শ্রীৰামচন্দ্রক উদ্দেশ্য কৰি মুল্লা খানে ফে’চবুক’ত দিয়া অশ্লীল মন্তব্যৰ বাবে দুটা ফৈদৰ তীব্ৰ সংঘাত


ডিব্ৰুগড় : শ্রীৰামচন্দ্রক উদ্দেশ্য কৰি ‘ফে’চবুক’ত বৰহাপজানৰ এজন যুৱকে অশ্লীল মন্তব্য কৰাক কেন্দ্র কৰি সমগ্র এলেকাটোত তীব্র উত্তেজনা বিৰাজ কৰি আছে৷ আজি এই ঘটনাটোক কেন্দ্র কৰি দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাত নিয়ন্ত্রণ কৰিবলৈ গৈ আৰক্ষীয়ে উত্তেজিত জনতাক ছত্রভংগ দিয়াবলৈ লাঠীচালনা, কন্দুৱা গেছ প্রয়োগ কৰাৰ উপৰি শূন্যলৈ কেইবাজাঁয়ো গুলী চলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷

বর্তমানে সমগ্র এলেকাৰ পৰিস্থিতি উত্তেজনাময় হৈ আছে আৰু পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত প্রশাসনে ডুমডুমা, বৰহাপজান আৰু লংছোৱাল এলেকাত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰা বলৱৎ কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি ডুমডুমাৰ সমীপৰ বৰহাপজানৰ হনুমান মন্দিৰৰ কাষৰ নতুন বজাৰ নিৱাসী আজিজ খান ওৰফে মুল্লা খানে ছ’চিয়েল মিডিয়াত (ফেচবুক) কিছুদিনৰ পূর্বে শ্রীৰামচন্দ্রক উদ্দ্যেশি অশ্লীল ভাষাত মন্তব্য কৰিছিল৷

এই মন্তব্যক লৈ শ্রীৰামচন্দ্রৰ ভক্ত একাংশৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ ইফালে এই সংক্রান্তত হিন্দু যুৱ-ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়াৰ আৰক্ষীক যোৱা ১০ ছেপ্টেম্বৰত এখন এজাহাৰ দাখিল কৰি আজিজ খানক শীঘ্রে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়৷ ইফালে অভিযোগ দিয়াৰ চাৰিদিনৰ পাছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ প্রতিবাদত আজি পুৱা হিন্দু যুৱ-ছাত্র পৰিষদৰ উদ্যোগত বৰহাপজান লংছোৱাল এলেকাৰ ৰাইজ ওলাই আহি লংছোৱালত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷

ইয়াৰ পাছতেই প্রতিবাদকাৰীসকলে মটৰচাইকেলেৰে এক প্রতিবাদী সমদল উলিয়াই বৰহাপজানৰ দিশে বিভিন্ন শ্ল’গান দি আহি থাকোতে বৰহাপজানৰ পুৰণা বজাৰৰ সমীপত আজিজ খানৰ একাংশ সমর্থকে প্রতিবাদকাৰীসকলক আক্রমণ কৰে৷ শিলগুটি, লাঠী, ৰড আদিৰে কৰা আক্রমণত প্রতিবাদকাৰীসকলৰ কেইবাজনো আহত হোৱাৰ লগতে প্রতিবাদকাৰীৰ কেইবাখনো মটৰচাইকেলৰ বিস্তৰ ক্ষতিসাধন হয়৷

আহতসকলৰ কেইজনমান ক্রমে বিকাশ সিং, সঞ্জয় দে’, প্রহলাদ নায়ক, যুগল প্রসাদ গুপ্তা, আকাশ চাৱাচী, জয়কিষাণ গোৱালা, মিথুন গোৱালা, অভয় লাহন, অশোক দাস, বিকাশ তাঁতী, কমল তাঁতী৷ আনহাতে দুয়োটা পক্ষই যুযুধান ৰূপত অৱস্থান কৰাত পৰিস্থিতি অধিক উত্তেজনাময় হৈ পৰে৷ সেই সময়তেই আৰক্ষী আৰু নিৰাপত্তাৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্রয়োগ কৰাৰ উপৰি শূন্যলৈ কেইবাজাঁয়ো গুলীচালনা কৰে৷ আৰক্ষীৰ লাঠীচালনাতো কেইবাজনো লোক আহত হয় বুলি জানিব পৰা গৈছে৷

ইফালে বৰহাপজানত আৰক্ষীৰ লাঠীচালনা, শূন্যলৈ গুলীচালনাৰ ঘটনাই ৰাইজৰ মাজত তীব্র ক্ষোভৰ সৃষ্টিৰ কৰাৰ মাজতে ডুমডুমাৰ পৰা একাংশ যুৱক বৰহাপজানলৈ গৈ পৰিস্থিতি আৰু অধিক জটিল কৰি তোলাৰ চেষ্টা কৰে৷ উল্লেখযোগ্য যে ফেচবুকত অশ্লীল মন্তব্য কৰা আজিজ খানক গ্রেপ্তাৰৰ দাবীত ডুমডুমা থানাৰ অন্তর্গত লংছোৱালৰ পৰা ৰূপাইলৈকে দোকান-পোহাৰ বন্ধৰ আহবান জনাইছিল৷ আৰু ইয়াৰ প্রতি সঁহাৰি জনাই উল্লিখিত এলেকাৰ দোকান-পোহাৰসমূহ বন্ধ ৰাখিছিল৷



যদিও বৰহাপজানৰ পুৰণা বজাৰৰ দুই-এখন দোকান খোলা ৰাখিছিল আৰু এই খবৰ লাভ কৰি ডুমডুমাৰ একাংশ যুৱকে উক্ত পুৰণা বজাৰলৈ গৈ খুলি ৰখা দোকানকেইখন বন্ধ কৰিবলৈ অনুৰোধ জনোৱাৰ পাছতেই উক্ত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে৷

আনহাতে গণেশ পূজা পালনক কেন্দ্র কৰি ডুমডুমাত দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ জানিব পৰা মতে ডুমডুমাৰ ৰাজেন্দ্র প্রসাদ শৰণিত ৰে’ল লাইনৰ সমীপৰ পথৰ কাষতে গণেশ পূজা ৰাজহুৱাভাৱে উদযাপন কৰিছিল৷ সমান্তৰালভাৱে গণেশ পূজাথলীৰ সমীপতে সমাগত মহৰম উপলক্ষে একাংশ যুৱকে আজিয়াৰ আখৰা কৰি আছিল৷ অতি ঠেক এই পথটোত গণেশ পূজাৰ সমীপতে আজিয়াৰ আখৰা চলি থাকিলে ভক্তপ্রাণ ৰাইজৰ অসুবিধা হোৱাৰ প্রতি লক্ষ্য ৰাখি পূজাৰ উদ্যোক্তাসকলে আজিয়াৰ আখৰা কালিৰ দিনটো বন্ধ কৰিবলৈ যুৱকসকলক অনুৰোধ জনাইছিল৷

এই লৈ দুয়োটা ফৈদৰ মাজত প্রথমতে বাক-বিতণ্ডা আৰু পিছলৈ হতাহতিৰ সৃষ্টি হয়৷ পৰিস্থিতি এনে পর্যায় পায়গৈ যে আজিয়াৰ আখৰা কৰা যুৱকসকলৰ এচামে তৰোৱাল লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰে৷ লগে লগে উদ্যোক্তাসকলে গৈ আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীয়ে অভিযুক্তসকলক কৰায়ত্ত কৰিব নোৱৰাত পূজাৰ উদ্যোক্তাসকলে ক্ষুব্ধ হৈ নিশাই ডুমডুমা থানা ঘেৰাও কৰি অভিযুক্তক গ্রেপ্তাৰৰ দাবী তুলি পৰিৱেশ উত্তপ্ত কৰি তোলে৷

পাছত আৰক্ষীয়ে প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷ কালিৰ এই ঘটনাটোৱে ডুমডুমা নগৰত তীব্র উত্তেজনাৰ সৃষ্টি কৰি আছে৷ ইফালে নিশাই কার্যবাহী দণ্ডাধীশ তথা ডুমডুমাৰ ৰাজহ চক্র বিষয়া পংকজ নাগবংশী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্রণৰ ব্যৱস্থা গ্রহণ কৰে৷ আনহাতে ডুমডুমা আৰু বৰহাপজানৰ ঘটনা দুটাই যাতে পৰিস্থিতিৰ আৰু অধিক অৱনতি নঘটায় তাৰ প্রতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম চৰন কুমাৰ সিং আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ পর্যবেক্ষণ কৰাৰ লগতে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আৰক্ষী প্রশাসনক নির্দেশ দিয়ে৷


ইফালে এই দুয়োটা ঘটনাক লৈ তীব্র উদ্বেগ প্রকাশ কৰি সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সভাপতি বিনয় ডুবে আৰু সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰে সকলো পক্ষকে সংযম ৰক্ষা কৰি শান্তি-সম্প্রীতি বর্ই ৰাখিবলৈ আহবান জনায় আৰু এই ঘটনা দুটাক লৈ যাতে কোনো দুষ্ট চক্রই সাম্প্রদায়িক ৰহণ সানি অশান্তি বিয়পাব নোৱাৰে তাৰ প্রতি সকলোকে সজাগ দৃষ্টি ৰাখিবলৈ আহবান জনায়৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: