বৰপেটা ৰোডত পথ দুৰ্ঘটনা : নিহত ১


বৰপেটা  : বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাইনবোৰ্ডত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় চানমিয়া ফকিৰ(২২) নামৰ এজন বাইক আৰোহী । এফ চি আইৰ চাউল কঢ়িয়াই নিয়া AS 18 C 0425 নম্বৰৰ ট্ৰাকে মহতিয়াই নিয়ে বাইক আৰোহী জনক । নিহত যুৱক জনৰ ঘৰ সৰভোগৰ বগুৰীগুৰী পথাৰত বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন বৰপেটা ৰোড আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: