মগজু চােকা ৰখাৰ বাবে প্রয়োজনীয় খাদ্য - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

September 6, 2016

মগজু চােকা ৰখাৰ বাবে প্রয়োজনীয় খাদ্য

বাচি খালে যদি কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি, হৃদযন্ত্র সচল ৰাখিব পাৰি, তেনেহ’লে মগজুক কিয় তীক্ষ কৰি ৰাখিব নােৱাৰি? নিশ্চয় পাৰি। এই ক্ষেত্ৰত প্রথম পৰামর্শ হ’ল এন্টিঅক্সিডেন্টসমৃদ্ধ খাদ্য।এন্টিঅক্সিডেন্ট কোষৰ ক্ষতিকৰ জৈৱ-ৰাসায়ণিক প্রক্রিয়াৰদ্বাৰা উৎপন্ন যৌগবোৰক ভাঙি পেলায়। ফলত কোষবোৰ থাকে। কর্মক্ষম আৰু তৰুণ। ইয়াৰোপৰি এন্টিঅক্সিডেন্ট শিৰা-ধমনীৰ স্মৃতিস্থাপকতা, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বঢ়ায়, ফলত হৃদপিণ্ড আৰু মগজু থাকে সুস্থ-সবল। মাংস জাতীয় খাদ্য খালে শৰীৰত হিমোসিষ্টিন নামৰ এক ধৰণৰ আমাইনো এছিড উৎপন্ন হয়। বয়স বঢ়াৰ লগে লগে এই হিমোসিষ্টিন উৎপাদনৰাে প্রক্রিয়া বাঢ়ি যায়। এই হিমােসিষ্টিন ধমনীৰ প্ৰাচীৰত জমে আৰু তেজ চলাচলত বাধাৰ সৃষ্টিকৰে। সেইকাৰণে মাংস জাতীয় খাদ্যবোৰ বেছিকৈ খাব নালাগে। তেনেহ’লে কি খাব ? আগতেই কোৱা হৈছে এন্টিঅক্সিডেন্টসমৃদ্ধ খাদ্যৰ কথা। ভিটামিন ইছি৷আদি এন্টিঅক্সিডেন্ট ভিটামিন। গাখীৰ, কলিজা,ছয়াবিন, সেউজীয়া শাক-পাচলি, ফল-মূল আদিত প্ৰচুৰ পৰিমানে এন্টিঅক্সিডেন্ট থাকে।

সম্প্রতি কিছুসংখ্যক গৱেষকে নির্দিষ্ট কিছু খাদ্যৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে যেনে পালেং শাক, ব্লবেৰি, ষ্ট্ৰবেৰি ইত্যাদি। ছায়াবিন আৰু নহৰুৰ প্রতিও গুৰুত্ব দিছে| তেখেতসকলৰ মতে ছয়বিন আৰু নহৰু তেজৰ ক্ষতিকাৰক এলডিএল কলেষ্টেৰলৰ মাত্রা কমায়। ফলত ধমনীৰ মাজেৰে তেজ সুচল আৰু মগজুৰ কোষবােৰ সুস্থ-সবল থাকে। বিজ্ঞানীসকলে ফলিক এছিডসহ ভিটামিন বি-কমপ্লেক্সৰ অন্যান্য ভিটামিনৰ প্ৰতিও সমান গুৰুত্ব দিছে। এইকাৰণেই। বিশেষকৈ হিমোসিষ্টিন দূৰ কৰিবলৈ ভিটামিন ১২-এৰ তুলনা নাই। যেতিয়া-তেতিয়াই কোনােবাৰ ভোক লাগিলে আমি তাক পেটুবুলিয়েই কওঁ। কিন্তু কিছুমানে আকৌ এই শিৰােনামৰ ভয়ত মনেমনেই থাকে। এখেতসকলৰ বাবেও সুখবৰ! সম্প্রতি লাদান বিশ্ববিদ্যালয়ৰ এদল গৱেষকে জানিবলৈ দিছে, ভোক তাৰেই বেছি লাগে যাৰ মস্তিষ্ক অধিক কার্যক্ষম। অকল শাৰীৰিক পৰিশ্রমেইনহয়, মস্তিষ্কৰ পৰিশ্ৰমেও ভোক বঢ়ায়। অধিক পঢ়া-শুনা কৰা, গৱেষণা কৰা, সাহিত্যচর্চা, চিত্ৰকলা, ভাস্কর্য ইত্যাদি সৃষ্টিশীল কাম-কাজৰ লগত জড়িত, তেওঁলোকৰ মগজুৰ অত্যাধিক পৰিশ্রম হয়। ফলত তেওঁলোকৰ ভোকৰ ভাৱটোও বেছি হয়। শৰীৰতত্ববিদ ডঃ এঞ্জেল ট্রেম্বলিৰ নেতৃত্বত এদল গৱেষকে এক দশকৰ গৱেষণাৰ অন্তত এই তথ্য জানিবলৈ দি কৈছে, “অকল শাৰীৰিক পৰিশ্ৰমৰ ফলতেই ভোকনাবাঢ়ে, মগজুৰ পৰিশ্ৰমেও ভোক বঢ়ায়, আৰু কোনো ধৰণৰ পৰিশ্ৰম নকৰা মানুহৰ ভোকৰ ভাৱ কম হয়। কাৰণ তেওঁলোকৰ শৰীৰ-মগজু কোনোটােৱেই পৰিশ্ৰান্ত নহয়।”সৃষ্টিশীল আৰু গৱেষণামূলক কাম-কাজে মগজুত ইমান চাপৰ সৃষ্টি কৰে যে শৰীৰে খাদ্যৰ অভাৱ অনুভৱ কৰে। ফলত বাৰেবাৰে ভোক লাগে। ডঃ এঞ্জেলে কোৱা মতে এইধৰণৰ মানুহৰ প্ৰতি ৪৫ মিনিটৰ মূৰে মূৰে ভোক লাগে। এটা সময়ত ভোকৰ তাৰণাত পাগল যেন অনুভৱ কৰে। এই কাৰণেই দেখা যায় ল’ৰা-ছোৱালীবোৰে পঢ়াৰ টেবুলৰ পৰা উঠি মাজে মাজে কিছু খোৱাৰ উদ্দেশ্যে পাকঘৰলৈ সোমায়। কিছুসংখ্যক মানুহে ভুল বুজি এওঁলোকক প্রয়োজনীয় খাদ্য সৰবৰাহ নকৰে।

Responsive Ads Here