ফেচবুক গোট "সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসম" আৰু কবিতা চৰ্চা : এক অৱলোকন

# এন হক (জান)

ফেচবুকৰ বিষয়ে নজনা নতুন প্ৰজন্ম খুব কমেই ওলাব। ফেচবুক বৰ্তমান ছ’চিয়েল মিডিয়াৰ বহল পৃথিৱীৰ এক শাওণৰ পথাৰ। সকলো মাধ্যমৰে ভাল বেয়া দুয়োটা গুণেই থাকে। মই ফেচবুকৰ চমু পৰিক্ৰমাৰ এক ক্ষুদ্ৰতম অংশ। মোৰ সুক্ষ্ম অধ্যয়নত দেখিছো বহুতেই ফেচবুকক এক প্ৰচাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। ৰাজনৈতিক মকৰাজালো বান্ধিছে এই পথাৰত। প্ৰায়ে দেখা যায় কিছুমান ব্যক্তিয়ে গোট খুলি ধৰ্মীয় গোড়ামীৰ অনৈতিক ভাৱধাৰাৰে বৰবিহ বিয়পাবলৈ আপ্ৰাণ চেষ্টা চলাইছে। এই বিষবাষ্পত আক্ৰান্ত হৈ বিপথগামী হৈছে বহুতো। বহুতে হৈছে ৰঙা ঘৰৰ আলহী আৰু বহুতৰে জীৱন হৈছে বেদনাদায়ক। এইবোৰে মোক বাৰুকৈয়ে আমুৱাইছিল। বুকুত চিৰাল ফাট মেলিছিল। সেয়ে বিদায় ল'ব ওলাইছিলো ফেচবুকৰ বৃহৎ পথাৰৰ পৰা। ঠিক তেতিয়াই কেনেবাকৈ মোৰ চকুত ধৰা পৰিল ফেচবুকৰ গোট -- " সাহিত্য- সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসম " নামৰ এটা গোট। নামটোৱে মোক আকৰ্ষিত কৰিলে আৰু মই সোমাই পৰিলোঁ এই গোটৰ ভিতৰচ’ৰাত।
মই মনে মনে অধ্যয়ন কৰিব ধৰিলো। মই দেখিলো, ফেচবুকৰ আন আন গোটতকৈ ই সম্পূৰ্ণ পৃথক। গোটৰ বিষয়ে কওতে ইয়াৰ জন্ম পঞ্জিকা উল্লেখ নকৰিলে মোক পাপে চুব বুলি ধাৰণা হ'ল।সাহিত্য আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি আসক্ত থকা সুকবি মনিকা দাসৰ হাতৰ স্পৰ্শত জন্ম হৈছিল "সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসম"। চালুকীয়া অৱস্থাতেই যোগ দিছিল সুকবি মানস প্ৰতীম শৰ্মা। দুয়োজনৰ আপ্ৰাণ প্ৰচেষ্টাতে এক ব্যতিক্ৰমী মঞ্চ ৰূপে গঢ়ি উঠে । মই এই মঞ্চত কেইবাটাও শিতান দেখিবলৈ পাইছো। এই শিতানবোৰ ইমান নিখুঁত ভাবে পৰিচালনা কৰিছে যে ইয়াতেই দুয়োজনৰ ব্যক্তিত্বৰ উমান দিয়ে। প্ৰতিটো শিতান পৰিচালনাৰ দ্বায়িত্ব পৃথক পৃথক ব্যক্তিৰ হাতত অৰ্পণ কৰিছে। ইয়াৰ মাজতে মোৰ দৃষ্টি আকৰ্ষণ কৰা শিতানবোৰ হ'ল— ৰাতিপুৱাথতেই ৰঞ্জণ গোশ্বামীৰ পৰিচানাত আৰম্ভ হয় "ৰহণ" নামৰ শিতান। য'ত ধৰ্মীয় বাণীৰে দিনটোৰ কৰ্মৰ আৰম্ভণি হয়। এই প্ৰচেষ্টাই ব্যক্তিৰ মন আৰু মানসপটত আধ্যাত্মিক চিন্তাধাৰাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰে আৰু বেয়া চিন্তাৰ পৰা আতৰাই ৰাখে। যি সুস্থ সমাজ গঢ়াত কিছু হ'লেও অৰিহণা যোগাব বুলি মোৰ ধাৰণা।
দ্বিতীয়তে, মনিকা দাসৰ পৰিচালনাত "দাপোন" নামৰ শিতানৰ জৰিয়তে গোটৰ মজিয়াৰ নৱ প্ৰজন্মৰ কবি সকলৰ ফটো সমন্বিতে কবিগৰাকীৰ জীৱন ছবিৰ কিছু প্ৰতিচ্ছবি দাঙি ধৰে পৰিচয় কৰি দিয়া হয় আৰু এই শিতানৰে আংশীদাৰ বুলি মোৰ ধাৰণা হোৱা আৰু এক শিতান হ'ল— মানস প্ৰতীম শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত হোৱা শিতান "আলাপন"। প্ৰচাৰ বিমূখ , অৱহেলিত কবি সকলক এক মঞ্চ দিয়াৰ প্ৰয়াস কৰা হয়। য'ত কবিসকলৰ সৈতে মুখামূখি আলাপ হয়। কবিৰ ব্যক্তিগত জীৱন, সাহিত্য জগতত কৰা সংগ্ৰাম, কবিতা সম্পৰ্কে তাৰ ধাৰণা আদি কৰি বিভিন্ন বিষয়লৈ আলোচনা চলে। যাৰ জৰিয়তে সুযোগ নোপোৱা প্ৰতিভাবোৰ ওলাই আহে আৰু গোটৰ সদস্য সকলেও বহু নজনা কথা জনাৰ সুযোগ পায়।
আন এটা বিষয় হ'ল— সুকবি ছানিয়াৰা ইয়াচমিনৰ পৰিচালনাত অনুষ্ঠিত "অমৃত বাণী'। য'ত বিভিন্ন মহৎ লোকৰ অমৃত বাণীৰ উপৰিও গীতাৰ শ্লোকেও স্থান পায়। যিবোৰে জীৱন বাটত উজুটি খাই পিছলি পৰা সকলৰ লাখুটি হিচাপে মহৌষধৰ কাম কৰে। ইয়াৰোপৰি অসমীয়া সংস্কৃতিৰ প্ৰচাৰ কৰাও দেখা যায়। এইবোৰে মোৰ দৃষ্টিত বিতৰ্কিত সন্ত্ৰাসৰ সৃষ্টি কৰা মানসিকতাৰ পৰা ব্যতিক্ৰম কৰি ধৰা দিলে।
এই সুযোগতে গোটৰ সমূহ সদস্য-সদস্যা, কবি সকলৰ শলাগ নল’লে মোৰ এই প্ৰৱন্ধ আধৰুৱা হ'ব। তেখেতসকলৰ সহযোগিতা লেখত ল'বলগীয়া। কবিতা পোষ্ট কৰাৰ লগে লগে সকলোৱে কবিতাবোৰ সুক্ষ্মভাবে বিচাৰ কৰি ভুলবোৰ আঙুলিয়াই দি পৰামৰ্শমূলক মন্তব্যৰে উৎসাহিত কৰে। ইয়াৰ ফলত কবিসকলৰ হৈ থকা ভুলবোৰ শুধৰণি হ'বলৈ উদগনি যোগায়। নিজৰ সৃষ্টিক সঠিক বাটত আগবঢ়াই নিবলৈ বহু শক্তি সঞ্চয় কৰে। গোটৰ মজিয়াত কবিতা নিৰ্বাচন কৰি তাৰ পৰ্যালোচনা আগবঢ়ায়। কবিতা সাহিত্য জগতৰ ধ্ৰুৱতৰা মাননীয় হুমায়ুন কবিৰ, প্ৰাঞ্জল, ছামচুল হক, কবিত, মনিকা, মানস ডাঙৰীয়া আদি কৰি কেইবাজনো বিশিষ্ট কবিৰ পৰ্যালোচনাই কবিতাবোৰৰ প্ৰাণৱন্ত হৈ উঠে। কবিসকলও অধিক উৎসাহিত হৈ সৃষ্টিৰ আখৰাৰে নিশ্চয় এদিন উৎকৃষ্ট কবিতা নিৰ্মান কৰিব বুলি মই আশাবাদী।


এইখিনিতে পাঠকসকলৰ আগত এই গোটৰ মজিয়া উন্মনা কৰা কেইটামান কবিতাৰ পংক্তি দাঙি ধৰিবলৈ মৰশাহ কৰিছো। কবিতা অ-আ নজনা এই অধমৰ যদি কিবা ভুল ভ্ৰান্তি হয় খামুচি নধৰিব।
প্ৰথমেই আমিৰুল ইছলামৰ এটা কবিতাৰ পংক্তি তুলি ধৰিলো—
"বানে ধোৱা খিতিয়কৰ
বুকুত জ্বলিছে কেচাঁ জুই
ব্যৰ্থতাৰ
কোনে বুজিব খেতিয়কৰ যন্ত্ৰণা
নোহোৱা যদি তুমি খেতিয়ক "
কবিতা—বানে ধোৱা খেতিয়কৰ
কবিতটোৰ প্ৰতিটো শব্দত লাগি আছে পথাৰৰ কেঁচা মাটিৰ গোন্ধ। বানৰ প্ৰবাল সোঁতত খেতিয়কৰ সপোন উটুৱাই নিয়াৰ পিছত খেতিয়কৰ দুখ-যন্ত্ৰণাৰ পাৰ ভঙা অনুভূতি কবিয়ে সফল বাবেই প্ৰকাশ কৰিছে। কবিয়ে কৈছে খেতিয়কৰ মৰ্মবেদনা মাথোঁ খেতিয়কে হৃদয়ংগম কৰিব পৰে, আনে নোৱাৰে।
কবিৰ কলমত কেতিয়াবা নিগৰি আহে প্ৰেমৰ পংক্তি। তেনে এটা পংক্তি হ'ল— অনিল চন্দ্ৰ বনিয়াৰ "মই তোমাৰ প্ৰেমত পৰিছোঁ" নামৰ কবিতাটো৷
"তোমাৰ লালায়িত মৰমত
তেজোদীপ্ত প্ৰাণৰ উজ্জীৱিত আশা,
আৰুনো কিমান সহিম ক্লান্ত অমানিশা
নকৰিবা আৰু মোক
মৰমৰ বানে থকা-সৰকা ।"
কবিয়ে প্ৰেয়সীৰ লালায়িত মৰমত উন্মাদ হৈ উঠিছে। প্ৰাণৰ আশাবোৰ যেন ঢগমগাই উঠিছে। মিলন কামনাত চটফটাইছে কবিৰ মন। কবিৰ প্ৰেয়সীৰ অনুপস্থিতিত সকলো যেন অমৱশ্যাৰ ঘোৰ আন্ধাৰত নিমজ্জীত হৈছে। সেয়ে বানে খেতিয়কক থকা -সৰকা কৰাৰ দৰে নকৰিবলৈ অনুৰোধ কৰিছে। কবিৰ শাব্দিক চাতূৰ্যতাই কাব্যিকতাৰ স্বাক্ষৰ বহন কৰিছে। আখৰা চলাই থাকিলে এদিন নিশ্চয় সফল হ'ব।
ললিত কুমাৰে "এটি বৰ্ষা সিক্ত পুৱা" নামৰ কবিতাটোৰ আৰম্ভণি ইমান সুন্দৰ বাবে নিৰ্মান কৰিছে। পঢ়িলে যেন মন আপ্লুত হৈ যায়।
"ৰাতি মেঘবোৰে
সভা পাতিলে পুৱাটিত
মোৰ ঘৰ
মোৰ চৌহদ
মোৰ দেহা
আৱৰি ল'লে ......"
নিশা অনুভৱ এটাই কবিৰ মনত উগুল থুগুল লগোৱা কথাটোক মেঘে সভাৰ লগত তুলনা কৰিছে। এক সুন্দৰ উপমাৰ প্ৰয়োগিক কৌশল শলাগিবলগীয়া । যেনেদৰে পুৱা বৰষুণ জাকে ঘৰ, চোতাল, চৌহদ তিয়াই পেলায় তেনেদৰেই কবিৰ সৰ্বাংগে আবেগবোৰে তিয়াই পেলাইছে। কবিৰ শব্দ প্ৰয়োগত মিতব্যয়ীতা প্ৰশংসনীয়।
কবিতাৰ আখৰা কৰি কৰি যেন কবিৰ তৰুণ অনুভৱবোৰ পুৰঠ হৈ উঠিছে। তাৰে উদাহৰণ বহন কৰা ছয়দা আঞ্জুৱাৰা হুছেইনৰ "বান" নামৰ কবিতাটো তুলি ধৰিলো—
"এঙাৰবুলীয়া হাঁহিটিত ওলমি থাকে
তাঁতশালৰ ছিগা চুলিৰ সপোন
চকুৰ পতাত সাগৰ
সাগৰফেনাত বহি আফলীয়ায়
কান্দি থকা শাওনে
পিতাইৰ বুকুত দি গ'ল
খৰাঙৰ জঠৰতা --------"
কবিৰ কাপত নিগৰা প্ৰতিটো শব্দৰ তৰংগত ভাঁহি চুই যায় হৃদয়ৰ অতল তলি। শব্দৰ সঠিক ব্যৱহাৰেৰে বাক্য গঠন শৈলী প্ৰশংসনীয়। বানৰ তাণ্ডৱত পিতাইৰ হেঁপাহৰ সপোনবোৰ তচনচ কৰি শাওনেও দি যায় বুকুত খৰাঙৰ জঠৰতা। অতুলনীয় ভাৱ, উপমা আৰু অলংকাৰৰ সমাহাৰে প্ৰাণৱন্ত কৰি তুলিছে কবিতাটো।
ওপৰৰ আলোচনাৰ পৰা স্পষ্ট যে যিটো সময়ত ফেচবুকত শ্ৰেষ্ঠত্বৰ ললুপ বিতৰ্কত নিমজ্জীত হৈছে এদ'ল আত্মস্বাৰ্থ পিপাসু প্ৰবীন, নবীন সেই সময়ত এই গোটৰ সাময়িক প্ৰচেষ্টাক আমি জনমানসত দাঙি ধৰা প্ৰয়োজনবোধ কৰিয়ে ‘সংবাদ প্ৰহৰী’ৰ জৰিয়তে সাহিত্য প্ৰেমিকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিলো।
ভ্ৰাম্যভাষ--- ৯১০১৮২৮১৫৯

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: