শিক্ষকেই জাতিৰ মেৰুদণ্ড নিৰ্মাতা

মোজাম্মেল হক
“শিক্ষা জাতিৰ মেৰুদণ্ড”— কথাষাৰ অমোঘ আৰু চিৰসত্য। এই শিক্ষাদান কৰে শিক্ষকেই। এতেকে ইয়াৰ দ্বাৰা স্পষ্টভাৱে বুজিবলৈ অসুবিধা নহয় আৰু নিঃসন্দেহে ক’ব পৰা যায়, শিক্ষকেই জাতিৰ এই মেৰুদণ্ডৰ নিৰ্মাতা। “বিদ্যালয়" শব্দটো শব্দার্থিকভাৱে অনুষ্ঠানিকতা পোৱাৰ বহু পূৰ্বৰে পৰা শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়া ভিন্ন-ভিন্ন ব্যৱস্থাত বিভিন্ন প্ৰকাৰে চলি আছিল। ইতিহাস ফঁহিয়াই চালে শ্ৰীমন্ত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰা মহেন্দ্ৰ কন্দলীৰ টোলৰ কথা জলজলকৈ ভাহি উঠে। “শিক্ষক”— এই তিনিটা আখৰৰ বিষয়ে কিছু বিশ্লেষণ কৰিবলৈ গ’লেও এই প্রবন্ধৰ পৰিসৰ অত্যধিক বৃদ্ধি হোৱাৰ ভয়ত কেৱল প্রবন্ধটিৰ শিৰোনামৰ ভেটি পর্যালোচনা কৰিবলৈ আগবাঢ়িছো। মুঠতে ক’বলৈ গ’লে, শিক্ষক— এই তিনিটা আখৰৰ সমষ্টিৰ অৱদান ব্যতীত “মানুহ” এই তিনিটা আখৰৰ সমষ্টিৰ শূন্দার্থিক ভারে মূল্যায়ন অ-সাৰ্থক।

জীৱ বোলোতে পৰিৱেশ-পৰিস্থিতিৰ দাস। সদ্যজাত শিশুটো মাতৃ-গৰ্ভৰ উষ্ণতা পৃথিৱীত নোপোৱা হেতুকে বহু শিশু মৃত্যুক আকোৱালী লোৱা কথাটো কোনেও নুই কৰিব নোৱাৰে। সেয়ে শিশু বিশেষজ্ঞসকলে নৱজাতকক মাকৰ বুকুৰ উমত ৰাখিবলৈ পৰামর্শ দি থকা দেখা যায়। শিক্ষকে ছাত্ৰৰ পৰিৱেশ সম্পর্কতো চিন্তা ভাৱনা নকৰা নহয়। শিক্ষকৰ পৰামর্শ সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত অমৃত স্বৰূপ। শিক্ষক বোলোতে কোনো শিক্ষকে মানুহে মানুহক মাৰিব লাগে, বা মাৰিব পাৰে কাহানিও কব নোৱাৰে। কোনো শিক্ষকে মানৱীয়তাৰ হানিকাৰক মন্তব্য কৰা কোনো নজিৰ ইতিহাসত দেখা নাযায় ।

বৰ্ত্তমান আমাৰ দেশত বিশেষকৈ অসমড় মানুহে মানুহক মাৰা মানৱীয়তাৰ পৰিপস্থিা অমানৱীয়তাৰ পৰিচাষক ভ্ৰাতৃঘাতি যুদ্ধ অব্যাহত আছে। এই সমূহে মহামানৱ মহাত্মা গান্ধীৰ শিক্ষাগুৰু মাননীয় পৰমা হংস যোগানন্দদেৱ, শংকৰদেৱৰ শিক্ষক মহেন্দ্ৰ কন্দলী, বিশ্ব কবি ৰবিন্দ্ৰ নাথ ঠাকুৰৰ শিক্ষক, ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ শিক্ষক আদি বিশ্ববৰেণ্য মহা মহা পণ্ডিত সকলৰ শিক্ষাগুৰু সকলৰ আজীৱনৰ কক্টোপার্জিত সন্মান আজিৰ পৰিৱেশত পৰিপূৰ্ণভাৱে নিম্নমুখি। এই পৰিস্থিতিত বর্তমানৰ শিক্ষকসকলৰ ভূমিকা নিশ্চয়কৈ অপৰিহার্য। পূৰ্ব্বতে শিক্ষকৰ সংখ্যা আছিল অতি নগন্য। বৰ্ত্তমান কিন্তু দেশত শিক্ষকৰ অভাৱ নাই। সৌ সিদিনাখন আমাৰ অসমৰ মাথোঁ বেচৰকাৰী বিদ্যালয়সমূহৰ শিক্ষকসকলে নিজৰ পৰিশ্ৰমিকৰ দাবী সাব্যস্তু কৰিবলৈ আমাৰ ৰাজ্যৰ মন্ত্রীসকলৰ সিংহদ্বাৰত অর্থাৎ দিছপুৰ লাষ্টগেটত পুলিচৰ অমানৱীয় লাঠিৰ প্ৰহাৰত মূৰ্ছা খাই পৰি থকা দৃশ্য টিভি পৰ্দাত প্ৰত্যক্ষ কৰি উপলব্ধি হৈছিল আমাৰ ৰাজ্যত শিক্ষকৰ সংখ্যা এতিয়া আৰু নগন্য হৈ থকা নাই। শিক্ষক এভান অসন্ত মমবাতি ; এন্ধাৰৰ মাজত পোহৰ বিতৰণ কৰি নিজে শেষ হৈ যায় । সাম্প্রতিক পৰিস্থিতিত মানৱীয়তাৰ মানদণ্ড অধোঃগতি যিমানখিনিলৈ নামিছে যথেষ্ট হৈছে আৰু নেলাগে ৷ এতিয়াও যথেষ্ট সময় আছে, ইচ্ছা কৰিলে শিক্ষক সকলেই পাৰিব জাতিৰ মেৰুদণ্ডডাল মজবুত কবি বিশ্ব দৰবাৰত পোন হৈ থিয় দিবলৈ নতুবা মেৰুদণ্ডহীন দেশ পৰকৰতলগত হােৱা ঘটনা অস্বাভাবিক ঘটনা নহয় আৰু স্বাভাবিকতেই আমি পৰাধীনতাৰ শিকলি সিমষ্টি, অজীৱন দাসত্বৰ মালাধাৰী গলত মেৰিয়াই লোৱা হব, আৰু দেশত অভিধানিক অর্থাত, শিক্ষক শব্দটিৰ বিলুগু সাধন হ’বলৈ ধৰিছে ৷৷ সেয়ে সম্প্রতিক পৰিস্থিতিত আমাৰ দেশত শিক্ষক সলকৰ যথেষ্ট ভূমিকা আছে কথাষাৰি আকৌ ঔনুকিয়াইছে। । এই খিনিতে এটি বিষয় উল্লেখ নকৰিলে সম্বস্তুতঃ প্ৰবন্ধখিনিৰ পূণাংগ প্রাপ্তিত কিছু আমোদ্ৰাহ লৈ যাব । সেয়া হল “একলব্যই নিজৰ আঙুলি কাটি গুৰু দক্ষিনা দিছিল৷” ছাত্র-ছাত্রী বোলোতে এনেকুৱা কোনাে ছাত্র-ছাত্রী নাই ॥ উক্ত কথাফাঁকি জনা নাই । “একলব্যই ছাত্ৰ আছিল|” এই কথাফাকি সকলো ছাত্র-ছাত্রীয়ে মনত ৰাখি নিজকে তাৰ লগত ৰিজাই চলা উচিত হব । সমাজ গঠনৰ ক্ষেত্ৰত একলব্যৰ দৰে ছাত্র গঢ়াৰ প্ৰতিযোগিতাত প্রতি শিক্ষকে গুৰুত্ব সহকাৰে অংশ গ্রহন আৰু সফল ৰূপায়ন বর্তমানৰ পৰিৱেশত অত্যন্ত জৰুৰী বুলি মনে প্ৰাণে গন্য কৰা উচি৩ ।

লেখকৰ ঠিকনা : 
বিলাসীপাৰা পাথাৰ 
বৰপেটা (অসম) 
ভ্ৰাম্যভাষ : ৭৩৯৯২০১১০

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: