অভিজিত আৰু নিলোৎপলক ঝংকাৰৰ দৰে ন্যায়ৰ পৰা বঞ্চিত নাৰাখি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান ঝংকাৰৰ পিতৃ-মাতৃৰ


তিতাবৰ : মাত্ৰ দহ টকাৰ অটো ভাড়াৰ কাৰণে কাৰ্বি আংলং জিলাৰ ডিফুত নিৰ্মমভাৱে দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল ঝংকাৰ শইকীয়াক। ২০১৩ চনৰ ২৫ জুন তাৰিখে আৰক্ষীৰ সন্মুখতে দলবদ্ধ ভাবে প্ৰহাৰ কৰা হৈছিল ঝংকাৰক, কিন্তু পাঁচটা বছৰৰ পিছতো আজিলৈকে ন্যায় নাপালে পৰিয়ালটোৱে।
উল্লেখযোগ্য যে ঝংকাৰৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়ে যে ঝংকাৰ হত্যাকাণ্ড সংঘটিত হোৱা পিছতেই বিভিন্ন জনে কথা কৈছিল যদিও পিছত ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে অসম আৰক্ষীৰ পৰা চি.বি.আই লৈ কেচ প্ৰেৰণ কৰিছিল। তৎসত্বেও কিন্তু আজি লৈকে দোষীয়ে কোনো শাস্তি নাপালে আৰু বৰ্তমানেও দোষী মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি ফুৰিছে । লগতে কয় যে ঝংকাৰ হত্যাকাণ্ডটো সম্পূৰ্ণ পৰিকল্পিত এটা হত্যাকাণ্ড, ঘটনাস্থলীত হাজাৰ হাজাৰ লোক আছিল যদিও সেই সময়ত এজনো মানুহ বচাবলৈ আগবাঢ়ি নাহিল কাৰণ কাৰ্বি আংলঙত এনে কিছুমান লোক আছে যিয়ে কাৰ্বি আংলঙৰ পৰা অসমীয়া লোকক খেদি পঠাব বিচাৰে।
৮জুনৰ সন্ধিয়া ঠিক সেই একেই ঘটনা সংঘটিত হোৱা কাৰ্বি আংলঙৰ ডকমকাত অভিজিত আৰু নিলোৎপালক সোপাধৰা বুলি সন্দেহ কৰি মাৰপিত কৰি হত্যা কৰিলে সেইয়া সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড আৰু নিজৰ আত্মৰক্ষা কৰিবলৈহে Social media ত সোপাধৰা বুলি প্ৰচাৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঝংকাৰ শইকীয়াৰ পৰিয়ালে। লগতে চৰকাৰক বিনম্ৰ অনুৰোধ জনায় যে ডকমকাত নিৰ্মমভাৱে হত্যা কৰা অভিজিত আৰু নিলোৎপলক ঝংকাৰৰ দৰে ন্যায়ৰ পৰা বঞ্চিত নাৰাখি দোষীক কঠোৰ শাস্তি প্ৰদান কৰি ন্যায় দিবলৈ কাতৰ অনুৰোধ জনায়।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: