মূল্যবৃদ্ধিৰে পৰিৱৰ্তন সৰ্বানন্দ চৰকাৰৰ ঃ অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

July 6, 2016

মূল্যবৃদ্ধিৰে পৰিৱৰ্তন সৰ্বানন্দ চৰকাৰৰ ঃ অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

সংবাদ প্ৰহৰী, ৫ জুলাই ঃ পৰিবৰ্তনৰ সপোন দেখুৱাই জনসাধাৰণৰ ব্যাপক  সমর্থনেৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোটে চৰকাৰ গঠন কৰাৰ ডেৰ মাহ নৌহওঁতেই জনসাধাৰণক চৰম বিশ্বাসঘাতকতা কৰি মূল্যবৃদ্ধিৰে মাধমৰ শোধোৱাক লৈ ৰাজ্যবাসী স্তম্ভিত হৈ পৰিছে। তাহানিৰ ঔপনিবেশিক ব্ৰিটিছৰ দৰেই অভাৱনীয় হাৰত সোণোৱাল চৰকাৰে ৰাজ্যবাসীৰ ওপৰত জাপি দিছে ভয়ংকৰ কৰৰ বোজা। কেন্দ্রত বিজেপি চৰকাৰ থকা সূত্রে সোণোৱালে বিচক্ষণতাৰে অসমে পাবলগা দহ হেজাৰ কোটি টকাৰ তেলৰ ৰয়েল্টি আদায় কৰি আনি ৰাজ্যখনৰ বিত্তীয় অৱস্থা সুস্থিৰ কৰিব বুলি ৰাইজে আশা কৰিছিল যদিও সোণোৱালে ৰাইজক চূড়ান্ত হতাশ কৰি ওলোটাই কৰ জাপি দিয়াত চৌপাশে ক্ষোভৰ জুই জ্বলিছে। উল্লেখযোগ্য যে সোণোৱাল চৰকাৰৰ যোৱা ২৭ জুনত অনুষ্ঠিত কেবিনেটত ৰাজ্যবাসীৰ বাবে বহু ভাল সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি ব্যাপক প্রচাৰ চলোৱা হৈছিল যদিও উক্ত বৈঠকতে চৰকাৰখনে গ্রহণ কৰিছিল কেতবোৰ অতি ভয়ংকৰ জনবিৰোধী সিদ্ধান্ত। সেইমৰ্মে যোৱা ২ জুলাইত চৰকাৰখনে পেট্ৰ’ল-ডিজেলকে ধৰি ১২৭ বিধ সামগ্ৰীৰ ওপৰত অতি আশ্চৰ্যকৰভাৱে ছয় শতাংশৰ পৰা ১৪.৫ শতাংশলৈ মূল্য সংযোজিত কৰ অর্থাৎ ভেট বৃদ্ধি কৰি অধিসূচনা জাৰি কৰিছে। যাৰ ফলত এই ১২৭ বিধ সামগ্ৰীৰ এতিয়া ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে। চৰকাৰখনে মূল্যবৃদ্ধি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে পেট্রল, ডিজেল, ৰন্ধন গেছ, কেবল আৰু ডিজিটেল টিভিৰ আমোদকৰ, চেনি, ঔষধ, ছিৰিঞ্জ, বেজী, ঔষধি চাবোন, ঔষধি তেল, ঔষধি টুথপেষ্ট, গুড়, লালিগুড়, প্রতিষেধক, ঔষধি মলম, কটন, চিকিৎসা কামত ব্যৱহৃত সূতা, ঔষধি শ্বেম্পু, সৌৰচালিত শক্তি সামগ্রী, টু ভেলু কাৰ বিক্রী, চিগাৰেট, বিড়ি, চাধা ইত্যাদি। এই সন্দৰ্ভত বিত্ত বিভাগে প্রকাশ কৰা অধিসূচনা অনুসৰি পেট্ৰ’লৰ মূল্য সংযোজিত কৰ বর্তমানৰ ২৭.৫ শতাংশৰ পৰা ২৯ শতাংশলৈ, ডিজেলৰ ১৬.৫ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি আজিৰে পৰা পেট্ৰলত ০.৭৩ টকা আৰু ডিজেলত ১.৬২ টকা বৃদ্ধি পায়। আনহাতে বর্তমানৰ ৫ শতাংশৰ পৰা ৬ শতাংশ মূল্য সংযোজিত কৰ বৃদ্ধি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ঔষধ, বেজী, ছিৰিঞ্জ, কপাহ, সূতা (চিকিৎসাকার্যত ব্যৱহৃত), প্রস্তুতিকৃত খাদ্য (পেকেজড ফুড), প্লাইউড, চেনি, ইটা, সূতা, তামোল, চুপাৰি, কৃষিকৰ্মত ব্যৱহৃত সামগ্ৰী, দুধদানি, বাচন-বৰ্তন, চাইকেল, ৰিক্সা, হুইলচেয়াৰ, টায়াৰ, এলুমিনিয়াম সামগ্রী, খোৱা তেল, সাৰ, কীটনাশক, মহখেদা যন্ত্র, প্রেছাৰ কুকাৰ, বৰফ, কাপ-প্লেট, নিউজ প্রিন্ট, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, বনস্পতি, ছাতি, ষ্টীলৰ সামগ্রী, হালধি, ধনিয়া, শুকান জলকীয়া, নাৰিকলৰ তেল, টাইলছ, উল, পাপৰ, মিঠাই, শুকান ফল, খেলৰ সামগ্রী, কাগজ, বহী, ঘি, জ্যামিতি বক্স, পেন্সিল, গ্লুক'জ, ছেনিটাৰী নেপকিন, মেী, চাপনাৰ,ইৰেজাৰ, এল চি আৰু এলইডি টিভি, ৰেডিঅ’ইত্যাদি। একেদৰে আয়ুৰ্বেদিক দ্রব্যৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বৰ্তমানৰ ৫ শতাংশৰ পৰা ১৪.৫ শতাংশলৈ মূল্য সংযোজিত কৰ বৃদ্ধি কৰে। এনে সামগ্ৰীসমূহৰ ভিতৰত আছে ঔষধিযুক্ত চুলিতেল, চাবোন, টুথপেষ্ট, শ্বেম্পু আদি। ইপিনে ৰাজ্য চৰকাৰে টু ভেলু গাড়ীৰ বিক্ৰীৰ ক্ষেত্ৰত (এহেজাৰ চি চিলৈকে) বর্তমানৰ তিনি হেজাৰ টকাৰ পৰা ছহেজাৰ টকালৈকে কৰ বৃদ্ধি কৰাৰ লগতে চিগাৰেট, বিড়ি, চাধা আদিৰ কৰো বৃদ্ধি কৰি নতুনকৈ নিৰ্ধাৰণ কৰিছে। ইফালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰে ১২৭ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সংযোজিত কৰ বৃদ্ধি কৰা কার্যত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্র প্রতিবাদ জনাইছে। লক্ষণীয় যে চৰকাৰখনে ক্ষমতা দখল কৰিয়েই অসমবাসীক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি ইয়াৰ তৈল সম্পদ বিক্ৰীৰ গভীৰ চক্রান্তত লিপ্ত হয়। যাক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যখনতে ক্ষোভৰ জুই জ্বলিছে। চৰকাৰখনে অসম আৰু অসমবাসীৰ স্বার্থত ইতিবাচক পদক্ষেপ গ্রহণ কৰাৰ বিপৰীতে পৰিবৰ্তনৰ নামত এফালেদি সম্পদ বিক্ৰীৰ প্রক্রিয়া আৰম্ভ কৰিছে আৰু আনফালেদি ৰাজ্যবাসীৰ ওপৰত জাপি দিছে অসহনীয় কৰৰ বোজা। উল্লেখযোগ্য যে মূল্যবৃদ্ধি ৰোধ কৰাৰ নামত সোণোৱাল চৰকাৰে নিত্যনতুন নাটক কৰিয়েই আছে। সোণোৱালে প্রতিদিনেই সাংবাদিকৰ সন্মুখত জনসাধাৰণৰ স্বাৰ্থত চৰকাৰখনে কাম কৰা বুলি কেতবোৰ বিমূর্ত কথা কৈ অহাৰ বিপৰীতে কার্যক্ষেত্ৰত দেখা গৈছে ওলোটা প্রতিচ্ছবিহে। অলপতে সোণোৱালে মূল্যবৃদ্ধি ৰোধ কৰাৰ স্বাৰ্থত সকলো জিলাৰ উপায়ুক্তক বজাৰ পৰিদৰ্শন কৰিবলৈ নির্দেশ জাৰি কৰে যদিও একেজন ব্যক্তিয়েই আকৌ ৰাইজৰ ওপৰত কৰ জাপি দি মূল্যবৃদ্ধিৰ বাট উন্মুক্ত কৰিছে। এনে অৱস্থাত সোণোৱাল চৰকাৰৰ প্ৰকৃতাৰ্থত মূল্যবৃদ্ধি সন্দর্ভত স্পষ্ট দৃষ্টিভংগী কি, চৰকাৰখনে কিদৰে অসম আৰু অসমবাসীৰ উন্নয়ন সাধন কৰিব খুজিছে, সেই লৈ স্বাভাৱিকতে বিবুধিত পৰিছে অসমৰ ৰাইজ। এমাহ পাৰ হওঁতেই চৰকাৰখনৰ এনে অনাকাংক্ষিত কাম-কাজত ক্ষোভ আৰু হতাশাত ভাগি পৰিছে জনসাধাৰণ। ৰাইজৰ প্রশ্ন— এয়াই যদি সোণোৱাল চৰকাৰৰ পৰিবৰ্তনৰ দৃষ্টান্ত হয়, তেন্তে পাঁচ বছৰত জনতাৰ কি অৱস্থা হ’ব ? কলৈ যাব ৰাইজ ? কাৰ ওপৰত ৰাখিব আস্থা-বিশ্বাস ?
কি কি সামগ্রীত বাঢ়িল দাম
পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, কেবল আৰু ডিজিটেল টিভিৰ আমোদকৰ, চেনি, ঔষধ, প্রতিষেধক, ছিৰিঞ্জ, বেজী, চিকিৎসাজনিত সূতা, ঔষধি শ্বেম্পু, ঔষধি চাবোন, ঔষধি টুথপেষ্ট, চুলিত ব্যৱহৃত ঔষধি তেল, সৌৰচালিত শক্তি সামগ্রী, গুড়, জাগাৰী, চিগাৰেট, বিড়ি, চাধা, লালি গুড়, পেকেজড ফুড, কৃষি সামগ্রী, ই পি বি এক্স যন্ত্র, ইটা, টাইলছ, সূতা, মাকো, এলুমিনিয়াম সামগ্রী, ষ্ট্ৰীলৰ ব্ৰাছ, প্রেছাৰ কুকাৰ, তামোল, চুপাৰি, যান-বাহনৰ যন্ত্রাংশ, বাইচাইকেল, ৰিক্সা, হুইল চেয়াৰ, টায়াৰ-টিউব, কাপ-গ্লাছ, প্লেট, চামুচ, দুধদানি, মৰাপাট আৰু মৰাপাট সামগ্ৰী, ট্রেন্সফর্মাৰ, ছেনিটাৰী নেপকিন, চি এফ এল বালব, মৌ, গ্লুক'জ, জ্যামিতি বক্স, গোলক আৰু মেপ, ঘিউ, বহী, গ্রাফ বহী, পেন্সিল, ৰবৰ, ইৰেজাৰ, স্বাপনাৰ, কাগজৰ খাম, মমবাতি, প্লাইউড, টাপলিন, এল ই ডি টিভি, এল চি ডি টিভি, কম্পিউটাৰ, ৰেডিঅ’, টেলিফোন, থলুৱা প্রস্তুত চাবোন, জাম, জেলী, আচাৰ, ফলৰ ৰস, ছাতি, ট্রেক্টৰ, পাৱাৰটিলাৰ, বাচন-বর্তন, খোৱা তেল, বনস্পতি, নিউজপ্রিন্ট, মহ খেদা যন্ত্র, বিভিন্ন প্রকাৰৰ মচলা, চূণ, উল, বৰফ, হৰ্ছ পাইপ, কয়ৰ সামগ্ৰী, হেণ্ড পাম্প, বিভিন্ন গছৰ শিপা আৰু ফুল, ধূনা-ধূপকাঠী, গছৰ পাতেৰে প্রস্তুত পাত-গিলাচ, পি ভি চি পাইপ, ডায়েৰী-কেলেণ্ডাৰ, মুদ্ৰণত ব্যৱহৃত চিয়াঁহী, ৰেডিমেড সাজ-পোছাক, বিভিন্ন প্রকাৰৰ গছ আৰু ফুলৰ বীজ, চিলাই মেচিন, ছিন্ধৰ কাপোৰ, পেকেটযুক্ত মাছ-মাংস, পেৰাফিন ৱাক্স, পাপৰ, মিঠাই, ডাম্পাৰ, ৰোড ৰোলাৰ, শুকান ফল, এক্স-ৰে ফিল্ম, খেলাৰ সামগ্ৰী, ৰন্ধন খাদ্য, জেনেৰেটৰ, ইলেক্টিকেল সামগ্রী, ইলেক্ট্ৰনিকছ কেলকুলেটৰ, ইলেক্ট্ৰনিকছ টাইপৰাইটাৰ, মাইক্ৰ'ফোন, আই টি ছফটৱেৰ, ভিডিঅ’ কেমেৰা, ইলেক্টিকেল ছুইছ আৰু কানেক্টৰ, ফেনাইল, বিভিন্ন প্রকাৰৰ এচিড, ছডিয়াম হাইড্ৰ’ অক্সাইড, জিংক অক্সাইড, কপাৰ ছালফেট, কেলছিয়াম কাৰ্বাইড, এন্ত্ৰইডাৰী কৰা সামগ্ৰী, ৰাসায়নিক সাৰ, কীটনাশক, ফাইবাৰ সামগ্রী, উচ্চ ক্ষমতাসম্পন্ন কেবল, কালাৰ বক্স।
অখিল গগৈৰ তীব্ৰ প্রতিক্রিয়া
 ১২৭ বিধ সামগ্ৰীৰ ওপৰত ভেট বৃদ্ধিৰ সিদ্ধান্তই অসমৰ মধ্যবিত্ত শ্রেণী আৰু সামগ্রিকভাৱে অসমৰ জনসাধাৰণৰ ওপৰত বৃহৎ মাধমাৰ শোধাব বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈয়ে। সেইবাবেই কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসম চৰকাৰৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত অচিৰেই বন্ধ কৰিবলৈ দাবী জনাইছে। এক বিবৃতিত অখিল গগৈয়ে কয় যে চৰকাৰৰ প্ৰথমখন কেবিনেট সভাতেই মূল্যবৃদ্ধিৰ সিদ্ধান্তই কৃষক মুক্তিয়ে বিজেপিৰ বিৰুদ্ধে পূর্বৰে পৰা কৰি অহা অভিযোগক সত্য প্রতিপন্ন কৰিলে। বিবৃতিটোত কয়— আমি আগৰে পৰা কৈ আহিছিলো যে বিজেপি পুঁজিপতি আৰু বণিয়াৰ চৰকাৰ আৰু ই সদায়ে জনগণৰ বিৰোধী। জনগণৰ বিৰোধিতা লুকুৱাই ৰাখিবলৈকে বিজেপি দলটোৱে সমাজত সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰে। অনবৰতে সংবাদ মাধ্যমতেই থকা বিজেপিৰ কোনো মন্ত্ৰীয়ে প্রথম কেবিনেট বৈঠকত ভেট বৃদ্ধিৰ কৰিলে। আমি সমগ্র অসমবাসীক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো। ইপিনে ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী) অসম ৰাজ্যিক কমিটীয়ে পেট্ৰ'লজাত আৰু খাদ্য-সামগ্রীকে ধৰি ১২৭ বিধ সামগ্ৰীৰ ওপৰত ৰাজ্য চৰকাৰে ভেটৰ পৰিমাণ বৃদ্ধি কৰা জনবিৰোধী সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দিছে। ইতিমধ্যে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজক সকাহ দিয়াৰ সলনি এনেধৰণৰ পদক্ষেপে ৰাইজৰ ওপৰত বোজা বৃদ্ধি কৰিব। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো চৰকাৰৰ এই সিদ্ধান্তক প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছে। যদিহে চৰকাৰখনে এই সিদ্ধান্ত প্রত্যাহাৰ নকৰে তেন্তে কংগ্রেছে ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিছে শইকীয়াই।

Responsive Ads Here