কাইলৈ ঈদ-ঊল-ফিতৰ ঃ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক উছাহ ঃ বিভিন্নজনৰ শুভেচ্ছা - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

July 7, 2016

কাইলৈ ঈদ-ঊল-ফিতৰ ঃ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক উছাহ ঃ বিভিন্নজনৰ শুভেচ্ছা

 সংবাদ প্ৰহৰী, ৬ জুলাই ঃ ত্যাগ আৰু সংযমেৰে সম্পূর্ণ এটা মাহ ৰোজা পালন কৰাৰ পাচত কাইলৈ উদযাপিত হ’ব পবিত্র ঈদ-ঊল-ফিতৰ। দেশৰ অন্যান্য প্রান্তৰ লগতে অসমৰ ইছলাম ধর্মাৱলম্বীসকলেও উলহমালহেৰে পালন কৰিব ঈদ। ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো প্রান্তত থকা ঈদগাহ ময়দান আৰু মছজিদসমূহত কাইলৈ পুৱা ঈদৰ নামাজ পঢ়াৰ বাবে সম্পন্ন কৰি তোলা হৈছে প্রস্তুতি। সমান্তৰালভাৱে ৰাজ্যত সৃষ্টি হৈছে উৎসবমুখৰ পৰিবেশৰ। বিশেষকৈ ঈদ উপলক্ষে প্রয়োজনীয় সাম ক্রয় কৰাৰ বাবে বজাৰত ভিৰ কৰিছে ৰাজ্যৰ ইছলামধর্মী লোকসকলে। লগতে ঈদ উপলক্ষে এসাজ নতুন কাপোৰ ক্রয় কৰাৰ লক্ষ্যৰেও উৎসৱৰ আনন্দত মতলীয়া ৰাইজে বজাৰলৈ ধাৱিত হৈছে। যাৰ ফলত বিগত প্রায় এমাহ ধৰি ৰাজ্যৰ বজাৰসমূহত অব্যাহত আছে ব্যস্ততা। অৱশ্যে ৰাজ্যবাসীয়ে আজি ঈদ পালিত হ’ব বুলি ভাবিছিল যদিও কালি জোন দেখা নগ’ল। ফলত কেন্দ্রীয় হিলাল কমিটীয়ে কাইলৈহে ঈদ পালন কৰা হ’ব বুলি ঘোষণা কৰে। আল্লাহৰ ওচৰত সমগ্র মানৱ জাতিৰ শান্তি-সম্প্রীতিৰ বাবে প্রার্থনা জনাব। লগতে ত্যাগ আৰু শান্তিৰ অন্যতম নিদর্শন প্রদর্শন কৰিব ৰাজ্যবাসীয়ে। বিশেষকৈ ঈদগাহ ময়দানৰ পবিত্র স্থানত ৰাজ্যৰ মুছলমান সমাজে এইবাৰ পণ ল’ব সমাজৰ পৰা অসাধু চক্রক উৎখাত কৰি শান্তি স্থাপনৰ। ইয়াৰ বাবে আনকি বিভিন্ন ঈদগাহ, মছজিদ আৰু দল-সংগঠনে সন্ত্রাসবাদৰ বিৰুদ্ধে ৰাজ্যবাসীক ঈদৰ পবিত্র ক্ষণত মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনাইছে। বিশেষকৈ বাংলাদেশৰ ঢাকা, ইৰাকৰ বাগদাদ আৰু ছৌডি আৰবৰ মদিনাত সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ ঘটনাৰ পিচতে অসমৰ ইছলামধর্মীসকলে এইবাৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ন-সংকল্পৰে মাৰবান্ধি থিয় হৈছে।
বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে ঈদ-ঊল-ফিতৰৰ শুভেচ্ছা
ইফালে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে ৰাজ্যৰ ইছলামধর্মীসকলক ঈদল-ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ ৰাজ্যপাল পি বি আচার্যই ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পবিত্ৰ ৰামজান মাহৰ পিচত উদ্‌যাপন হ'বলগীয়া ঈদত ৰাজ্যবাসীৰ মাজত শান্তি-সম্প্রীতিৰ এনাজৰীডাল সুদৃঢ় হ’ব বুলি আশা ৰাখিছে ৰাজ্যপাল আচার্যই। ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও ৰাজ্যবাসীক পবিত্র ঈদল-ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। একেদৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়েও ইছলামধর্মীসকলক জ্ঞাপন কৰিছে পবিত্র ঈদৰ শুভেচ্ছা। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ভাৰপ্রাপ্ত সভাপতি ৰিপুণ বৰাই ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অসম গণ পৰিষদেও ইছলামধর্মীসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
Responsive Ads Here