গােৱালপাৰাত উৰিল আইছিছৰ ৬খন পতাকা

গােৱালপাৰা :  বুধবাৰে গােৱালপাৰা চহৰ আৰক্ষী চকীৰ কাষতেই ইছলামিক সন্ত্রাসবাদীৰ ছয়খনকৈ পতাকা উৰুওৱাক কেন্দ্ৰ কৰি চহৰখনৰ লগতে সমগ্র জিলাতে চাঞ্চল্য সৃষ্টি হৈছে। গােৱালপাৰা চহৰৰ কাছাৰীঘাটৰ চহৰ আৰক্ষী চকীৰ পিছফালে ব্রহ্মপুত্র নদীৰ পাৰত পুৱা প্রত্যক্ষ কৰা হয় ছয়খনকৈ ইছলামিক সন্ত্রাসবাদীৰ পতাকা। পতাকাকেইখনত আৰবী ভাষাত লিখা থকাৰ লগতে আই এছ এন ই বুলি লিখা দেখা যায়। প্রাতঃভ্রমণকাৰীয়ে উৰি থকা পতাকাকেইখন দেখাৰ লগে লগে আৰক্ষী চকীত খবৰ দিয়ে আৰু আৰক্ষীয়ে পতাকাকেইখন জব্দ কৰে। আৰক্ষী চকীৰ কাষতে এনে ঘটনা সংঘটিত হােৱাত আৰক্ষীৰ দায়িত্ব আৰু কর্তব্যনিষ্ঠাক ৰাইজে ভেঙুচালি কৰিছে। খবৰ বিয়পি পৰাৰ লগে লগে চহৰ তথা জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে, লগতে আতংকই বিৰাজ কৰিছে। আগদিনা নিশা আছিল ইছলাম ধৰ্মৰ পৱিত্ৰ নিশা ছবেবৰাত। এনে সময়তে সন্ত্রাসবাদীৰ পতাকা উত্তোলনে বিভিন্নজনৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। কোনাে কু-অভিসন্ধিৰে কোনাে সংগঠনে সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ বাবে এনে কাণ্ড সংঘটিত কৰিব পাৰে বুলি বহুজনে মত প্রকাশ কৰিছে। চৰাঞ্চলৰ পৰা নিশা নাৱেৰে আহি কোনাে দুষ্টচক্রই এনে কাণ্ড কৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে। গােৱালপাৰা চহৰত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভিত্তিক এজতেমাত বিধি- পথালি দিয়াৰ উদ্দেশ্যে দুষ্ট চক্রই সন্ত্রাসবাদীৰ পতাকা উৰুৱাব পাৰে বুলিও ধাৰণা কৰা হৈছে। জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এয়া দুষ্ট চক্ৰৰ কাম বুলি অভিমত দিছে। কিছুদিন পূর্বে গােৱালপাৰা জিলাৰ চৰাঞ্চলত জেহাদীৰ গােহাৰি-পত্ৰ দুষ্টচক্রই বিতৰণ কৰাক লৈও চাঞ্চল্য সৃষ্টি হৈছিল। এই ঘটনাত গােৱালপাৰাৰ বিভিন্ন দল-সংগঠনে বিভিন্ন ধৰণে প্রতিক্রিয়া প্রকাশ কৰিছে। ছাত্র মুক্তি সংগ্রাম সমিতিয়ে উচ্চ পর্যায়ৰ তদন্ত দাবী কৰিছে। আতংক বিয়পাই অশান্তি সৃষ্টি কৰাৰ বাবে দুষ্ট চক্রই এনে ঘটনা সংঘটিত কৰা বুলি চি পি এমৰ নেতা ননী দাসে ব্যক্ত কৰিছে। আই এছ এন ইৰ পতাকা উৰুওৱাৰ আঁৰত তৃতীয় শক্তি আছে বুলি গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে অভিমত প্রকাশ কৰিছে। সন্ত্রাসবাদীৰ পদার্পণ সহ্য কৰা নহ’ব বুলি ‘আছুৰ তৰফৰ পৰা সকীয়নি দিছে।

বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ উদ্বেগ প্রকাশ :

বুধবাৰে পুৱা গােৱালপাৰাৰ পুৰণি আদালত নিকটৱর্তী নদীৰ পাৰত ইছলামিক সন্ত্রাসবাদীৰ ছয়খনকৈ পতাকা উদ্ধাৰ হােৱা ঘটনাত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ গােৱালপাৰা জিলা কমিটীয়ে গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। গােৱালপাৰা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি স্বাক্ষৰিত এক বিবৃতিত উক্ত ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ গােৱালপাৰা জিলা প্রশাসনে আহ্বান জনায়। উল্লেখযােগ্য যে ঘটনাটো সম্পর্কত কোনাে আতংকজনিত পৰিৱেশৰ সৃষ্টি কৰাৰ পৰা বিৰত থাকি ঘটনাটো সম্পর্কে প্রয়ােজন সাপেক্ষে প্রশাসনৰ সৈতে যােগাযােগ কৰিবলৈ সংশ্লিষ্ট সকলাে পক্ষক আহ্বান জনায়।



SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: