মুখ্যমন্ত্রী সৰ্বানন্দৰ বিৰুদ্ধে দলৰ ভিতৰতে চলিছে ষড়যন্ত্র

গুৱাহাটী : নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো অধ্যয়ন নকৰাকৈ একাংশ দল-সংগঠনে প্রতিবাদ কৰি আছে৷ মুখ্যমন্ত্রীৰ বিৰুদ্ধে এয়া বিশেষকৈ উজনি অসমত ষড়যন্ত্র ৰচনা কৰা হৈছে৷ এই ক্ষেত্রত আমাৰ দলৰ লোকো ষড়যন্ত্রত লিপ্ত হ’ব পাৰে৷ মুখ্যমন্ত্রীৰ ইমেজ বেয়া কৰিবলৈ এই ষড়যন্ত্র কৰা হৈছে৷’ এই বিস্ফোৰক মন্তব্য লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱাৰ৷ আজি তিনিচুকীয়াৰ গোবিন্দপুৰত সোণোৱাল কছাৰীসকলৰ ‘ৰংখলা’ অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিতে বিধায়কজনে কৰা এই মন্তব্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবৰ বাবে কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে চেষ্টা চলাইছে৷
এই কার্যৰ বিৰুদ্ধে সমগ্র ব্রহ্মপুত্র উপত্যকাত ব্যাপক গণ আন্দোলনে আকাশ-বতাহ কঁপাই তুলিছে৷ সেই সময়তে প্রাক্তন ছাত্র নেতা তথা এতিয়া গেৰুৱা বসন পিন্ধা বিধায়ক ঋতুপর্ণ বৰুৱাই অসমীয়া জাতিসত্তা ৰক্ষাৰ বাবে গাঁৱে-ভূঞে, চহৰে-নগৰে হোৱা প্রতিবাদক, অসমীয়াৰ স্বাভিমানক নস্যাৎ কৰি অতি টুলুঙা মন্তব্য কৰিছে৷ বিধায়কজনৰ এই মন্তব্যই সমগ্র তিনিচুকীয়াত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷স্বয়ং মুখ্যমন্ত্রীৰ উপস্থিতিত বিধায়ক বৰুৱাই মুখ্যমন্ত্রীৰ বিৰুদ্ধে এয়া নিজৰ দলৰ কোনোৱে ষড়যন্ত্র কৰাৰ সন্দেহো ব্যক্ত কৰে৷ বিধায়কজনে লগতে নাম নোলোৱাকৈ অখিল গগৈক কটাক্ষ কৰে যে কাজিৰঙাত এজন কৃষক নেতাই উচেছদ অভিযানৰ বিৰোধিতা কৰি বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছিল৷ এতিয়া সেইজন কৃষক নেতাই বিধেয়কখনৰ বিৰোধিতাত প্রতিবাদত নামিছে৷ সোণোৱাল কছাৰী ছাত্র সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ গোবিন্দপুৰ, ওকনিমূৰীয়া আৰু গুঁইজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত ৰংখলা অনুষ্ঠানত মুখ্যমন্ত্রী উপস্থিত হৈ সোণোৱাল কছাৰীসকলৰ স্বকীয় কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে আহ্বান জনায়৷
লগতে বৃহত্তৰ অসমীয়া জাতিৰ উন্নতিৰ বাবে সোণোৱাল কছাৰীৰ লগতে সকলো জাতি জনগোষ্ঠীক ঐক্যভাৱে আগুৱাই যাবলৈ আহ্বান জনায়৷ এই ৰংখলা অনুষ্ঠানত মুখ্যমন্ত্রীজনে সোণোৱাল কছাৰীৰ বহুৱা নৃত্য, হুগ্রা নৃত্য, লেচেৰী নৃত্য, আদি উপভোগ কৰে৷ এই অনুষ্ঠানত সোণোৱাল কছাৰী সকলৰ সকলো নৃত্য-গীত-মাত আদি প্রদর্শন কৰা হয়৷ অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলীৰ উপৰি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্ত শাসন পৰিষদৰ মুখ্য কার্যবাহী সদস্য দিপুৰঞ্জন মাক্রাৰী উপস্থিত থাকে৷আনহাতে, চাবুৱাৰ এখন বিহু মঞ্চত মুখ্যমন্ত্রীৰ গৃহ সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে বিধায়কৰ পদেই ত্যাগ কৰিব বুলি ঘোষণা কৰে৷ বিজেপিৰ বিধায়কজনৰ এই মন্তব্যত ব্যাপক চর্চা লাভ কৰিছে৷ আজি তিনিচুকীয়াত বিধায়কজনক এই বিষয়ে প্রশ্ন কৰাত তেওঁ অৱশ্যে বিধেয়কখনৰ বিৰুদ্ধে স্পষ্টকৈ বিৰোধিতা নকৰিলেও তেওঁ যে এয়া বিচৰা নাই সেয়া জানিবলৈ দিয়ে৷তেওঁ বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ বিৰুদ্ধে গৈ কেতিয়াও কাম নকৰে বুলি উল্লেখ কৰে৷ আনহাতে, তিনিচুকীয়ালৈ অহা মন্ত্রী নৱ কুমাৰ দলে আৰু তপন কুমাৰ গগৈক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত প্রশ্ন কৰা হৈছিল যদিও স্পষ্টকৈ একো নকৈ গাড়ীলৈহে চোঁচা লয়৷ বিষয়টোৰ ক্ষেত্রত মুখ্যমন্ত্রী সোণোৱালেও নীৰৱতা অৱলম্বন কৰে৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: