ইউৰোৰ কাপঃ ৫-২ গ’লত জয়ী ছুৱেইনষ্টেগাৰৰ দল ঃ আইচলেণ্ডৰ স্বপ্নভংগ ঃ ছেমিত ফ্রান্স - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

July 5, 2016

ইউৰোৰ কাপঃ ৫-২ গ’লত জয়ী ছুৱেইনষ্টেগাৰৰ দল ঃ আইচলেণ্ডৰ স্বপ্নভংগ ঃ ছেমিত ফ্রান্স

পেৰিছ, ৪ জুলাই ঃ অৱশেষত ইউৰো কাপত স্বপ্নৰ দৌৰ সমাপ্ত হ’ল আইচলেণ্ডৰ সন্মানীয় ফুটবল প্রতিযোগিতাখনত ইংলেণ্ডৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা । আইচলেণ্ডে অৱশেষত প্রতিযোগিতাখনৰ কোৱাটাৰ ফাইনেলৰ পৰা বিদায় মাগিলে। দেওবাৰে নিশা পেৰিছত অনুষ্ঠিত চতুর্থ তথা অস্তিমখন কোৱাৰ্টাৰ ফাইনেল মেচত আইচলেণ্ডে আয়োজক ফ্রান্সৰ হাতত ৫-২ গ’লৰ ব্যৱধানত পৰাস্ত হৈ প্রতিযোগিতাখনৰ পৰা বিদায় মাগে। প্রতিযোগিতাখনৰ আয়োজক দলটোৰ এই জয়ৰ মূলতেই আছিল অলিভিয়াৰ গিৰুড়ৰ দুটাকৈ দর্শনীয় গ'ল। ঘৰুৱা দৰ্শকৰ পূৰ্ণ সমৰ্থনত উজ্জীৱিত খেল প্রদর্শন কৰা ফ্রান্সে ১২ মিনিটতে প্রথমটো সফলতাৰ মুখ দেখে। গিৰুডে দর্শনীয় গ’ল স্ক’ৰ কৰি দলক অগ্রগতি প্রদান কৰাৰ সাত মিনিট পাছত পল পগবাই গ’ল স্ক'ৰ কৰি ফ্ৰান্সক ২-০ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে। ইফালে, প্রথমার্ধৰ খেল শেষ হ’বলৈ তিনি মিনিট বাকী থকা অৱস্থাত ঘৰুৱা দলটোৱে আইচলেণ্ডৰ গ’লবক্সত পুনৰ দুটা মোক্ষম আঘাত হানিবলৈ সক্ষম হয়। ৪২ মিনিটত ডিমিটি পায়েট আৰু ৪৫ মিনিটত এণ্টনী গ্রিজমেনে গ’ল স্ক'ৰ কৰি খেলখনত ফ্রান্সক ৪-০ গ’লত বৃহৎ অগ্রগতি প্রদান কৰাই নহয়, দলৰ জয়লাভো একপ্রকাৰ নিশ্চিত কৰি তুলিছিল। ফ্রান্সে প্রথমার্ধত চাৰিটাকৈ গ'লস্ক'ৰ কৰি মেচখন নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল।

ইফালে, দ্বিতীয়ার্ধৰ খেলত আইচলেণ্ডে কিছু পৰিমাণে ফ্রান্সক চাপত ৰাখিবলৈ সক্ষম হৈছিল। খেলখনৰ ৫৬ মিনিটত ক’লবেইন চিগথ’ৰছনে গ’ল স্ক’ৰ কৰি গ’লৰ ব্যৱধান ৪-১লৈ হাস কৰিছিল যদিও ফ্রান্স দলৰ তাৰকা খেলুৱৈ গিৰুডে ৫৯ মিনিটতব্যক্তিগতভাৱে দ্বিতীয়টো গ'লস্ক'ৰ কৰি আয়োজক দেশখনক ৫-১ত অগ্রগতি প্রদান কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে খেলখন আৰু অধিক উত্তেজনাময় হৈ পৰে আৰু দুয়ো দলে বিপক্ষৰ শিবিৰত উপর্যুপৰি আক্রমণ ৰচিছিল যদিও সফলতাৰ মুখ দেখা পোৱা নাছিল। অৱশ্যে খেলখন শেষ হ’বলৈ ছয় মিনিট বাকী থকা অৱস্থাত আইচলেণ্ডে দ্বিতীয়টো সফলতা লাভ কৰে। ৮৪ মিনিটত বিৰকিৰ বনাশ্বনে এক দর্শনীয় হেডেৰে গ’ল স্ক'ৰ কৰি মেচখনত পৰাজয়ৰ ব্যৱধান ৫২লৈ হাস কৰে। উল্লেখ্য যে মেজৰ ফুটবল প্রতিযোগিতাত প্রথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হৈছিল আইচলেণ্ডে। প্রতিযোগিতাখনৰ অহা বৃহস্পতিবাৰে হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেল মেচত ফ্রান্সে জার্মানীৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব।
Responsive Ads Here