দৰমহাৰ মুখ নেদেখাকৈ ৰাজ্যত পুনৰ শিক্ষকৰ মৃত্যু

চৰকাৰৰ বিৰুদ্ধে সৰব সদৌ অসম যােগ্য আৰু বাছনিকৃত শিক্ষক-অনাশিক্ষক সংস্থাৰ 

বৰপেটা : ‘পৰিৱৰ্তনৰ প্রতিশ্রুতিৰে ৰাজ্যৰ শাসনভাৰ লােৱা সৰ্বানন্দ সােণােৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দুবছৰ অতিক্ৰম কৰিলে যদিও পূর্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত চূড়ান্ত প্ৰতাৰণাৰ সন্মুখীন হৈ থকা অপ্রদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষককর্মচাৰীৰ জীৱনলৈ কোনাে পৰিৱৰ্তন নাহিল।
পূর্বৰ চৰকাৰৰ দিনত আর্থিক দীনতাত ভূগি উন্নত চিকিৎসাৰ অভাৱত ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কর্মচাৰীয়ে মৃত্যুক আকোৱালি লােৱাৰ নিচিনা দুখজনক ঘটনা এতিয়াও অব্যাহত আছে। বিগত বিধান সভাৰ নিৰ্বাচনৰ প্ৰতিখন নির্বাচনী সভাত বিজেপি দলে প্রতিশ্রুতি দিছিল বিজেপি দলে শাসনলৈ আহিলে ৪৫ দিনৰ ভিতৰত প্ৰাদেশীকৰণৰ সমস্যা সমাধান কৰিব।
বিজেপি দলৰ এনে মিছা প্রতিশ্রুতিৰ কুফল ভূগিছে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰা শিক্ষক-কর্মচাৰীসকলে। বিগত দুটা বছৰত ৰাজ্য চৰকাৰখনে এখনাে অপ্রদেশীকৃত শিক্ষানুষ্ঠান প্রদেশীকৰণ কৰিবলৈ সক্ষম নহ’ল। চৰকাৰখনৰ এনে কামকাজৰ বাবে আজি অপ্রদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক এগৰাকীয়ে উন্নত চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি ল’বলৈ বাধ্য হয়।
২১ বছৰে অপ্রদেশীকৃত শিক্ষানুষ্ঠানত শিক্ষকতা কৰি দৰমহাৰ মুখ নেদেখাকৈ মৃত্যুক আকোৱালি লােৱা শিক্ষক গৰাকী বাক্সা জিলাৰ গােৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দেউলকুছি আদর্শ এম ই স্কুলৰ সহকাৰী শিক্ষক মােহন চন্দ্র দাস (৫০)। বিগত কিছুদিন ধৰি হৃদৰােগত আক্রান্ত শিক্ষক গৰাকীয়ে অর্থৰ অভাৱত উন্নত চিকিৎসা গ্রহণ কৰিব পৰা নাছিল। দেওবাৰে দিনৰ ভাগত শিক্ষকগৰাকীৰ শাৰীৰিক অৱস্থা অধিক শােচনীয় হৈ পৰাত ওচৰ-চুবুৰীয়াই শিক্ষক গৰাকীক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় যদিও আজি পুৱা প্রায় পাঁচ বজাত শিক্ষকগৰাকীৰ মৃত্যু হয়।
শিক্ষক গৰাকীৰ মৃত্যুত শােক প্রকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে সদৌ অসম যােগ্য আৰু বাছনিকৃত শিক্ষক-অনাশিক্ষক সংস্থা” নামৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ সংগঠনটোৱে। সংগঠনটোৰ সভাপতি আব্দুল হামিদ শিকদাৰ, উপ-সভাপতি ধৰ্মেশ্বৰ বড়াে সম্পাদক সফিকুল ইছলাম ভুট্ট আৰু প্ৰচাৰ সম্পাদক পুলেন্দ্র দাসে এক বিবৃতিত কয় যে, বর্তমানৰ চৰকাৰখনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কর্মচাৰীক সকাহ দিয়াৰ পৰিৱর্তে মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দিছে। চৰকাৰখনৰ এনে কাম-কাজৰ বাবে বিগত দুটা বৰ্ষত কেবাগৰাকী শিক্ষক-কর্মচাৰীয়ে দৰমহাৰ মুখ নেদেখাকৈ অৱসৰ গ্রহণ কৰাৰ লগতে মৃত্যুক আকোৱালি ল'বলৈ বাধ্য হৈছে।
বিবৃতিটোত সংগঠনটোৱে উল্লেখ কৰে যে, অইন দেশৰ লােকক সংস্থাপনৰ বাবে তৎপৰ হােৱা চৰকাৰখনে দেশৰ প্রকৃত লােকক সংস্থাপন কৰাৰ কথা পাহৰি গৈছে। নিজ ৰাজ্যত কর্মৰ নিশ্চয়তা নথকা শিক্ষক-কর্মচাৰীসকলৰ কৰ্মৰ নিশ্চয়তা প্রদান কৰিবলৈ চৰকাৰখনে যি ধৰণে কাম-কাজ কৰিব লাগিছিল তাকে নকৰি চৰকাৰখনে দুৰ্ভগীয়া শিক্ষক কর্মচাৰীসকলৰ পদসমূহ বিলুপ্তি কৰাৰ বাবে উঠি-পৰি লগা বুলিও বিবৃতিটোত জনায়। নির্বাচনৰ প্রতিশ্রুতি পালন কৰাৰ পৰিৱর্তে চৰকাৰখনৰ ভেন্সাৰ শিক্ষানুষ্ঠান বিৰােধী কাম-কাজৰ বাবেই ৰাজ্যত দৰমহাৰ মুখ নেদেখাকৈ শিক্ষকৰ মৃত্যুৰ ঘটনা অব্যাহত থকা বুলি উল্লেখ কৰে। দুৰ্ভগীয়া মােহন চন্দ্র দাসৰ পৰিয়ালবৰ্গলৈ উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় সংগঠনটোৱে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: