বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱক

তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পোকালাগি গাঁৱৰ এজন যুৱক বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত গছৰ ওপৰৰ পৰা পৰি মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ বিৰাজ কৰিছে।
জানিব পৰা মতে, পোকালাগি গাঁৱৰ হুৰমুজ আলিৰ পুত্ৰ হাবিজুল হকে (৩৬) উত্তৰপ্ৰদেশৰ গোৰখপুৰৰ কুসিনগৰ অঞ্চলত বিগত কেইবাবছৰ ধৰি টাটা পাৱাৰ লিংক কোম্পানীত কাৰিকৰী বিভাগত কাম কৰি আছিল। যোৱা ৫ মে’ত নিজ দায়িত্ব পালন কৰিবলৈ গৈ হাবিজুলে গছৰ ডাল কাটতে ওপৰৰ পৰা পৰি অচেতন হৈ পৰে। অচেতন অৱস্থাতে প্ৰথমতে তেওঁক কুসিনগৰ চিকিৎসালয় তাৰ পাছত গোৰখপুৰ চিকিৎসালয় লৈ নিয়ে যদিও চিকিৎস্যকে তেওঁক মৃত্যু বুলি ঘোষণা কৰে।
বিগত কুৰি বছৰ ধৰি উত্তৰপ্ৰদেশৰ বিভিন্ন স্থানত টাটা পাৱাৰ লিংকৰ কাৰিকৰী বিভাগৰ দায়িত্বত নিষ্টাৰে কাম কৰা হাবিজুলে নিজৰ দায়ীত্ব পালন কৰিবলৈ গৈ এনে ধৰনৰ দুৰ্ঘটনা হোৱাত মৰ্মাহত হৈছে সতীৰ্থ কৰ্মচাৰীসকল। শনিবাৰে মৃত্যু হোৱা হাবিজুলৰ নশ্বৰ দেহ গোৰখপুৰতে মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমৰ নিজ গৃহ তামাৰহাটৰ পোকালাগী গাঁৱলৈ বুলি ৰাওনা হয়।
ইফালে হাবিজুলৰ মৃত্যুৰ বাতৰিয়ে তেওঁৰ ঘৰখনৰ লগতে পোকালাগী অঞ্চলত এক শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে ঘৰখনত ভৰিপৰে আত্মীয় শুভাকাংখীয়ে। কান্দোনত ভাগি পৰে পৰিয়ালৰ লগতে আপোনজন। দুদিন পাছত অৰ্থাৎ সোমবাৰে দুপৰীয়া ডেৰ বজাত এটা কফিনৰ ভিতৰত হাবিজুলৰ মৃতদেহ পোকালাগী গাঁৱত অহাৰ লগে লগে সৃষ্টি হয় আন এক পৰিবেশ। মানুহৰ সোঁত ব’বলৈ ধৰে হাবিজুলৰ মৃতদেহ চোৱাৰ বাবে৷ কান্দোনত ভাঙি পৰে আপোনজন।
অৱশেষত কফিনৰ পৰা তেওঁৰ নশ্বৰ দেহ উলিয়াই ধৰ্মীয় ৰীতি-নীতিৰে প্ৰায় সহস্ৰাধিক লোকৰ উপস্হিতিত জানাজা সম্পন্ন কৰি তেওঁৰ অন্তিম সৎকাৰ কৰা হয়। মৃত্যুৰ সময়ত হাবিজুলে তেওঁৰ পত্নীৰ সৈতে এটি পাঁচ বছৰীয়া সন্তানক এৰি যায়। উল্লেখ্য যে পত্নী জীৱিকা আৰু সন্তানৰ পঢ়া শুনাৰ উদ্দেশ্যে আত্মীয়ই কোম্পানী তথা চৰকাৰৰ ওপৰত আৰ্থিক সাহায্যৰ দাবী জনীয়ে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: