৬খন জিলাত ভদীয়া বানৰ ত্রাস


ৱেব ডেস্ক :  ৰাজ্যত ঠায়ে ঠায়ে ভদীয়া বানে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে৷ অৰুণাচলৰ চিয়াং নৈৰ পানী ফেনে-ফোটোকাৰে বঢ়াত ব্রহ্মপুত্রৰ জলপৃষ্ঠও বৃদ্ধি পাইছে৷ অৰুণাচলত হোৱা প্রবল বৰষুণৰ বাবে নীপকোৰ ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পানী খুলি দিয়াত লখিমপুৰ জিলাৰ অঞ্চল বিশেষ বানৰ কবলত পৰিছে৷ অৰুণাচলৰ পাছিঘাটত চিয়াঙৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে৷

অসম ৰাজ্যিক দুযোর্গ ব্যৱস্থাপনা কর্তৃপক্ষৰ মতে ব্রহ্মপুত্রৰ পানী ডিব্রুগড়, নিমাতীঘাট আৰু তেজপুৰত ধনশিৰি, জীয়াভৰলী আৰু পুঠিমাৰী নৈৰ পানীও বিপদসীমাৰ ওপৰেদি বৈ আছে৷ ভদীয়া বানৰ কবলত পৰিছে ৬খন জিলা ক্রমে ধেমাজি, লখিমপুৰ, বৰপেটা, চিৰাং, মাজুলী আৰু ডিব্রুগড়৷ ২৬৪খন গাঁও জলমগ্ন হোৱাৰ লগতে ৮৮৯৫ হেক্টৰ এলেকাৰ কৃষি ভূমি ক্ষতিগ্রস্ত হৈছে৷

লখিমপুৰত ৬০খনৰো অধিক গাঁও জলমগ্ন: লখিমপুৰৰ ষ্টাফ ৰিপ’র্ৰ: অৰুণাচল প্রদেশত নেৰানেপেৰাকৈ হৈ থকা প্রবল বৰষুণ আৰু নীপকো সৃষ্ট কৃত্রিম বানৰ বাবে লখিমপুৰ জিলাত ভদীয়া বানে পুনৰ সংহাৰৰ সৃষ্টি কৰিছে৷ ভয়াৱহ বানৰ বাবেই ৰাইজে ঘৰ-দুৱাৰ এৰি ওখ ঠাই, মথাউৰি আদিত আশ্রয় গ্রহণ কৰিছে৷ ৰঙানদী আৰু ডিক্রঙত নীপকোৰ জলবিদ্যুৎ প্রকল্পৰ পৰা এৰি দিয়া পানীৰ বাবেই বানত বিধবস্ত ৰাইজ দিশহাৰা হৈ পৰিছে৷

জিলাখনৰ বগলীজান পাঁচনৈৰ পৰা ৰঙানদীৰ নামনিৰ আমতলালৈকে কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ প্রবল বানৰ কবলত পৰিছে৷ জিলাখনৰ পানীগাঁও অঞ্চলৰ আমতলাৰ নিকটৱর্তী আমতলা নগৰগাঁও, মলুৱাল, বনগাঁও, গামচুক, শান্তিপুৰ আদি কুৰিখন গাঁৱৰ ৰাইজে ৰঙানদীৰ প্রবল বানৰ গ্রাসত পৰি হাহাকাৰ পৰিস্থিতিৰ মুখামুখি হৈছে৷ ইফালে জিলাখনৰ শিঙৰা নদীৰ বানেও নাওবৈছা অঞ্চলত পুনৰ আতংকৰ সৃষ্টি কৰিছে৷ বানত ভুক্তভোগী ৰাইজে নীপকোৰ ক্ষেত্রত চৰকাৰে লোৱা শিথিল ব্যৱস্থাক চোকা সমালোচনা কৰিছে৷

ৰাইজৰ অভিযোগ– চৰকাৰে বর্নযাতৰ দুর্দশাৰ বাবে নামমাত্রও গুৰুত্ব প্রদান কৰা নাই৷ জিলা প্রশাসনৰ পৰা পোৱা তথ্য মতে, আজিও নীপকো কর্তৃপক্ষই ৰঙানদীত নীপকোৰ বান্ধৰ পৰা পানী এৰি থকাত ৰঙানদীয়ে ২০১৭ চনৰ দৰে প্রলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰিছে৷ বিশেষকৈ ভাদ মাহত হোৱা প্রবল বানৰ বাবে ৰাইজে কঠোৰ পৰিশ্রমেৰে কৰা কৃষি ক্ষেত্রসমূহো ধবংস কৰি পেলোৱাত ৰাইজ অনাগত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে৷

৫৫খন গাঁও বানৰ কবলত: লখিমপুৰ জিলা প্রশাসনৰ মতে শেহতীয়া বানত জিলাখনত ৫৫খন গাঁও বানৰ কবলত পৰাৰ লগতে কাকৈ নদীয়ে জিলাখনৰ কদম ন-ভগনীয়াত মথাউৰি বিচিছন্ন কৰাৰ লগতে দলহাটত শিঙৰা নদীয়ে দলহাট ৰে’লৱে অ’ভাৰ ব্রীজৰ সমীপত এটি কৃষিবান্ধ বিচিছন্ন কৰিছে৷ বানত জিলাখনৰ বিহপুৰীয়াত ১৩খন, কদমত ১০খন, সোৱণশিৰীত ৭খন, নাওবৈছাত ১৯খন, নর্থ লখিমপুৰ ৰাজহ চক্রত ৬খন গাঁও বানৰ কবলত পৰিছে৷ সেই অনুসৰি ১৭৩৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে আৰু ৩৪২১২জন লোক সাম্প্রতিক বানত ক্ষতিগ্রস্ত হৈছে৷

গোগামুখত ন ন অঞ্চল প্লাৱিত: গোগামুখৰ নিজা বাতৰি দিওঁতা ঃ শেহতীয়া ভদীয়া বানে গোগামুখ ৰাজহ চক্রৰ ৪০খনৰো অধিক গাঁও প্লাৱিত কৰি তোলাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে৷ বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ উল্লেখ্য যে জীয়াধল, কুমতীয়া, ন-নদীৰ বানত বুৰিল গোগামুখৰ ৪০খনৰো অধিক গাঁও৷ প্রলয়ংকৰী বানে ৰাইজক হাবু ডুবু খুওৱাৰ পাছতো বিধায়ক ডাঃ ৰণোজ পেগু আৰু সাংসদ প্রদান বৰুৱাই বন্যার্তৰ খবৰ ল’বলৈ আহৰি নোপোৱাক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বন্যার্তৰ মাজত এতিয়া তীব্র খাদ্য সংকটে দেখা দিছে৷

দমকলসমূহ বাঢ়নী পানীত তল যোৱাত এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ লগতে জীৱ-জন্তুসমূহৰো তীব্র খাদ্য সংকটে দেখা দিছে৷ এতিয়ালৈ কিন্তু বানাক্রান্ত ৰাইজক খবৰ কৰা নাই কোনো বিধায়ক, সাংসদ অথবা জনপ্রতিনিধিয়ে৷ ইফালে ধেমাজি জিলা প্রশাসনেও খবৰ লোৱা নাই এইসকল লোকৰ৷ খাদ্য-সামগ্রী যোগান নধৰাত বন্যার্তই তীব্র ক্ষোভ প্রকাশ কৰিছে৷

প্রলয়ংকৰী বানৰ ফলত কেইবাখনো বিদ্যালয়ৰ পাঠদান ব্যাহত হৈ পৰিছে৷ বানত বিশেষকৈ চুতীয়াকাৰী, বৰদৈ কৈৱর্ত, বালি চাপৰি, গোসাঁইবাৰী, লক্ষীপথাৰ, ভূমা, বৰদৈ চুতীয়াকাৰী, খনাকৃষ্ণপুৰ, ৰতোৱা, কৈৱত্র গাঁও, বগলীজান, বেতনিহুলা, বৰদৈবাম, বেৰভঙা আদি কৰি ৪০খনৰো অধিক গাঁৱত জলপ্রলয়ৰ সৃষ্টি হৈছে৷

বিহপুৰীয়াত বিনিদ্র ৰজনী কটাইছে দুই শতাধিক পৰিয়ালে: বিহপুৰীয়াৰ নিজা বাতৰি দিওঁতা: যোৱা কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ পাছত নীপকোৱে ডিক্রঙত পানী এৰি দিয়াৰ পাছতে কালিৰে পৰা লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্রৰ অন্তর্গত বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে৷

বিশেষকৈ বিহপুৰীয়া আৰু বদতি, জামুগুৰি পঞ্চায়তৰ অন্তর্গত আহোম গাঁও, মৰিছাপথাৰ, বঙালী ছিত গাঁও, বাগিচা, জাপজুপ, মধুপুৰ, দহঘৰীয়াকে আদি কৰি কেইবাখনো গাঁৱৰ দুই শতাধিক পৰিয়ালৰ বাসগৃহ আৰু খেতিপথাৰ জলমগ্ন হৈ পৰিছে৷ যোৱা ৰাতি নদীখনৰ জলপৃষ্ঠ দিনৰ ভাগতকৈ অধিক বৃদ্ধি পাই মানুহৰ ঘৰত সোমোৱাৰ পাছত হুৱা-দুৱা লাগে বন্যার্তৰ মাজত৷

ৰাতি অকস্মাতে পানী অধিক পৰিমাণে বৃদ্ধি পোৱাৰ পাছতেই বিনিদ্র ৰজনী কটোৱাৰ লগতে টালি-টোপোলা বান্ধি নিৰাপদ স্থানলৈ ঢাপলি মেলে বন্যার্তই৷ ইতিমধ্যে বিহপুৰীয়া ৰাজহ চক্রৰ চক্র বিষয়া দীপ্তি মৰাং আৰু চক্র বিষয়া (সংলগ্ন) খুলজিত পাদুনৰ নেতৃত্বত এটা দলে আজি পুৱাৰ ভাগত বানাক্রান্ত অঞ্চলসমূহ পৰিদর্শন কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় আৰু তেওঁলোকক সতর্কতাৰে থাকিবলৈ আহবান জনায়৷

দলটোৱে জনোৱা মতে বান অহাৰ পৰা বর্তমান পর্যন্ত ৪৮ ঘণ্টা নোহোৱাৰ বাবে কোনো সাহায্য প্রদান কৰিব পৰা হোৱা নাই৷ যাৰ ফলত বহু বন্যার্ত পৰিয়ালে অনাহাৰেও কটাবলগীয়া হৈছে৷ ইফালে নদীখনৰ ভদীয়া বানৰ ফলত মানুহৰ লগতে পশুধনৰো বিলাই নোহোৱা অৱস্থা হৈছে৷ কেইবাখনো বিদ্যালয়ত পানী সোমোৱাৰ ফলত বিদ্যালয়ৰ পাঠদানো আজি বন্ধ ৰাখিবলগীয়া পৰিস্থিতি হৈছে৷

ধেমাজি জীয়াধলৰ বাঢ়নী পানীয়ে খহাই নিলে ৰে’লপথ: ধেমাজিৰ নিজা প্রতিবেদক: যোৱা কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ ধেমাজি জিলাখনৰ প্রায় দুশখন গাঁও বানৰ কবলত পৰিছে৷ জীয়াধল নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি আজি পুৱা ৬-৩০ বজাত ধেমাজিৰ জীয়াধল ৰে’লৱে ষ্টেছনৰ সমীপৰ হেঁচুলিৰ ওচৰৰ ৰে’লপথটো প্রায় ২০ মিটাৰ খহাই লৈ যায়৷

যাৰ ফলত মুর্কংচেলেক-ৰঙিয়া অভিমুখী যাত্রীবাহী ৰে’লখন ধেমাজি ৰে’লৱে ষ্টেছনত আবদ্ধ হৈ পৰে৷ যাত্রীবাহী ৰে’লখন আবদ্ধ হোৱাৰ ফলত দূৰণীবটীয়া যাত্রীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইতিমধ্যে ৰে’ল লাইন খহাই নিয়া অংশত ৰে’ল বিভাগে মেৰামতিৰ ব্যৱস্থা কৰিছে যদিও কেতিয়ালৈ পথটো ৰে’ল চলাচলৰ বাবে সুচল কৰি তুলিব সেয়া নিশ্চিত নহয়৷ আনহাতে মুর্কংচেলেকৰ পৰা কামাখ্যা অভিমুখী লাচিত এক্সপ্রেছখনৰ চলাচল বাতিল কৰিছে বুলি জানিব পৰা গৈছে৷

ইপিনে জীয়াধল নদীৰ বানত ধেমাজি ৰাজহ চক্রৰ প্রায় ১০খন গাঁৱৰ চাৰি সহস্রাধিক লোক ক্ষতিগ্রস্ত হৈছে৷ ধেমাজি জিলা প্রশাসনৰ পৰা পোৱা তথ্য অনুসৰি বর্তমান জিলাখনত ৪৭,৪৭১টা পৰিয়াল বানৰ কবলত পৰাৰ লগতে ৭১০৮ হেক্টৰ কৃষিভূমি বানত নষ্ট হৈছে৷ জিলা প্রশাসনৰ ফালৰ পৰা জিলাখনত দুটা আশ্রয় শিবিৰ স্থাপন কৰাৰ উপৰি বানত আক্রান্ত লোকসকলৰ মাজত ২২১.৮২ কুইণ্টল চাউল, ৩৭.৭১ কুইণ্টল দাইল আৰু ১১.৩২ কুইণ্টল নিমখ প্রদান কৰিছে৷

চিয়াং-লালী নদীৰ বানত পুনৰ বিচিছন্ন মথাউৰি: জোনাইৰ নিজা বাতৰি দিওঁতা: চিয়াং-লালী নদীৰ বাঢ়নী পানীয়ে জোনাই মহকুমাত ১১২খন গাঁও-চুবা বুৰাই পেলোৱাত বন্যার্ত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

উল্লেখযোগ্য যে কালি জোনাই মহকুমাৰ গালী-চিকাৰী পঞ্চায়তৰ অন্তর্গত মুদৈ-দেৱেৰাত প্রায় পাঁচশ মিটাৰ দৈর্ঘযৰ মথাউৰি ছিঙি পেলোৱাৰ পাছত আজি পুনৰ চিয়াং-লালী নদীৰ বানে বাহিৰ জোনাই লোহিজান পঞ্চায়তৰ বেৰাচাপৰি আৰু বাসন্তীনলাত দুঠাইত বিচিছন্ন কৰে মথাউৰি৷

বেৰাচাপৰি আৰু বাসন্তীনলাৰ মথাউৰিৰ ছিগা অংশৰে প্রৱেশ কৰা চিয়াং-লালী নদীৰ প্রলয়ংকৰী বানে বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ শান্তিপুৰ, মালভোগ, ৰাভাকাঠনী, সোণোৱাল কাঠনী, তাৰি মাজগাঁও, তাৰি কছাৰী, এক নং তাৰি নেপালী, দুই নং তাৰি নেপালী, বেৰাবেংগলী, বেৰানগাঁও, মিলনতীর্থ, বগীনদী, ৰায়গাাঁও, ৰোহিতপুৰ দেউৰী, জলধুবী, বেৰা মাজগাঁও, কেৰকেৰ, নলনীপাম, হৰিপুৰ মিচিং, হৰিপুৰ দেউৰী আদি অর্ধশতাধিক গাঁও-চুবা বুৰাই পেলাইছে৷ ইপিনে মুদৈ-দেৱেৰাত চিয়াং-লালী নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিগা অংশইদি সোমোৱা বানে কুটুমচোক, চৰাইবাৰী, দেৱেৰা, মুদৈ, জীয়াধল, গালীঘাট, গালী চাপৰি, গালী ৰাংকপ, গালী কছাৰী, আমগুৰি কছাৰী, চিত্তনগৰ, তল মামৰ, বৰং কৃষ্ণপুৰ, বৰং মজদুৰ, বৰং আহোম গাঁও, বৰং তেলীজান, বৰং চৰাইবাৰী অর্ধশতাধিক গাঁও বুৰাই পেলাইছে৷

তদুপৰি চিয়াং-লালী নদীৰ বানত নদীদ্বীপ কবু চাপৰি, মেছাকী চাপৰি, মুনমুনী চাপৰি, কাংকান চাপৰি আদি বহু চৰ-চাপৰি এলেকা তল গৈছে৷ নদীদ্বীপ কবু চাপৰি বানত সম্পূর্ণ বুৰ যোৱাত তাৰ ৰাইজক প্রশাসনে উদ্ধাৰ অভিযান চলাই আছে৷ শেহতীয়া বানত ঘৰ-বাৰী হেৰুওৱা, সর্বস্বান্ত হোৱা বহু পৰিয়ালে মেছাকী চাপৰি আৰু বগৰীগুৰিত স্থাপন কৰা শিবিৰত আশ্রয় গ্রহণ কৰিছে৷ জোনাই মহকুমাত তিনি সহস্রাধিক হেক্টৰ শস্যপথাৰ শেহতীয়া বানত বুৰ যোৱাৰ উপৰি কেইবাহাজাৰ পশুধন বানৰ কবলতপৰি খাদ্য সংকটত ভুগিবলগা হৈছে৷ জোনাই মহকুমা প্রশাসন আৰু এছ ডি আৰ এফে নদীদ্বীপ কবু চাপৰিৰ পৰা ১৩৩জন লোকক উদ্ধাৰ কৰি বর্তমান জোনাই উচচতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্রয় শিবিৰত ৰখা হৈছে৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: