অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সক্ৰিয় ৰাজ্য চৰকাৰ : সজাগতা সৃষ্টিৰ বাবে আৰম্ভ কৰিব ‘সংস্কাৰ কাৰ্যসূচী’


গুৱাহাটী : ৰাজ্যখনৰ কিছু সংখ্যক ঠাইত সময়ে সময়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশবর্তী হৈ কিছু লােকে সংঘটিত কৰা ঘটনা-পৰিঘটনা সমূহ সম্পূর্ণ কৈ নিমূর্ল কৰাৰ উদ্দেশ্যেৰে জনসাধাৰণক সজাগ, সচেতন আৰু কুসংস্কাৰ মুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সংস্কাৰ- মানুহে মানুহৰ বাবে’শীর্ষক এক কাৰ্যসূচী সমগ্ৰ ৰাজ্যত আৰম্ভ কৰিব। ৰাজ্যখনৰ সকলােবােৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত তথা গাঁও সমূহক সামৰি শীঘ্ৰে এই কাৰ্যসূচী আৰম্ভ হ’ব । আজি মুখ্যমন্ত্ৰীৰ সভা কক্ষত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ অধ্যক্ষতাত সাম্প্রতিক পৰিস্থিতি সন্দৰ্ভত পর্যালােচনা কৰাৰ উদ্দেশ্যেৰ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।
অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদকন’ডেল বিভাগ হিচাপে লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কাৰ্যসূচী ৰূপায়ণত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা জিলাৰ সংশ্লিষ্ট বিভাগ সমূহক সামৰি কৰা হ'ব। এই কার্যসূচী ৰাজ্যখনৰ প্ৰতিটো খণ্ড উন্নয়ন অঞ্চলে সামৰি লােৱা সকলাে অঞ্চলক সামৰি গ্ৰহণ কৰা হ'ব আৰু এই সজাগতা কার্যসূচীত স্থানীয় দল-সংগঠন, মহিলা সমিতি, স্বেচ্ছাসেৱী সংস্থা, সংবাদ সেৱী, নেতৃস্থানীয় ব্যক্তি, শিল্পী-সাহিত্যিক, শিক্ষাবিদ ইত্যাদি সকলৰ উপৰি শাসকবিৰােধী উভয়ৰে সাংসদ, বিধায়ক, স্থানীয় নিকায় সমূহৰ নির্বাচিত প্রতিনিধি সকলকো সামৰি লােৱা হ'ব। তদুপৰি এই কাৰ্যসূচীত বীৰুৱালা ৰাভাৰ লেখীয়া অন্ধবিশ্বাসৰ বিপৰীতে বলিষ্ঠ আন্দোলনৰ সূচনা কৰা সমাজ সংস্কাৰককো সামৰি লােৱা হ'ব।
বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে এই কাৰ্যসূচী সমগ্র বর্ষজুৰি ৰাজ্যখনত অভিযান আকাৰে অবিৰত ৰূপত চলি থাকিব লাগিব যাতে অসমৰ সকলাে অঞ্চলতে এক অন্ধবিশ্বাসৰ বিপৰীতে এক সুস্থ বাতাবৰণ সর্বদা বৰ্তি থাকে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কোনাে এগৰাকী বাহিৰৰ পৰা অহা লােক যাতে কোনাে কাৰণতে অনাহকত অন্ধবিশ্বাসৰ বশবর্তী হৈ আৰু বলি হ'ব নালাগে সেইটো আমি নিশ্চিত কৰিম। অসমৰ মানুহৰ অতিথি পৰায়ণতাৰ বাবে সমগ্র বিশ্বতে এক সুনাম আছে বুলি কৈ মুখ্যমন্ত্ৰীয়ে এই মানসিকতা সুদৃঢ় কৰাৰ বাবে আমি তৃণমূল পর্যায়ত জনসাধাৰণক সজাগ আৰু সচেতন কৰিব লাগিব বুলি কয়। মুখ্যমন্ত্ৰীয়ে সংস্কাৰকাৰ্যসূচীৰ নীতি-নির্দেশনা তিনিদিনৰ ভিতৰত প্ৰস্তুত কৰি সাত দিনৰ ভিতৰত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক ৰূপত আৰম্ভ কৰাৰপদক্ষেপ ল’বলৈ নির্দেশ দিয়ে যাতে কোনাে লােক অন্ধবিশ্বাসৰ বশবর্তী হৈ পুনৰ মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়। মুখ্যমন্ত্ৰীয়ে সংস্কাৰ কাৰ্যসূচীৰ জৰিয়তে সকলােকে সামৰি অন্ধবিশ্বাস তথা কুসংস্কাৰৰ বিৰুদ্ধে এক বলিষ্ঠ তথা সমন্বিত প্রয়াস আৰম্ভ কৰাৰ বাবেও নির্দেশ দিয়ে।
উল্লেখ্য যে আজি কাৰ্বি আংলঙৰ ডকমকাত যােৱা শুক্রৱাৰে এক অশুভ পৰিস্থিতিত নিহত হােৱা প্রয়াত নীলােৎপল দাসৰ পিতৃৰ সৈতে আজি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ বাৰ্তালাপৰ সময়ত নীলােৎপল দাসৰ পিতৃয়ে মুখ্যমন্ত্রীক এনেকুৱা ঘটনা ৰােধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ এক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰাৰ বাবে অনুৰােধ জনােৱাৰ উপৰি প্রয়ােজন সাপেক্ষে তেওঁ নিজেও এই কার্যসূচীত অংশ গ্রহণ কৰি অগ্রণী ভূমিকা পালন কৰিব বুলি কৈছিল।
| আজিৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালক প্রধান কুল শইকীয়া, আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান পল্লৱ ভট্টাচার্য, অতিৰিক্ত মুখ্য সচিব দ্বয় আলােক কুমাৰ আৰু ৰবি কাপুৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব এল এছ চাংছন, মুখ্যমন্ত্রী প্রধান সচিব সঞ্জয় লােহিয়া, এছটেকৰ সঞ্চালক অৰূপ মিশ্র প্ৰমুখ্যে জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: