দ্বিতীয় দিনাও উত্তাল বডোলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ  খবৰ লবলৈ আহৰি নাই চৰকাৰৰ কোনো বিষয়া, প্ৰতিনিধি

দ্বিতীয় দিনাও উত্তাল বডোলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ খবৰ লবলৈ আহৰি নাই চৰকাৰৰ কোনো বিষয়া, প্ৰতিনিধি


কোকৰাঝাৰ : বি টি এ ডিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ম্যাদ উকলি যোৱাৰ পিছতো পুনৰ উপাচাৰ্য ৰূপে দায়িত্ব লোৱা উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাক আঁতৰাই নতুনকৈ এক্টিং তথা স্থায়ীভাৱে উপাচাৰ্য নিযুক্তি দিয়াৰ দাবীৰে ২০ চেপ্টেম্বৰ পৰা আৰম্ভ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘত দ্বিতীয় দিনাও অব্যাহত থাকিল। কালিৰ দৰেই পুৱা ৯ বজা পৰা আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে আজিও। দ্বিতীয় দিনতো প্ৰতিবাদ সাব্যস্ত কৰি উপাচাৰ্য হেমন্ত বৰুৱাৰ বিৰূদ্ধে বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ সৌহদ। কোকৰাঝাৰ জিলা বডোলেণ্ড ছাত্ৰ সন্থা ( বি এছ ইও)ৰ উদ্ধোগত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়ৰ সমূহৰ বহু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ পিছতো চৰকাৰৰ কোনো প্ৰতিনিধি, বিষয়াই খবৰ লবলৈ আহৰি নাই । জিলা বি এছ ইওৰ সভাপতি দেৰহাছাৎ ব্ৰহ্মই অভিযোগ কৰা মতে চলিত চেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে হেমন্ত কুমাৰ বৰুৱাৰ কাৰ্য্যকালৰ ম্যাদ উকলি গৈছে যদিও চৰকাৰে তেওঁক আকৌ উপাচাৰ্য ৰুপে নিযুক্তি দিয়াটো চৰকাৰৰ সৰযন্ত্ৰ। হেমন্ত কুমাৰ বৰুৱাই পৰিচালনা কৰা সময়তে পাঁচটা বছৰত বিশ্ববিদ্যালয়ৰ কোনো এটা উন্নয়নমুলক কাম কৰিবলৈ সক্ষম নহল। আজিলৈ ১২ বি ষ্টেটাছ নোহোৱা বাবে বি টি চিৰ বহু কেইখনমান মহাবিদ্যালয় বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধাৰত গুচি গল। সেয়ে হেমন্ত বৰুৱাক আতৰাই অতি শীঘ্ৰে নতুনকৈ এক্টিং উপাচাৰ্য তথা স্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰৰ পালৰ পৰা নাহিলে অনিৰ্দিষ্টকালীন বাবে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখা হব বুলি সকীয়নী প্ৰদান কৰে বি এছ ইওৰ নেতা গৰাকীয়ে। আনহাতে কেন্দ্ৰীয় বি এছ ইওৰ সভাপতি ছৌগোমছাৰ বসুমতাৰীয়ে অভিযোগ কৰা মতে অসমৰ ৰাজ্যপাল আৰু বৰ্তমানৰ বিতৰ্কিত উপাচাৰ্য হেমন্ত বৰুৱা দুয়ো মিলি বডোলেণ্ড বিশ্ববিদ্যালয়ক শেষ কৰা ৰযন্ত্ৰ চলাইছে। এনে কৰিবলৈ হেমন্ত কুমাৰ বৰুৱা কোন হয় বুলি প্ৰস্ন কৰে । চৰকাৰৰ আমোলাই হেমন্ত বৰুৱাক উপাচাৰ্য নিযুক্তি কৰি বিশ্ববিদ্যালয়খন শেষ কৰাৰ সৰযন্ত্ৰ কোনো সয্য কৰা নহব আনকি অসমৰ মুখ্য মন্ত্ৰী সৈতে আলোচনাৰ মাজেৰে এই জলন্ত সমস্যা সমাধান কৰিব লাগে অন্যথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদী কাৰ্যসূচী কঠোৰ ভাৱে লোৱা হ’ব বুলি সকীয়নী প্ৰদান কৰে বি এছ ইওৰ সভাপতিগৰাকীয়ে।
কোকৰাঝাৰৰ মহিলা নিতু বসুমতাৰীলৈ মিছেচ্ ডিভা অফ ইণ্ডিয়া ইন্টাৰনেছনেল খিতাপ

কোকৰাঝাৰৰ মহিলা নিতু বসুমতাৰীলৈ মিছেচ্ ডিভা অফ ইণ্ডিয়া ইন্টাৰনেছনেল খিতাপ


কোকৰাঝাৰ : অসম তথা বি টি এ ডিৰ বাবে গৌৰৱৰ লগতে আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ এগৰাকী মহিলাই। সেয়াই হল কোকৰাঝাৰ ৱাৰ্ড ন -৫ টেঙাপাৰাৰ বাসিন্দা নিতু বসুমতাৰী । চলিত চেপ্টেম্বৰ মাহৰ ১৬ তাৰিখে ৰাজস্থানৰ বিলৱাৰাত আলক্স ৰিজৰ্ট " ত ভাইৰাছ এণ্ড ইন্টাৰটেন্টমেন্টে আয়োজিত " মিছ / মিছেছ ডিভা অফ ইণ্ডিয়া ইন্টাৰনেছনেল ছিজন-৩ " এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিতু বসুমতাৰীয়ে " মিছেছ ডিভা অফ ইণ্ডিয়া ইন্টাৰনেছনেল " উপাধিৰে ফেশ্বন প্ৰতিযোগিতাৰ বিজয়ী খিতাপ অৰ্জন কৰি বি টি এ ডি আৰু অসমৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

কোকৰাঝাৰ চহৰৰ এগৰাকী বহু সম্ভাৱনাময় মহিলাগৰাকীয়ে ফেশ্বন জগতত নিজৰ নাম উজলাবলৈ সমৰ্থ হোৱাৰ আঁৰত নিজৰ স্বামী আৰু কোকৰাঝাৰৰ এগৰাকী ফেশ্বন জগতত নিজকে স্থাপন কৰিব পৰা তথা ভাইৰাছ এণ্ড ইন্টাৰটেন্টমেন্টেৰ ৰাজ্যিক সঞ্চালক নৱনিতা বট্ৰাই অহৰহ সহায় কৰা বুলি কৃতজ্ঞতা জ্ঞাপন কৰে। মহিলা গৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাত কোকৰাঝাৰত আনন্দৰ জোৱাৰ উঠে। বিজয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে নিতু বসুমতাৰী আৰু পৰিয়ালবৰ্গ সহ অনুৰাগী সকল। বৃহস্পতিবৰে কোকৰাঝাৰৰ এখন বিলাসী হোটেল গৌৰাং ভেলিত আয়োজিত সংবাদ মেলৰ জৰিয়তে এই সুখবৰ অৱগত কৰে নিতু বসুমতাৰীয়ে। ৰাষ্ট্ৰীয় ফেশ্বন প্ৰতিযোগিতাত বিজয়ৰ মুকুট লাভ কৰিবলৈ সক্ষম হোৱা নিতু বসুমতাৰীক অনুৰাগী সকলে ফুলৰ উপহাৰ , আৰনাই আদিৰে উষ্ম আদৰণি জনায়। সাংবাদিকৰ আগত নিতু বসুমতাৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সপোন আছে বুলিও প্ৰকাশ কৰিছে। আনহাতে এই একেখন প্ৰতিযোগিতাত কোকৰাঝাৰৰে আন এগৰাকী কন্যা প্ৰিয়ংকা আঞ্চালিয়াই "মিছ ডিভা অফ ইণ্ডিয়া ভিভাছিয়েল" উপাধি লাভ কৰিবলৈ সক্ষম হোৱা বুলি জনা গৈছে।

বৰপেটাত চিকিৎসক-সহ ৪ জনক গ্রেপ্তাৰ

বৰপেটাত চিকিৎসক-সহ ৪ জনক গ্রেপ্তাৰ


বৰপেটা : ৰাজ্যত সংঘটিত কেইবা কোটিটকীয়া বীমা কেলেংকাৰিৰ সৈতে জড়িত এজন চৰকাৰী চিকিৎসক আৰু দুটা দালালক আজি বৰপেটা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা চিকিৎসকজন বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ শ্বহিদুল ইছলাম বুলি জানিব পৰা গৈছে৷ আনহাতে ধৃত দালাল দুটা হৈছে জনিয়াৰ মহম্মদপুৰ গাঁৱৰ ইছমাইল হুছেইন আৰু একাববৰ আলী৷ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মফিদা বেগম নামৰ এগৰাকী মহিলাকো গ্রেপ্তাৰ কৰে৷

জানিব পৰা মতে, ৰাজ্যখনৰ এটা বৃহৎ চক্রই বিভিন্ন অঞ্চলৰ মৃত ব্যক্তিৰ নামত বীমাৰ পলিচি খুলি বিভিন্ন বীমা প্রতিষ্ঠানৰ পৰা কোটি কোটি টকা সৰকাই নিছে৷ কিছুদিন পূর্বে গুৱাহাটী উচচ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনত ৰাজ্যখনত ইতিমধ্যে প্রায় ৫০০ কোটি টকাৰ বীমা কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে৷ সর্বাধিক বীমা কেলেংকাৰি সংঘটিত হৈছে দৰং আৰু বৰপেটা জিলাত৷

বীমা কোম্পানীৰ বিষয়া, এজেণ্টকে ধৰি গাঁওবুঢ়া, চিকিৎসক, দালাল আদি বিভিন্ন স্তৰৰ লোক এই কেলেংকাৰিৰ সৈতে জড়িত হৈ আছে৷ বৰপেটাৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ডাঃ শ্বহিদুল ইছলাম নামৰ চিকিৎসকজনৰ লগতে ইছমাইল হুছেইন, একাববৰ আলীক গ্রেপ্তাৰ কৰাৰ পাছত প্রয়াত নবাব আলীৰ নামত পলিচি খোলা নবাবৰ পত্নী মফিদা বেগমকো আটক কৰে৷ চিকিৎসক শ্বহিদুলে মৃত্যুৰ ভুৱা প্রমাণ-পত্র আৰু মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন প্রদানৰ সৈতে জড়িত থকাৰ বিপৰীতে দালাল ইছমাইল হুছেইন আৰু নবাবৰ ভিনিহিয়েক একাববৰ আলীয়ে পলিচি হল্ডাৰৰ পৰিয়াল তথা নমিনি আৰু বীমা কোম্পানীৰ অনুসন্ধানকাৰী বিষয়াৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল৷

এনেদৰে নবাব আলী নামৰ মৃত ব্যক্তিজনৰ নামত কেইবাটাও ভুৱা বীমা পলিচি খুলি চক্রটোৱে বীমা কোম্পানীৰ পৰা কেইবা কোটি টকা সৰকাই নিছিল৷ নবাবৰ নামত খোলা পলিচিৰ বিপৰীতে পাবলগীয়া বীমাৰ ধন তেওঁৰ পত্নী মফিদা বেগমৰ বেংক একাউণ্টযোগে আদায় দিয়া হৈছিল৷ সম্প্রতি আৰক্ষীৰ ফালৰ পৰা নিজাববীয়াকৈ ১৯০৭১৮ এটা গোচৰ ৰুজু কৰি আটাইকেইজনকে বৰপেটা থানাত জেৰা কৰি থকা হৈছে৷