কোকৰাঝাৰ ডনবস্ক' বিদ্যালয়ত গুণগত শিক্ষা নিম্নমানৰ হোৱাৰ অভিযোগ নাই পৰ্যাপ্ত শিক্ষক , একেটা শিক্ষাবৰ্ষতে মাচুল বাঢ়িল ৪০০০ টকা


কোকৰাঝাৰ : ব্যাক্তিগত খণ্ড বিদ্যালয়ৰ দৌৰাত্মক চৰকাৰে নাকি লগাব নোৱাৰাৰ পৰিণতিতে ডনবস্ক' বিদ্যালয়ৰ দৰে প্ৰসিদ্ধ বিদ্যালয়ে ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা দিয়াৰ সলনি মাথো অত্যাধিক হাৰত মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । কোকৰাঝাৰস্থিত ডনবস্ক বিদ্যালয়ে পূৰ্বৰ গৰিমা হেৰাই গুণগত শিক্ষাৰ ক্ষেত্ৰত নিম্নমানৰ প্ৰদৰ্শন দাঙি ধৰাৰ অভিযোগ উত্থাপন কৰি অাজি অভিভাৱকসকলে বিদ্যালয় চৌহদতে এক সভা অনুষ্ঠিত কৰে । ক্ষুব্ধ অভিভাৱকসকলে ডনবস্ক বিদ্যালয়ৰ নিম্নগামী ফলাফলত গভীৰ উদ্বেগ প্ৰকাশ কৰি কৰ্তৃপক্ষই হঠাতে বছৰি ৪০০০টকাকৈ মাচুল বৃদ্ধিত ক্ষোভ প্ৰকাশ কৰে আৰু অকল প্ৰাথমিক পৰ্যায়তে বছৰি ২৬,৬০০ টকা অত্যাধিক হোৱা বুলি সদৰি কৰে । তদুপৰি ফলাফল নিম্নগামী , পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ কথা আঙুলিয়াই দি শিক্ষাবৰ্ষই কেবামাহ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈকে একাংশ শ্ৰেণীত ৰসায়ন বিজ্ঞানৰ পাঠদান অনুষ্ঠিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । বাহ্যিকতাত অতি বেছি গুৰুত্ব দিয়া ডনবস্ক কৰ্তৃপক্ষক অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ অনুকুল পৰিৱেশ গঢ়ি তুলিবলৈ দাবী জনোৱাৰ লগতে বিদ্যালয়খনৰ গুণগত মানদণ্ড ঘূৰাই অনাৰ স্বাৰ্থত অতি শীঘ্ৰে বিদ্যালয়খনৰ অধ্যক্ষ ফাডাৰ ডামিয়েল বসুমতাৰীৰ বদলিকৰণৰ দাবী উত্থাপন কৰিছে । আনহাতে অভিভাৱকসকলৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি ফাডাৰ ডামিয়েল বসুমতাৰী সমগ্ৰ বিষয়বোৰ চালি জাৰি চাই ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সদৰি কৰিছে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: