব প্রতাৰক, ঠগ, প্ৰৱঞ্চক বুলি। পাৰক তাই গালি— নীৰবে মূৰ পাতি লম তাই দিয়া প্ৰত্যেকটো বিশেষণ। এদিন লাহে লাহে তাই সকলো পাহৰি যাব— পাহৰাটোৱে নাৰীৰ ধৰ্ম, প্ৰকৃতি। মানুহৰ হৃদয় শূণ্য কেতিয়াও নাথাকে— এজন নহয় এজনৰ দ্বাৰা পূৰ্ণ হৈয়েই থাকে—কি চিনাকী কি অচিনাকী।

স্বস্তিৰ নিশ্বাস এটি ওলাই আহিল। মই আজিয়েই যাম বৰষাহঁতৰ ঘৰলৈ। তাইৰ দেউতাকক উভতাই দি আহিম আমাৰ হাতত বন্ধকীত থকা তেখেতৰ মান-সন্মান আৰু বিশ্বাসকণ!

নিশাৰ এন্ধাৰ ফালি এক নতুন দিনৰ প্রতিশ্রুতিৰে পৃথিবীখন লাহে লাহে পোহৰৰ ফালে অগ্ৰসৰ হৈছো— ঠিক মোৰ বেদনা গধুৰ মনটোৰ দৰে। থিয় হৈ পূৱাকাশৰ পিনে চাই পঠিয়ালো— সেন্দুৰীয়া ৰঙেৰে উদ্ভাসিত হৈ উঠিছে চৌদিশ। লাহে লাহে খোজ ললো শুৱা কোঠাৰ ফালে। এটা সম্পূর্ণ উজাগৰী নিশাৰ পিছত মোৰ বাবে যেন অপেক্ষা কৰি আছে এমুঠি পোহৰ।।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: