কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বর্ষপূর্তি : বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় অসম ৰাজ্যিক বিজেপিৰ

গুৱাহাটী : কেন্দ্রীয় চৰকাৰৰ চতুর্থ বর্ষপূর্তি তথা ৰাজ্য চৰকাৰৰ দ্বিতীয় বর্ষপূর্তি উপলক্ষে সোমবাৰে ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত আৰু অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণাৱালৰ উপস্থিতিত গুৱাহাটী, দিছপুৰস্থিত গড়কাপ্তানি প্রশিক্ষণ কেন্দ্ৰৰ প্রেক্ষাগৃহত অসমৰ বিশিষ্ট নাগৰিকৰ সৈতে এখনি ঐতিহাসিক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই মত-বিনিময়” কাৰ্যক্ৰমৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজ্যিক সধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু আদৰণি ভাষণ প্রদান কৰে ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে।
এই সভাত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি হিচাপে উপস্থিত থাকি কেন্দ্রীয় কৃষি ৰাজ্যমন্ত্রী শ্রাগজেন্দ্র সিং শেখাৱটে কেন্দ্রীয় চৰকাৰৰ চাৰি বছৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি কয় যে— কেন্দ্রীয় চৰকাৰখন সম্পূর্ণভাবে দেশখনৰ দুখীয়া জনসাধাৰণৰ বাবে সমাপিত এখন চৰকাৰ যত সকলােৰে বাবে সকলােৰে বিকাশ নীতিৰ আধাৰত পৰিচালিত হৈ মহিলাসকলৰ বাবে সামাজিক সুৰক্ষা, দেশৰ ১৮ হাজাৰখন গাৱলৈ বিজুলি সংযােগ ব্যৱস্থা, কৃষকৰ আয় দুগুণ কৰা, ক্ষুদ্র ব্যৱসায়ীসকললৈ প্রধানমন্ত্রী মুদ্রা বেংকৰ জৰিয়তে সহজ ঋণ, মহিলা সাবলীকৰণৰ বাবে উজ্জ্বলা আঁচনিৰ জৰিয়তে দুখীয়া মহিলালৈ ৰন্ধন গেছ, প্রধানমন্ত্রী আবাস যােজনাৰ জৰিয়তে গৃহহীন দুখীয়া মহিলালৈ গুহ, প্রধানমন্ত্রী জনধন আঁচনিৰ জৰিয়তে দুখীয়া জনসাধাৰণক বেংকৰ লগত সংযােগ, প্রধানমন্ত্রী জীৱনজ্যোতি যােজনা, প্রধানমন্ত্রী সুৰক্ষা বীমা যােজনা, সুকন্যা সমৃদ্ধি আঁচনি, অটল পেনচন আৰু বিশেষকৈ “এক্ট ইষ্ট পলিচিৰ আধাৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে উন্নয়নৰ ব্যৱস্থা ইত্যাদি।
শেখারটে নাগৰিক (সংশােধনী)- ২০১৬ বিধেয়কখনৰ ওপৰত মন্তব্য দি কয় যে ৰাজ্যখনৰ উন্নয়ন, সুৰক্ষা আৰু ৰাজ্যবাসীৰ স্বাৰ্থ ৰাৰ বাবেহে কেন্দ্রীয় চৰকাৰখন সংকল্পবদ্ধ। সেয়েহে প্রধানমন্ত্রী ডাঙৰীয়াই বিধেয়কখনৰ সংশােধনী অনাৰ আগতে যুটীয়া সংসদীয় সমিতি গঠন কৰি অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ নগৰিকৰ শুনানী গ্রহণ কৰাৰ ব্যৱস্থা কৰে।
শেখাৱটৰ বক্তব্যৰ পিচতে বিশিষ্ট নাগৰিকসকলৰ মত-বিনিময় অনুষ্ঠানত নিজৰ মতামত আগবঢ়াই বক্তব্য ৰখা প্রতিজন নাগৰিকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজত সন্তুষ্টি ব্যক্ত কৰে| মত বিনিময় তানুষ্ঠানৰ পাতনি মেলি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি লক্ষ্মী নন্দন বৰাই কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বানপানীৰ সমস্যাটো স্থায়ীভাবে সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিলেহে ৰাজ্যখনৰ উন্নয়নৰ দিশটো ক্ষীপ্রতৰ হ’ব। মাতৃভাষাৰ বিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ অভাৱৰ বাবে বিদ্যালয় বন্ধ হােৱাৰ উপক্ৰম কিয় হৈছে সেই দিশত সঠিক সিদ্ধান্তৰ জৰিয়তে কার্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নাগৰিকসকলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত নিজৰ মত ব্যক্ত কৰি ৰাজ্য চৰকাৰৰ উন্নয়ণমূলক কামকাজত সন্তুষ্টি প্রকাশ কৰাৰ লগতে চৰকাৰখনে ভৱিষ্যতে আৰু বহুতাে কাৰ্য্য কৰিবলগীয়া আছে বুলি পৰামর্শ আগবঢ়ায়।


অত্যন্ত সৌহার্দপূর্ণ পৰিৱেশত অনুষ্ঠিত হােৱা এই মত-বিনিময় অনুষ্ঠানত ৰাজ্যখনৰ বহু সংখ্যক প্রথিতযশা বুদ্ধিজীবি, সাহিত্যিক, শিক্ষাবিদ, সমাজসেৱক, নাট্যকাৰ, স্তম্ভ লেখক, অভিনেতা-অভিনেত্রী, কেইবাখনাে বিশ্ববিদ্যালয়ৰ উপাচার্য্য তথা প্রাক্তন উপাচার্য্য, মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্রাক্তন অধ্যক্ষ, অধ্যাপক, বিশিষ্ট বিজ্ঞানী, চিকিৎসক, ব্যৱসায়ী, কৃষক নেতা, অসম সাহিত্য সভাকে ধৰি বিভিন্ন জাতিজনগােষ্ঠী সাহিত্য সভাৰ পদাধিকাৰী তথা প্রাক্তন সভাপতি, মহিলা সংগঠনৰ সংগঠক আদিকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট নাগৰিকসকলে অংশ গ্রহণ কৰে।
বিশিষ্ট নাগৰিকসকলৰ মতামত আৰু পৰামৰ্শৰ পিচত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে সভাত ভাষণ প্রদান কৰি প্রতি গৰাকী নাগৰিককে আন্তৰিক শ্রদ্ধা ব্যক্ত কৰে আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে তেওঁলৈ আগবঢ়োৱা পৰামর্শসমূহৰ ক্ষেত্ৰত কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণৰ আশ্বস দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে বিগত দুটা বছৰত ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ দিশত গ্রহম কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলােকপাত কৰি বক্তব্য আগবঢ়ায়।
মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ “সবকা সাথ - সবকা বিকাশ” নীতি সাৰােগত কৰি ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণৰ দিশত উৎসর্গিত মনােভাৱেৰে কৰ্মত অৱতীৰ্ণ হৈছে বুলি মত পােষণ কৰে। বিগত দুই বছৰীয়া ৰাজ্য চৰকাৰখনে আৰম্ভনীৰে পৰা দুর্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি প্রয়ােগ কৰি দিছপুৰৰ পৰা পঞ্চায়তলৈ দুর্নীতি নিবাৰণৰ এই যুঁজখন কেৱল ৰাইজৰ উন্নয়ণৰ স্বাৰ্থতহে আৰম্ভ কৰা বুলি দোহাৰে। যেতিয়ালৈ দুর্নীতি নির্মূল নহব তেতিয়ালৈকে অসমৰ উন্নয়ণ অসম্ভৱ বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে দৃঢ়তাৰে মত ব্যক্ত কৰে। সােণােৱালে ভাৰতবৰ্ষৰ ভিতৰতে অসমখন সমৃদ্ধিশালী সম্পদ ৰাজিৰে ভৰপুৰ এখন প্রদেশ বুলি অভিহিত কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ “এক্ট ইষ্ট পলিচি”ৰ জৰিয়তেহে উন্নয়ণ সম্ভৱ যদিহে ৰাজ্যবাসীৰ অকুণ্ঠ সহাঁৰি আৰু বিশিষ্ট নাগৰিকসকলৰ সুপৰামর্শ ইয়াৰ লগত জৰিত হয়।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: