কণা হাঁহক পতান: কেৱল নামতহে আছে ৩৩ খন উন্নয়ন পৰিষদ

গুৱাহাটী : কণা হাঁহক পতান দিয়াৰ দৰে কংগ্রেছৰ আমোলত গঠন কৰা উন্নয়ন পৰিষদসমূহক নূ্যনতম পুঁজিৰ আবণ্টন দি জীয়াই ৰাখিছে বিজেপি চৰকাৰে৷ ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পাছত প্রথম বছৰটোত ৩৩খন উন্নয়ন পৰিষদৰ কোনো এখনকে পুঁজিৰ আবণ্টন নিদিলে৷ দ্বিতীয় বছৰটোত অর্থাৎ ২০১৭-১৮ বিত্তীয় বর্ষত উন্নয়ন পৰিষদসমূহৰ বাবে কিছু পুঁজি বাজেটত ধার্য কৰে যদিও কিছুসংখ্যক উন্নয়ন পৰিষদেহে ধন লাভ কৰিবলৈ সক্ষম হয়৷অর্থাৎ আজিপর্যন্ত বিজেপিৰ দুবছৰীয়া শাসন কালত অর্ধসংখ্যক উন্নয়ন পৰিষদে পুঁজিৰ নামত ফুটাকড়ি এটাও পাবলৈ সক্ষম নহ’ল৷ যাৰ পৰিপ্রেক্ষিতত উন্নয়ন পৰিষদসমূহ জীয়াই থাকিও জাতি-জনগোষ্ঠীৰ উন্নয়নমূলক কাম-কাজ কৰাত ব্যর্থ হৈছে৷ এইবাৰ অর্থাৎ ২০১৮-১৯ বিত্তীয় বর্ষত যোৱাবাৰৰ তুলনাত ৫ শতাংশ অধিক পুঁজি ধার্য কৰিছে যদিও বিগত বর্ষৰ বাজেটত ধার্য কৰা ধনেই ভালেসংখ্যক পৰিষদে লাভ কৰিবলৈ সক্ষম নোহোৱাত উন্নয়নমূলক কাম-কাজ স্থবিৰ হৈয়েই আছে৷
উল্লেখযোগ্য যে কংগ্রেছৰ আমোলত ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীক সন্তুষ্ট কৰি ৰাখিবৰ বাবে তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৩৩খন উন্নয়ন পৰিষদ গঠন কৰিছিল৷ প্রথম অৱস্থাত জনজাতিকৰণৰ দাবী কৰা জনগোষ্ঠীকেইটাক সন্তুষ্ট কৰিবলৈ উন্নয়ন পৰিষদ গঠন কৰিছিল যদিও পৰৱর্তী সময়ত সকলো জাতি-জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ উন্নয়ন পৰিষদৰ সংখ্যা ৩৩খনলৈ বৃদ্ধি কৰিছিল৷ সাধাৰণ জাতিৰ লোকক সন্তুষ্ট কৰিবলৈও সাধাৰণ জাতি উন্নয়ন পৰিষদ গঠন কৰিছিল আৰু প্রতিখন উন্নয়ন পৰিষদৰ বাবে ধন মুকলি কৰি দিছিল৷ কিন্তু ২০১৬ চনত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছত পুঁজিহীন হৈ পৰে প্রায়বোৰ উন্নয়ন পৰিষদ৷বাজেটত ধন থকাৰ পাছতো বিত্ত বিভাগে উন্নয়ন পৰিষদসমূহৰ ফাইল ঘূৰাই পঠিয়াইছিল৷ বিজেপি শাসনলৈ আহিয়ে পুঁজিৰ আবণ্টন বন্ধ কৰাত এটা বছৰ কোনো এখন উন্নয়ন পৰিষদে কাম-কাজ কৰিব নোৱাৰিলে৷ ফলত চলি থকা আঁচনিসমূহো বন্ধ হৈ পৰে৷ কিন্তু পৰৱর্তী সময়ত মুখ্যমন্ত্রীৰ হস্তক্ষেপত ২০১৭-১৮ বর্ষত কম পৰিমাণৰ পুঁজি চৰকাৰে বাজেটত ধার্য কৰে যদিও বিত্ত বিভাগে আটাইকেইখন উন্নয়ন পৰিষদক সময়ত পুঁজি আবণ্টন নিদিলে৷ প্রায় ১৫খন পৰিষদেহে কম পৰিমাণৰ পুঁজি পাবলৈ সক্ষম হৈছিল৷ যিসমূহ উন্নয়ন পৰিষদৰ বিষয়ববীয়াই টেবুলে টেবুলে ঘুৰি প্রস্তাৱৰ ফাইল আগ বঢ়াই নিছিল, সেইসমূহ পৰিষদকহে ধন মুকলি কৰি দিয়ে৷
তাকো কেৱল দক্ষতা বিকাশৰ আঁচনি আৰু সাংস্কৃতিক ক্ষেত্র সংৰক্ষণ আঁচনিৰ বিপৰীতেহে পুঁজি যোগান ধৰে৷ পুঁজি মুকলি কৰি দিয়াৰ ক্ষেত্রত বর্তমানেও একে চর্ত চৰকাৰখনে অব্যাহত ৰাখিছে৷ যাৰ পৰিপ্রেক্ষিতত অর্ধসংখ্যক উন্নয়ন পৰিষদে আজি পর্যন্ত বিগত দুটা বছৰৰ কোনো পুঁজি লাভ কৰা নাই৷ অনাদায় পুঁজি পাব নে নাই সেয়া এতিয়াও স্পষ্ট নহয়৷ ইফালে এইবাৰৰ বাজেটত ৫ শতাংশ পুঁজি বৃদ্ধি কৰিছে যদিও কঠোৰ আৰোপিত কঠোৰ চর্তত সেই পুঁজি উন্নয়ন পৰিষদসমূহে লাভ কৰাটো অনিশ্চিত হৈ পৰিছে৷ এনেস্থলত কংগ্রেছৰ আমোলত গঠন কৰা উন্নয়ন পৰিষদসমূহ এতিয়া জীয়াই থাকিও মৃতৰ দৰে হৈ পৰিছে৷ জাতি-জনগোষ্ঠীৰ বিকাশৰ কথা কোৱা চৰকাৰখনে যদি উন্নয়ন পৰিষদসমূহক পুঁজি যোগান নধৰে, তেন্তে প্রকৃততে উন্নয়ন সম্ভৱনে?


SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: