ইয়াৰ ফ’নেই হ’ল কাল : উত্তৰ প্ৰদেশত ৰে’লে মহতিয়াই নিলে স্কুল ভেন, ১৩টা শিশু নিহত

গােৰখপুৰ : উত্তৰ প্রদেশৰ গােৰখপুৰৰ পৰা প্রায় ৫০ কিল'মিটাৰ নিলগৰ কুশীনগৰত বৃহস্পতি বাৰে এখন স্কুল ভেন ৰেলে মহতিয়াই নিয়াৰ ফলত ৭-১১ বছৰ বয়সৰ ১৩টি শিশু নিহত আৰু আন ৮টি শিশু আহত পৰা হয়। ৰাজ্যখনৰ প্রধান সচিব অৱনিশ অৱস্থিয়ে এই কথা জনাইছে। চৰকাৰী বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, বেহপুৰত থকা এটা মানৱবিহীন ৰেলৱে ক্ৰছিঙত থাৱে-কপটগঞ্জ যাত্রীবাহী ৰেলখনে ডিভাইন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল উঠি যােৱা ভেনখন মহতিয়াই নিয়ে। সেই সময়ত ৰেলখন গােৰখপুৰৰ পৰা ছিৱানলৈ গৈ আছিল। ৰে'লৰ খুন্দাত কমেও ২৫জন যাত্রী থকা ভেনখন চুচুর্মৈ হয়। চৰকাৰৰ এজন মুখপাত্রই জনােৱা মতে, ৰখীয়াবিহীন ৰে’ল ক্রছিংটোত থকা গেট মিত্রই (ৰে’ল স্বেচ্ছাসেৱক) ভেনখন ৰখাবলৈ চেষ্টা কৰিছিল। যদিও দুর্ঘটনাবশতঃ ঘটনাটো ঘটে। 
ইফালে এই ঘটনাৰ বাবে ভেনখনৰ চালকজনৰ দায়িত্বজ্ঞানহীনতাই দায়ী বুলি কোৱা হৈছে। অভিযােগ অনুসৰি, তেওঁ সেই সময়ত কাণত ম'বাইলৰ ইয়াৰ ফ'ন লগাই থৈছিল আৰু সেয়েহে ৰেলখন অহাৰ শব্দ তেওঁ শুনা নাছিল। আনকি গাড়ীখনত থকা শিশুকেইটিয়ে ৰেলখন দেখি চিঞৰিছিল যদিও চালকজনে তালৈ কাণসাৰ দিয়া নাছিল। ৰেলৱে বিষয়াসকলেও প্রকাশ কৰিছে যে ভেনখনৰ চালকজনৰ কাণত এয়াৰ ফ'ন লাগি আছিল। 
ইফালে দুর্ঘটনাটোৰ পাছতে ঘটনাস্থলীত উপস্থিত হােৱা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথ তাত উপস্থিত থকা লােকসকলৰ ক্ষোভৰ সন্মুখীন হয়। মুখ্যমন্ত্রীজনে এই ঘটনাত শােক প্রকাশ নিহত শিশুৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘােষণা কৰে। তেওঁ এই ঘটনাৰ বাবে এক তদন্তকাৰী গােটো গঠন কৰে। আদিত্যনাথ তাত উপস্থিত হােৱাৰ পাছতে দুর্ঘটনাস্থলীৰ পৰিস্থিতি প্রায় নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়। বিষয়াসকলে নিয়ন্ত্রণ কৰিব নােৱৰা দেখি মুখ্যমন্ত্রী আদিত্যনাথে গাড়ীৰ ওপৰত উঠি জনসাধাৰণক শান্ত হ’বলৈ আহ্বান জনায়। তেওঁ ক্ষুব্ধ হৈ সময় নষ্ট কৰাতকৈ সংযমেৰে সমস্যা সমাধান কৰাৰ আহ্বান জনায়। কিন্তু একাংশ জনতাই তেওঁৰ কথালৈ কর্ণপাত নকৰি ৰেলৱে আৰু স্থানীয় প্রশাসনৰ বিৰুদ্ধে শ্ল'গান দি থাকে। তেতিয়া আদিত্যনাথে কয়, শ্ল'গান দিয়াটো বন্ধ কৰক, নাটক বন্ধ কৰক। মই সমবেদনা জনাবলৈ ইয়ালৈ আহিছো। ইফালে ৰাষ্ট্রপতি ৰামনাথ কবিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়েও এই ঘটনাত শােক প্রকাশ কৰিছে।


SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: