পৰকীয়া প্ৰেমত পৰি বোৱাৰীৰ আত্মহত্যা : ছুইচাইড নোট উদ্ধাৰ


তিতাবৰ : তিতাবৰত আজি এগৰাকী মহিলাই স্বামী গৃহত চিপলৈ আত্মহত্যা কৰা ঘটনা সংঘটিত হৈছে।ঘটনাটো তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিজয় নগৰৰ।ৰাতুল গগৈ নামৰ এগৰাকী ব্যক্তিৰ পত্নী তথা এটি ছয়বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ পলি গগৈয়ে পুৱাৰ ভাগতে নিজৰ শুৱনি কোঠাৰ চিলিঙত এখন শাৰীৰে ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰে। মৃতদেহৰ কাষত এখন বগা কাগজত লিখা এটি ছুইচাইড নোটো উদ্ধাৰ হৈছে। মোৰ মৰমৰ মা ,বাবা মই আৰু জীয়াই থাকিব নোৱাৰো৷ থাকিব মন নাই আৰু মই কাৰো দাবীত মৰিব নাই যোৱা দেই মই নিজৰ ইচ্ছা মতে মৰিছো।মই মৰা বাবে দোষ কাকো নিদিবা দেই।ৰাতুল মোক মাফ কৰি দিবা।মই তোমাৰ ঘৰখন ভাঙিলো, মই ঘৰখন ভাল কৰিব নোৱাৰিলো।ল'ৰাটোক ভাল কৰিব নোৱাৰিলো।তুমিয়েই ভাল কৰিবা দেই আৰু ল'ৰাটোক ভালকে পঢ়াবা মাৰপিট নকৰিবা।মই মৰাৰ কাৰণে কাকো পুলিচক নিদিবা। ইত্যাদি কথা সন্নিবিষ্ট মুঠ ২৭ টা লাইনৰ বাক্যৰ প্ৰায় ১৯০ টা শব্দ থকা ছুইচাইড নোটকলৈ এতিয়া সৃষ্টি হৈছে এক গভীৰ ৰহস্য।
উল্লেখ্য যে আত্মহত্যা কৰা পলি গগৈয়ে অলপতে ফেচবুকত চিনাকি হোৱা নলবাৰীৰ টিহুৰ (প্ৰাঞ্জল কলিতা) এজন যুৱকৰ সৈতে প্ৰেমত পৰি কিছুদিন পূৰ্বে পলাই গৈছিল।কিন্তু স্বামী গৃহই আৰক্ষীৰ সহায়ত পলি গগৈক বিগত প্ৰায় এটা পষেক পূৰ্বে পুনৰ স্বামী গৃহলৈ উভতাই আনিবলৈ সক্ষম হৈছিল।কিন্তু আজি হঠাতে এটা সন্তানৰ মাতৃ গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়।ইপিনে ছুইচাইড নোটত ফেচবুকত পৰকীয়া প্ৰেমৰ বলি হোৱা নলবাৰী জিলাৰ টিহুৰ কলিতা উপাধিৰ যুৱকজনক বহুত ভালপোৱা বুলি উল্লেখ কৰি "" Pranjol I Love You"" বুলিও লিখি থৈ যায়।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: