বাংলাদেশী মিঞাসকলৰ বসতি ধামাপাৰা চৰ, তাত বাৰু মানুহ পামনে !


  • ফৰহাদ ভূঞা

নাম লীলাকান্ত বৰা। ঘৰ মাজুলীত। চাকৰি কৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ধামাপাৰা চৰত। টেট শিক্ষক বৰাক লগ পাই চৰ সম্পৰ্কে কছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। বৰাই কৈ গ'ল- মাজুলী বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ। তাতেই ডাঙৰ দীঘল হৈছো। বানপানী, নাওঁ এইবোৰ মোৰ চিনাকি শব্দ। ধেমাজিৰ এখন বিদ্যালয়ৰ পৰা মোক বদলি কৰা হল ধামাপাৰা চৰলৈ। মোৰ ধাৰণা মাজুলীৰ দৰেই হ'ব বৰপেটাৰ চৰ। তেনে এক ধাৰণাই মনত লৈ ডেৰ বছৰ আগতে উপস্থিত হৈছিলো চেঙা ব্লকত। পিছত যেতিয়া জানিব পাৰিলোঁ যে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত আৰু সংবাদ পত্ৰত প্ৰায়ে শুনা বা দেখা বাংলাদেশী মিঞা সকলৰ বসতি ধামাপাৰা চৰ। তেতিয়া গাটো শিঁয়ৰি উঠিল। পৰিয়ালৰ কথা চিন্তা কৰি ভয় শংকাৰ মাজেৰে বহৰি পাৰঘাটৰ পৰা ভূটভূটী নাৱেৰে যাত্ৰা কৰিলো ধামাপাৰালৈ। কিছুদূৰ গৈ ভাবিলো যলৈকে গৈ আছো তাত বাৰু মানুহ পামনে! এনেতে এজন লোকে মাত লগালেহি- আপুনি টেট শিক্ষক নেকি? হয় বুলি কলো। তেখেতে কলে মইয়ো টেট শিক্ষক। মই শ্ৰী.....দাস। তেতিয়াহে মোৰ মূখত পানী আহিল। দাসে নাৱৰীয়াক দুয়োৰে ভাড়া দিলে। মিচিকিয়া হাঁহিটোৰে আগবাঢ়িলো এক অজান ঠাইলৈ। দাসে ক'লে তেওঁৰ স্কুলৰ পৰা ডেৰ কিলোমিটাৰ দূৰত মোৰ বিদ্যালয়। নাৱৰ পৰা নামি খোজকাঢ়ি গৈ সন্ধিয়া হোৱাৰ আগতেই দাসৰ ৰুম পালোঁ। দাসে কলে- বলক আপোনাৰ স্কুলৰ সভাপতিক লগ কৰি আহোগৈ। ইপিনে আন্ধাৰ নামি আহিছে, ডাৱৰে আৱৰা আকাশ।মনটোত ভয় ভাব আছেই। বাৰে বাৰে দুবছৰীয়া পুত্ৰৰ কথা মনলৈ আহে। উহ: ক'ত আহিলোঁ। পথ বুলিবলৈ কেৱল বালি,কঁহুৱা,ঝাঁও বনেৰে আৱৰা বহিঃজগতৰ লগত বিচ্ছিন্ন এক নিৰ্জন ঠাই। মিঞাবোৰতো চুৰ,ড‌কাইত...। অপৰাধ কৰাটো মিঞাসকলৰ কাৰনে সাধাৰণ কথা। এনেবোৰ কথাই মনটোত খুন্দিয়াই আছে। তথাপিও সাহসেৰে কঁহুৱা বনৰ মাজে মাজে চাইকেল চলাই দুয়ো গৈ স্কুলৰ সভাপতিৰ ঘৰ ওলালো। আমি উপস্থিত হোৱাৰ লগে লগেই ওচৰ চুবুৰীয়াই ভিৰ কৰিলে সভাপতিৰ ঘৰৰ চোতালত। লাহে লাহে গাৰ লোমবোৰ সিঁয়ৰিবলৈ ধৰিলে। আজি কি হয় নাজানো। দাসে বাৰে বাৰে মোক কৈ আছে- বৰা,ভয় কিয় খাইছে। এনেতে চ'লাৰ লাইটৰ পোহৰলৈ মোক টানি নিয়া হ'ল। সভাপতি ডাঙৰীয়াই মোক ৰাইজৰ আগত চিনাকি কৰাই দিলে-আমাৰ বিদ্যালয়ৰ শিক্ষক এইজন। সকলোৱে হাতযোৰ কৰি নমস্কাৰ ছাৰ বুলি কলে। তাৰ পিছত মোক লৈ তেওঁলোকৰ মাজত টনা-আঁযোৰা লাগিল। কেতিয়া আহি পালে ছাৰ? আমাৰ ঘৰত খাব লাগিব, থাকিব লাগিব.....। এনেতে সভাপতি চাহাবৰ ছোৱালীজনীয়ে কল,কণী, তৰমুজ আদিৰে ট্ৰেখন ভৰাই মাত লগালে- ছাৰ, খাই লওঁক। পিছত ক'লো আজি ৰাতিটো দাস ছাৰৰ ৰুমতে থাকিম। সভাপতিৰ লগতে কোনেও মোক আহিব নিদিয়ে। বুজাই পৰাই কোনোমতে তেওঁলোকৰ পৰা বিদায় ললোঁ। ওভতি অহাৰ সময়ত দাসে কলে কেনে পালে বৰা? মোৰ ধাৰণা ভুল আছিল। খন্তেকতে মোক ইমান আপোন কৰি ললে। এওঁলোক মানুহ দেখুন। চৰৰ মিঞাসকল ইমান অতিথিপৰায়ণ.......। মোৰ ভুল ভাঙিবলৈ দেৰি নালাগিল। বহুত লাজ পালো।

এইবাৰ মই সুধিলোঁ - বৰা, আপুনি ডেৰ বছৰে যিখন চৰত আছে তাত কেতিয়াবা বাংলাদেশী নাগৰিক লগ পাইছেনে? বৰাই কলে -নাই,এইবোৰ অভিযোগ দৰাচলতে সত্য নহয়। মইয়ো তলেতলে নিজাববীয়াকৈ তদন্ত কৰি চাইছিলোঁ। NRC ত মোৰ চৰৰ সকলোৱেই 51ৰ legacy data দিয়া দেখিছোঁ। অসমীয়া ভাষাত কথা পাতে, কেৱল অসমীয়া মাধ্যমৰ বিদ্যালয়ত লিখা পঢ়া কৰে। অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছে। তেনেস্থলত এই খাটি খোৱা সহজ-সৰল মানুহখিনিক কিয় বাংলাদেশী মিঞা বুলি soft target কৰি লয় বুজি নাপাওঁ। মোৰ এটা অনুৰোধ যিসকলে আজিও এই ধাৰণাটো মনত পুহি ৰাখিছে তেওঁলোক এবাৰ চৰলৈ আহি মানুহখিনিৰ লগত কথা বতৰা পাতি যাওঁকহি। ধান ,মৰাপাট,কুঁহিয়াৰ,বাদাম আদি উৎপাদন কৰি অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাত উল্লেখযোগ্য ভূমিকা লোৱা এই মিঞা মুছলমানসকল আমাৰ ভাই,এই কথা নাভাবিলে তেওঁলোকৰ লগত আমি অন্যায় কৰাহে হ'ব।

চৰৰ ল'ৰা-ছোৱালী শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ চৰকাৰে কি কৰা উচিত বুলি আপুনি ভাবে? প্ৰথম কথাটো হ'ল অধিকসংখ্যক অভিভাৱক কৃষিজীৱি। কৃষি কাৰ্যত তেওঁলোকৰ সন্তানক সহায়ৰ বাবে নিয়োগ কৰে। ক্লাছ চলি থাকোতেই পিতৃ মাতৃ আহি কব ছাৰ মোৰ ল'ৰাটোক চুটি দিয়ক। আজি খেতিত মৌই দিম ইত্যাদি। বেছিভাগ চৰ অস্থায়ী। খলিল, হামিদ আজি স্কুলত কিয় অহা নাই? ছাৰ, সিহঁতৰ চৰটো খহাই নিলে। বেলেগ চৰলৈ গুছি গৈছে আৰু সিহঁত নাহে। চৰৰ বহুত মহিলাই অসমীয়া ভাষা ভালদৰে কব নোৱাৰে। ফলত ল'ৰা ছোৱালীক ভাল শিক্ষা দিব নোৱাৰে। গৃহ কাৰ্য দিলে সম্পূৰ্ণ কৰি আনিব নোৱাৰে। পাঁচটা ক্লাছ থকা বিদ্যালয়খনত সিদিনালৈকে মই অকলেই পাঠদান দি আছিলো। চৰৰ এনেকুৱা বহুত বিদ্যালয় আছে য'ত এজনেই শিক্ষক আছে। এনে বহু সমস্যা আছে। চৰকাৰৰ কৰনীয় বহুত আছে। পিতৃ-মাতৃয়ে অৰ্থনৈতিকভাৱে যেতিয়ালৈকে টনকিয়াল নহ'ব তেতিয়ালৈকে কৃষিকাৰ্যত তেওঁলোকৰ কণ কণ ল'ৰা-ছোৱালীক কামত লগাবই। প্ৰতিটো বিদ্যালয়ত খেলৰ সামগ্ৰী যথেষ্ট পৰিমাণে যোগন ধৰিব লাগিব। চৰকাৰে প্ৰতিটো পৰিয়ালক এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব লাগিব। অত্যাধুনিক সঁজুলিৰে বিজ্ঞানসন্মত ভাবে কৃষিকাৰ্য কৰাবলৈ শিকাব লাগিব। নাৱত ভ্ৰাম্যমাণ বিদ্যালয় খুলিব লাগিব। য'ত থাকিব লাগিব হোষ্টেলৰ ব্যৱস্থা। সৌৰ চাঁকি ঘৰে ঘৰে যোগান ধৰিব লাগিব। বিদ্যালয়ত ফেনৰ ব্যৱস্থা কৰিব লাগিব। এনেকুৱা বহুত কথাই আছে। আজিলৈ এৰো। মোৰ নাৱৰ সময় হৈছে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: