ৰাতিৰ কবিতা

ৰাতিৰ কবিতা
==========
প্ৰতিদিনেই সন্ধ্যা নামে
খিৰিকীৰ ফাঁকেৰে সোমাই আহে
অস্ত সূৰুযৰ আৱেশ আৰু
ৰাতিক নিজুমতা।
বাঢ়ি যায় অন্ধকাৰ
নামি আহে মাদকতা
আকাশৰ পৰা।
সাৰে থাকে মাথোঁ প্ৰনয়ে
প্ৰণয়ৰ প্ৰতিক্ষাত।
শেষ হয় শেষ প্ৰহৰত কেতিয়াবা
গধুৰ নিঃশ্বাসৰ গোন্ধ
নিঃশংকাত।।
জোন বিমুখী ৰাতি
অশ্ৰুসিক্ত হৈ
শত ভয় শত শংকা
অতিক্ৰম কৰি গুচি যায়
নিৰ্বাক ক্ষনত নিস্তব্ধ হৈ।
শব্দহীন, ভাষাহীন
আলিংগনেৰে বুজাই যায়
ৰাতিৰ কবিতাই
এই দূৰত্ব থাকিবই লাগিব
বাস্তবতাৰ লগত।।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: