দুই পুত্র-বোৱাৰীক গ্রেপ্তাৰ


শিৱসাগৰ : শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীপাৰ দিছিয়াল গাঁৱৰ অনু বৰুৱা নামৰ এগৰাকী বৃদ্ধা অগ্নিদগ্ধ হৈ ৰহস্যজনকভাৱে মৃত্যুক সাবটি লোৱা ঘটনাৰ প্রতিক্রিয়া আজিও সমগ্র অঞ্চলজুৰি অব্যাহত আছে৷
কালি মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চলোৱা আৰক্ষীৰ প্রাথমিক তদন্তত আৰক্ষীয়ে সমগ্র ঘটনাটো সন্দেহৰ দৃষ্টিৰে গ্রহণ কৰি বৃদ্ধাগৰাকীৰ দুই পুত্র অংশুমান বৰুৱা, নৱজ্যোতি বৰুৱা আৰু দুই বোৱাৰী প্রতীক্ষা বৰুৱা আৰু ধুন বৰুৱাক আৰক্ষীয়ে আটক কৰিছিল৷ আৰক্ষীয়ে কালিৰে পৰা চলোৱা মাৰাথন জেৰাৰ পিছত আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চাৰিও অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷
আৰক্ষীয়ে অভিযুক্ত কেইজনক সাত দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে চাৰিও অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে৷ অৱশ্যে অভিযুক্ত চাৰিওজনে জেৰাত কি তথ্য প্রকাশ কৰিছে সেয়া স্পষ্টকৈ জনোৱাৰ পৰা শিৱসাগৰ আৰক্ষী বিৰত আছে৷ এগৰাকী আত্মীয়ই দিয়া এজাহাৰৰ ভিত্তিত এই ৰহস্যজনক মৃত্যুৰ শিৱসাগৰ আৰক্ষীয়ে ৭৭৭১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে সমগ্র ঘটনাৰ প্রকৃত তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷
জানিব পৰা মতে, নগৰৰ সমীপৰ দিছিয়াল গাঁৱৰ এগৰাকী সৰবৰহী মহিলা, শ্রীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একনিষ্ঠ সংগী তথা অৱসৰপ্রাপ্ত অ’ এন জি চিৰ বিষয়া প্রয়াত হেমকান্ত বৰুৱাৰ পত্নী অনু বৰুৱাৰ সম্পূর্ণৰূপে দগ্ধ মৃতদেহ কালি পুৱা সাতমান বজাত উদ্ধাৰ হৈছিল৷ দুই পুত্র নৱজ্যোতি-অংশুমান, বোৱাৰী-প্রতীক্ষা আৰু ধুনৰ সৈতে একেলগে একেটা গৃহতে বাস কৰা নৱজ্যোতিৰ সৈতেহে অনু বৰুৱাই একেলগে খোৱা-বোৱা কৰিছিল৷
দুই পুত্র আৰু এগৰাকী বিবাহিতা জীয়ৰীৰ লগতে বোৱাৰী-নাতিসহ এখন সুখৰ সংসাৰৰ মাজত জীৱন অতিবাহিত কৰি অহা অনু বৰুৱাৰ ৰহস্যজনক অৱস্থাত দগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্র অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে৷ ইফালে শিৱসাগৰ আৰক্ষীৰ এটা সূত্রই এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি ধাৰণা কৰিছে৷ উক্ত ধাৰণাৰ ভিত্তিতে ইতিমধ্যে তদন্তকাৰী বিষয়াই ঘটনাটোৰ তদন্তৰ গতি আগবঢ়াই নিছে বুলি জানিবলৈ দিছে৷
শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে এজাহাৰ দিয়া আত্মীয় গৰাকীয়েও সমগ্র ঘটনাটো পৰিকল্পিত হত্যা বুলি উল্লেখ কৰাত আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ অনুসন্ধানত আগবঢ়া বুলি জনাইছে৷ ইফালে মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা ছুইচাইড ন’টটো প্রকৃততে কোনে লিখিছিল, সেই তথ্যও আৰক্ষীয়ে আজি পর্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷



SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: