হাউলীত অপহৰণ কাণ্ডৰ লগত জড়িতৰ অভিযোগত এগৰাকী মহিলা আটক

বৰপেটা : বৰপেটা জিলাৰ হাউলী নগৰত থকা এখন চাহৰ দোকানৰ ভিতৰৰ পৰা এগৰাকী মহিলাক অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত বৰপেটাৰোড আৰু হাউলী মহিলা সমিতিৰ যৌথ অভিযানত ববিতা খাতুন (সাহা) নামৰ ২৭ বছৰীয়া মহিলা এগৰাকীক আটক কৰি হাউলী আৰক্ষী থানাত চমজাই দিয়ে।জানিব পৰামতে যোৱা ৪ মে' তাৰিখে মৈৰামাৰা গাঁৱৰ জাকিৰ আলীৰ পত্নী মৰিয়ম বেগমক ববিতা খাতুনৰ নেতৃত্বত চলা এটি দুষ্ট চক্ৰই অপহৰণ কৰি অজ্ঞাত স্থানত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলা সমিতিয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটকাধীন মহিলাগৰাকীৰ পৰা অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: