জার্মানীত নাছাৰ কৰ্মশালাত জিলিকিল অসমৰ তৰুণ


বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সাজি উলিওৱা অভিনৱ যন্ত্ৰটোৰ বাবেই শৈশৱৰ স্বপ্ন পূৰণ হ’ল ছাত্ৰগৰাকীৰ৷ জন্মৰে পৰা হাত বা আঙুলি নথকা বা দুর্ঘটনাত হাত বিকল হোৱা ব্যক্তিয়ে পঢ়িবলৈ পদচালিত পাত লুটিওৱা যন্ত্ৰ (Foot Operated Manual Page Turning Machine) উদ্ভাৱন কৰি বিজ্ঞানী এ পি জে আব্দুল কালামৰ স্নেহস্পৰ্শৰে উজ্জীৱিত হৈ উঠিল ছাত্রগৰাকী। ২০১৪ চনৰ ১৯ নৱেম্বৰত আহমেদাবাদৰ আই আই এমত তেওঁ ইগনাইট বঁটা গ্রহণ কৰে প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ পৰা। দেশৰ আগশাৰীৰ যুৱ উদ্ভাৱকৰ বাবে আগবঢ়োৱা এই পুৰস্কাৰে তেওঁৰ মনোবল যথেষ্ট বৃদ্ধি কৰে। মানৱ কল্যাণৰ স্বপ্ন বুকুত বান্ধি তেওঁ শেহতীয়াকৈ উজলি উঠিল জার্মানীৰ লীপজিগ চহৰত। আমেৰিকা যুক্তৰাষ্ট্রৰ মর্যাদাসম্পন্ন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় কর্মশালাত অনবদ্য পাৰদৰ্শিতা প্রদর্শন কৰে ছাত্রগৰাকীয়ে। নাম তেওঁৰ স্বপ্ননীল তালুকদাৰ— আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেলিকমিউনিকেচনছৰ ছাত্র। স্বপ্ননীলে ইতিমধ্যে ৰাষ্ট্রপতি ভৱনৰ বিশেষ অতিথিৰ মর্যাদাও লাভ কৰিছে। 5so of SS-S8 (5& Co. Third Batch of Innovation Scholars In-Residence Programme": অংশগ্রহণ কৰে। দেশৰ প্ৰথমগৰাকী নাগৰিক প্ৰণৱ মুখাজীৰ সান্নিধ্য আৰু অনুপ্রেৰণাৰে উদ্দীপ্ত ১৯ বছৰীয়া উদ্ভাৱকগৰাকীয়ে যোৱা মাহত (১১-১৫ জুলাই) টাইৱানৰ ৰাজধানী টাইপেইৰ নেচনেল টাইৱান ইউনিভাছিটীত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় ছাত্র সন্মিলনতো (Global Initiatives Symposium) ভাগ লৈ অভিজ্ঞতাৰ ভঁৰাল চহকী কৰে। উল্লেখ্য যে সেই সন্মিলনতে দক্ষিণ আফ্রিকাৰ নেলছন মেণ্ডেলা আন্তঃৰাষ্ট্রীয় নিধিৰ তৰফৰ পৰা তেওঁক অহা বৰ্ষত দেশখনত আয়োজিত হ’বলগীয়া শীর্ষস্থানীয় অভিৱৰ্তনত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে। জার্মানীৰ লীপজিগ চহৰত নাছাৰ কৰ্মশালাখনৰ মূল বিষয়বস্তু সৌৰজগতৰ গ্ৰহ, গ্রহাণু, চন্দ্ৰ আৰু ধূমকেতু আদিৰ অন্বেষণ আৰু অভিযান তথা চন্দ্র বা মঙল গ্ৰহত চলিব পৰা যান ৰ’ভাৰৰ ডিজাইন আৰু নির্মাণৰ কলাকৌশলৰ প্রশিক্ষণ। তেওঁৰ সৈতে যোৱা ভাৰতীয় দলটোৰ আন সদস্যকেইগৰাকী হ’ল পায়েল নদী, সোমাপ্রিয় সিনহা, মহম্মদ শফিউল বাৰা আৰু নিবেদিতা চন্দ। দলটোৰ উপদেষ্ট নবদীপ সিং, কাৰিকৰী মুৰব্বী, টেক মন্ত্র লেবছ (Tec Mantra Labs)। উল্লেখ্য যে ভাৰত টেক মন্ত্র লেবছ আৰু জার্মানীৰ আন্তঃৰাষ্ট্রীয় মহাকাশ শৈক্ষিক প্রতিষ্ঠানৰ সহযোগত নাছাৰ এই কর্মশালাখন আয়োজিত হয়। স্বপ্ননীলে কর্মশালাৰ অভিজ্ঞতা স্মৰণ কৰি অভিভূত হৈ পৰে। তেওঁ কয় যে নাছাত কাম কৰিবলৈ যি নিষ্ঠা আৰু যোগ্যতাৰ আৱশ্যক, সেই সন্দৰ্ভত প্রশিক্ষার্থীসকলক বৰ সুন্দৰকৈ ব্যাখ্যা কৰা হৈছিল। তদুপৰি সমাজ সেৱাৰ অংশ ৰূপে আন্তঃৰাষ্ট্রীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ ভৱিষ্যদ্রষ্ট জার্মানীৰ জেছক ভন পুটকামাৰৰ স্মৃতিত ভাৰতীয় দলটোৱে অহৰ্নিশে পৰিশ্রম কৰি এখন বিদ্যালয় নির্মাণ কৰি থৈ অহাৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে ছাত্রগৰাকী। চন্দ্র বা মঙলৰ বুকুত অনায়াসে বিচৰণ কৰিব পৰা ৰ’ভাৰ যান নির্মাণৰ প্রশিক্ষণ গ্রহণ কৰা দলকেইটাক কঠোৰ পৰিশ্রম কৰাৰ লগতে নিষ্ঠা, সততা, যোগ্যতা, শুভ ইচ্ছা আদি মানৱীয় গুণসমূহ বিকাশৰ বাবেও অহৰহ প্রয়াস চলাবলৈ উদ্দীপিত কৰা হৈছিল। প্রণিধানযোগ্য যে ২০১৭ চনৰ এপ্রিল মাহত আমেৰিকা যুক্তৰাষ্ট্রৰ আলাবামাত অনুষ্ঠিত হ’বলগীয়া zitzrā fāzri =ffffÈRE (NASA HUMAN EXPLORATION RovER CHALLENGE) zaszerā বাবে নির্বাচিত হৈছে স্বপ্ননীল। তেওঁ অহা ১২-১৪ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ’ব লগা আন্তঃৰাষ্ট্রীয় যুৱ সন্মিলনতো ভাগ ল’ব। তদুপৰি ২০১৭ বৰ্ষৰ জানুৱাৰীত ৰাছিয়াৰ মস্কোত আয়োজিত নাছাৰ শীতকালীন কর্মশালাতো অসমৰ যুৱ উদ্ভাৱকগৰাকীয়ে ভাৰতক প্রতিনিধিত্ব কৰিব। গুৱাহাটীৰ দক্ষিণগাঁও নিৱাসী স্বপ্ননীল দেৱজিৎ আৰু নির্মালি তালুকদাৰৰ পুত্ৰ। তেওঁৰ পিতৃ ভাৰতীয় ষ্টেট বেংকৰ ৰিহাবাৰী শাখাৰ শাখা প্রবন্ধক। স্ব মহর্ষি বিদ্যামন্দিৰৰ অষ্টম শ্রেণীৰ ছাত্রী ভগ্নী অনিন্দিতা আৰু ঘৰখনৰ উৎসাহ-অনুপ্রেৰণাৰ বাবেই এই পর্যায়ত উপনীত হ’ল বুলি প্রকাশ কৰে। বিশেষকৈ পিতৃ দেৱজিৎ তালুকদাৰে অনবৰতে ছাৰ দৰে লাগি থাকি মানসিক শক্তি বৃদ্ধি কৰা বুলি ব্যক্ত কৰি স্বপ্ননীলে কয় যে কেৱল পাঠ্যক্ৰমৰ মাজতে আবদ্ধ নাথাকি নিজৰ দক্ষতাৰে আগবাঢ়ি যোৱাত তেওঁৰ ঘৰখনে যথেষ্ট উৎসাহ প্রদান কৰি আহিছে, যি এগৰাকী উদ্ভাৱক বা বিজ্ঞানীৰ বাবে প্রয়োজনীয়। স্বপ্ননীল মহানগৰীৰ সোণাইঘুলি ডনবস্ক' হাইস্কুলৰ পৰা ষ্টাৰ মার্কসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়। মহর্ষি বিদ্যামন্দিৰ ছিনিয়ৰ ছেকেণ্ডাৰী হাইস্কুল, বৰসজাইৰ পৰা চি বি এছ ইৰ కి జాగా కళ ঙৰ (ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেচন) তৃতীয় ষা |

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: