সৎসঙ্গ : সামাজিক অৱক্ষয়ৰ মহাবৈজ্ঞানিক প্ৰতিকাৰৰ স্থল - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

September 6, 2016

সৎসঙ্গ : সামাজিক অৱক্ষয়ৰ মহাবৈজ্ঞানিক প্ৰতিকাৰৰ স্থল


:: ৰাধেশ্যাম কলিতা
এইনামটাে আজি ভাৰতবৰ্ষৰ প্ৰায়বোৰ মানুহৰে এটি চিনাকি নাম। অকল ভাৰতবৰ্ষই নহয় ভাৰতবৰ্ষৰ বাহিৰতাে ইয়াৰ বিস্তৃতি দৃশ্যমান। সাধাৰণ দৃষ্টিত সৎসঙ্গ এটি ধাৰ্মিক অনুষ্ঠান আৰু এই অনুষ্ঠানৰ লগত জড়িত সকলক কোৱা হয় ‘সৎসংগী’। 

কিন্তু প্ৰকৃতাৰ্থত ‘সৎসঙ্গ’ কেৱল ধাৰ্মিক অনুষ্ঠান নহয়, ‘সৎসঙ্গ’হ’ল মানৱিক উত্তৰণৰ উমৈহতীয়া ভেটি, সামাজিক অৱক্ষয়ৰ মহাবৈজ্ঞানিক প্রতিকাৰৰ স্থল তথা ব্যক্তিজীৱনৰ নিয়ন্ত্রণ, শৃংখলা,শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ কেন্দ্ৰ। সংসঙ্গৰ লক্ষ্যসমাজৰ বিৱৰ্তন সামাজিক অৱক্ষয়ৰ ৰোধ, গতিকে ইয়াতে আছে তাৰ সমাধানী সূত্র। সেয়েহে আজি বিশ্বৰ কোটি কোটি মানুহ আশ্রয় লৈছে। সৎসঙ্গীৰ। 

‘সৎসঙ্গীৰ প্ৰাণপুৰুষ তথা জন্মদাতা হ’ল শ্ৰীশ্ৰীঠাকুৰ । তেওঁ সৎসঙ্গীৰ এক সুন্দৰ ব্যাখ্যা দিছে। ‘সৎ’শব্দটাে আহিছে অস' ধাতুৰ পৰা যাৰ অৰ্থ অস্তিত্ব, বিদ্যামানতা, সত্তা ইত্যাদি আৰু “সঙ্গ’ৰ উদ্ভৱ হৈছে। ‘সনজন’ ধাতুৰ পৰা। যাৰ অৰ্থ অনুৰাগ, ৰঞ্জিতকৰণ। গতিকে ‘সৎসঙ্গ’ মানে অস্তিত্ব বা সত্তাৰ অনুৰাগ আৰু সৎসঙ্গীমানে সত্তাৰ অনুৰাগী। সংক্ষেপতে শ্ৰীশ্ৰীঠাকুৰৰ মতে সৎসঙ্গ মানে 'বাঁচা’ আৰু বৃদ্ধি’। 

আকৌ এজন ব্যক্তিৰ ব্যক্তিত্বই ব্যক্তিজনৰ সত্তাৰ সৃষ্টি কৰে। এই প্ৰসংগত পৰমদয়াল শ্ৰীশ্ৰীঠাকুৰ অনুকুলচন্দ্ৰই কৈছে—“ভাল মানুহৰ সংজ্ঞা দিবলৈ গৈ তেওঁ কৈছে—যিয়ে নিজৰ পিতৃ-মাতৃক শ্রদ্ধা কৰে, পাৰিপার্শ্বিক আৰু প্রতিবেশীৰ ভাল চিন্তা কৰে,আপদেবিপদে সহায় কৰে আৰু যিয়ে ভাল চৰিত্ৰক চৰিত্রগত কৰে, তেঁৱেই ভাল মানুহ।” 

শ্ৰীশ্ৰীঠাকুৰে আকৌ কৈছে—“এজন ভাল মানুহ হৈ যেতিয়া তেওঁৰ জীৱন, চিন্তা যুগপোযোগী আদর্শত কেন্দ্রীভূত কৰে,যি আদর্শই জীৱনটাে ছন্দােময় আৰু ক্ৰমবদ্ধনশীল কৰি তোলে, তেতিয়াহে ভাল সত্তাৰ অধিকাৰী হয়।” 


সংসঙ্গৰ উদ্দেশ্যেই হৈছেপ্রতিপ্রত্যেককেভাল মানুহ হিচাপে তৈয়াৰ কৰি ধাৰণ পালন,সম্বোগসিদ্ধ ব্যক্তিত্বৰ অধিকাৰী কৰা। শ্ৰীশ্ৰীঠাকুৰ অনুকুল চন্দ্রই সৎসঙ্গীৰ যোগেদি কৰা মানৱকল্যাণী অভিযানৰ ওপৰত বিশদ আলোচনা কৰাৰ পূর্বে আজিৰ সাম্প্রতিক সমাজব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰাসংগিকতা সম্বন্ধে কিছু কথা বিশ্লেষণ কৰি চোৱাৰ আৱশ্যকতা আছে। 

বর্তমান পৃথিৱীৰ সকলো ঠাইতে সকলো স্তৰতে সামাজিক অৱক্ষয়ৰ দৃশ্য দৃশ্যমান। মানুহৰ নৈতিক স্বলন, উচছুংখল আচৰণে ধূলিসাৎ কৰিছে মানৱীয় প্রমূল্যবােধক। বাতৰি-কাকতখন চালেই দেখা পাওঁ, পুত্ৰৰ হাতত পিত। পহ্নত, পুত্ৰ বােৱাৰীৰ অত্যাচাৰত ঘৰ এৰি ফুটপাথত আশ্রয় লৈছে পিতৃ-মাতৃয়ে, নাৰী শব্দৰ অর্থই নুবুজা কিশোৰী ধৰ্ষিত হৈছে কোনো বয়স্ক গৃহত বােৱাৰীৰ ওপৰত শাৰীৰিক, মানসিক নির্যাতন। এইবোৰ ঘটনাইসমাজৰ চিন্তাশীল আৰু সচেতনমহলক আজি সচকিত কৰি তুলিছে। মানুহৰ ভোগবাদী চিন্তাধাৰাৰ প্ৰাবল্য, অপ-সংস্কৃতিৰ পয়োভৰ আৰু মানুহৰ নৈতিক স্থলনে ধ্বংস কৰিছে সাত্বিক সমাজ ব্যৱস্থা। কিন্তু সমাজ সচেতন প্ৰতিজন ব্যক্তিয়ে বিচাৰে ইয়াৰ প্রতিকাৰ। 

পৰমদয়াল শ্ৰীশ্ৰীঠাকুৰ অনুকুল চন্দ্রই সৎসঙ্গীৰ মাধ্যমেৰে দিছে ইয়াৰ মহাবৈজ্ঞানিক সমাধানী সূত্র। গতিকে আপুনি মই প্রতি প্রত্যেকে বিশ্লেষণ কৰি চােৱাৰ দৰকাৰ ‘সৎসঙ্গ’ সাঁচাকৈয়ে সামাজিক অৱক্ষয়ৰ বৈজ্ঞানিক প্রতিকাৰ নে? দেখিব ‘সৎসঙ্গীতে’ আছে এশ। শতাংশই সমাধানীসূত্র। শ্ৰীশ্ৰীঠাকুৰে সমাজ ব্যৱস্থাৰ অৱক্ষয় ৰােধ আৰু কৰি হাতে কামে কৰি দেখুৱাই দিছে, ই যে বাস্তৱ ও সম্ভৱ। 

১৯২৫ চনত পাবনা জিলাৰ (বর্তমান বাংলাদেশৰ অন্তৰ্গত)হিমাইতপুৰ নামে প্রাকৃতিক সৌন্দর্যৰে পৰিপূৰ্ণ ঠাইত শ্ৰীশ্ৰীঠাকুৰ অনুকুল চন্দ্ৰই জন্ম দিছিল ‘সৎসঙ্গ’ নামৰ অনুষ্ঠানটােৰ। শ্ৰীশ্ৰীঠাকুৰে সংসঙ্গক অভিহিত কৰিছে এক মানৱ সৃষ্টিৰ কাৰখানা ৰূপে। তেওঁ অকল আধ্যাত্মিক দিশটোৱে সামৰি নলৈ ব্যৱহাৰিক কর্মময় জীৱন প্রণালীৰ সকলো ক্ষেত্ৰত এজন ব্যক্তিক সফল কৰি তুলিবলৈ চেষ্টা কৰিছিল। সেয়েহে শ্ৰীশ্ৰীঠাকুৰে সৎসঙ্গৰ অধীনত সৃষ্টি কৰিছিল বিভিন্ন কর্মপ্রতিষ্ঠানৰ। তাৰ ভিতৰত সৎসঙ্গ তপোবন বিদ্যালয় বিশ্ববিজ্ঞান কেন্দ্ৰ, মেকানিকেল এণ্ড ইলেকট্রিক্যাল ওৱার্কস্বপ কেমিক্যালে ওয়ার্কস, সৎসঙ্গ প্ৰেছ এণ্ড পাব্লিকেশ্বন হাউচ কুটীৰ শিল্প বিভাগ, বেংক, গৃহ নির্মাণ বিভাগ, স্বাস্থ্য কেন্দ্ৰ, কলাকেন্দ্ৰ, সাহিত্য কেন্দ্ৰ, আনন্দ বজাৰ (ভোজনালয়)ইত্যাদি। এনেকৈ শ্ৰীশ্ৰীঠাকুৰেকর্মযজ্ঞৰ মাধ্যমেৰে মানুহক সেৱা কৰিবলৈ ধৰিলে। সৎসঙ্গলৈ আগমন ঘটিল বহু দেশী বিদেশী লোক। তাৰ ভিতৰত বহু বিশিষ্ট বিজ্ঞানী (পদাৰ্থ আৰু ৰসায়ন) গণিতজ্ঞ, অধিবক্তা, অধ্যাপক, চিকিৎসক, কবি, সাহিত্যিক, ৰাজনীতিবিদ, বিপ্লৱীয়ে শ্ৰীশ্ৰীঠাকুৰৰ আদৰ্শত মুগ্ধ হৈ তেওঁৰ আদৰ্শকে নিষ্ঠা, অনুৰাগ আৰু অনুসৰণ কৰি জীৱন ধন্য কৰি তুলিছিল। তেওঁলোকৰ ভিতৰত কৃষ্ণপ্ৰসন্ন ভট্টাচার্য শ্যামাচৰণ মুখোপাধ্যায়ব্ৰজগোপাল দত্তৰায়, সুশীল বসু, প্যাৰী নদী, হেম কবি, দেশবন্ধু চিত্তৰঞ্জন দাস, নেতাজী সুভাষচন্দ্ৰ বসু।অন্যতম। ১৯৩৫ চনত সৎসঙ্গৰ প্ৰধান সম্পাদক বিশিষ্ট ৰসায়নবিজ্ঞানী শ্যামাচৰণ মুখোপধ্যায়ৰ আমন্ত্রণামর্মে সেইসময়ৰ গভৰ্নৰ "জন আণ্ডাৰসন চাহাব’ পাবনাৰ সৎসঙ্গ’আশ্রম চাবলৈ গৈছিল। সৎসঙ্গৰ কাৰ্যকলাপ ও প্রতিজন সৎসঙ্গীৰ ব্যৱহাৰ আৰু শ্যামাচৰণ মুখোপাধ্যায়ৰ পাণ্ডিত্য, বাগিতাত মুগ্ধ হৈ তেওঁ মন্তব্য কৰিছিল— The satsang is doing excellent work in Education, Art, Social service and Religion. I am sure the Ashram is a force with great potentialities for the morteland physical bettementofcountry and I wisg every success in surmounting the diffiCulties Whichface it. AS faras it may lie in my powarto do so. I shall be glad to assist in this connection. 

শ্ৰীশ্ৰীঠাকুৰে সৎসঙ্গীৰ জৰিয়তে স্ত্রীশিক্ষা আৰু স্বাৱলম্বীতাৰ ওপৰতমনােভাৱেৰে পূৰ্ণ সমাজ ব্যৱস্থাত এইটাে একেবাৰেগ্ৰহণযোগ্য নাছিল। সেয়েহে এচামলোকে “সৎসঙ্গ’ * আশ্রমৰ অপযশ আনিবলৈ চেষ্টাৰ ক্ৰটিকৰা নাছিল। সেইসময়ত পাবনা অঞ্চল প্রশাসনিকভাৱে ৰাজশাহী ডিভিজনৰ অন্তৰ্গত আছিল। ৰাজশাহী ডিভিজনৰ কমিছনাৰ “এফ ডব্লিউ ৰবাৰ্টছন” চাহাবক এচাম মানুহে অভিযোগ দিলে যে আশ্রমত অনৈতিক কার্যকলাপ চলে। অভিযোগমর্মে'এফ ডব্লিউ ৰূর্বটিছ নে এজন মেজিষ্ট্রেটক লগতলৈ সৎসঙ্গ’ আশ্রম পৰিদৰ্শন কৰিবলৈ যায়। আশ্ৰমত প্রৱেশ কৰি দেখিলে এক ব্যতিক্রমী দৃশ্য। কোনোবাফালে ছোৱালীবোৰে চিলাইৰ কাম কৰি আছে, আন কোনােবাফালে কিছুমান মহিলাক কোনোবাই পঢ়োৱাই আছে। কোনোবাই বাঁহ-বেতৰ কাম কৰিছে, কোনোবাই কেমক্যিালৱার্কসত ঔষধ বনোৱাত ব্যস্ত। তপোবন বিদ্যালয়ৰ শিক্ষা পদ্ধতি দেখি তেওঁ মন্তব্য কৰিলে—ইয়াৰ শিক্ষা পদ্ধতি বিদেশী শিক্ষা পদ্ধতিৰ লগত যথেষ্ট মিল আছে। শ্ৰীশ্ৰীঠাকুৰৰ লগত কথােপকথন কৰি তেওঁ ইমানেই মুগ্ধ হ’ল যে তেওঁ ঠাকুৰক কৈয়ে পেলালে এই আশ্রমৰ বিস্তৃতিৰ বাবে যি প্রয়োজন কৰিব। যোৱাৰ সময়ত সৎসঙ্গৰ সম্পাদক ৰসায়ন পণ্ডিত শ্যামাচৰণ মুখোপধ্যায়ৰ হাতত তেওঁৰ মন্তব্য দি গল— The Satsang Ashram will prove a real force the province for combating unemployment and imporving the condition of the people bothmaterially and morally. I shell be glad to give the Ashram all the help in my powar. 

১৯৪৬ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্র এইসকলো কর্মপ্রতিষ্ঠান এৰি দেওঘৰত স্থায়ীভাৱে থাকিবলৈ ল’লে। দেশ বিভাজনৰ লগে লগে সেই সকলো প্রতিষ্ঠান থাকি গ’ল বর্তমানৰ বাংলাদেশত। পৰৱতী সময়ত শ্ৰীশ্ৰীঠাকুৰে দেওঘৰত সৃষ্টি কৰিলে সেই একে কর্মযজ্ঞৰ। কিন্তু হিমাইতপুৰৰ দৰে সকলো প্রতিষ্ঠান দেওঘৰত স্থাপন কৰিবলৈ কমেও লাগে পাঁচ হাজাৰ বিঘা মাটি। সেইসময়ত পশ্চিমবংগৰ পানাগড় অঞ্চলত ছয় হাজাৰ বিঘা মাটি এনেয়ে পৰি আছিল। সেই মাটিৰ বাবে সেইসময়ত সৎসঙ্গ সম্পাদক সুশীল বসুৱে প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক লগ ধৰিছিল। প্রধানমন্ত্রীয়ে খুব আগ্ৰহেৰে অনুমতি দিব বিচাৰিছিল। কিন্তু যিহেতু মাটিখিনি পশ্চিমবংগ চৰকাৰৰ অধীনত গতিকে পশ্চিমবংগৰ মুখ্যমন্ত্রীৰাে অনুমতিৰ প্রয়ােজন কিন্তু মুখ্য মন্ত্রীয়ে আটাইখিনি মাটি দিবলৈ প্রস্তুত নোহােৱাত শ্ৰীশ্ৰীঠাকুৰৰ সমস্ত পৰিকল্পনা সম্ভৱ নহ’ল। পৰৱৰ্তী সময়ত শ্ৰীশ্ৰীঠাকুৰৰ জ্যেষ্ঠাত্নজ শ্ৰীশ্ৰীবড়দা আৰু তেওঁৰ অবর্তমানত আচার্যদেৱ শ্ৰীশ্ৰীদাদাৰ চেষ্টাত শ্ৰীশ্ৰীঠাকুৰৰ সেই পৰিকল্পনাইলাহে লাহে এতিয়া বাস্তৱত ৰূপায়িত হৈ আহিছে। 

বর্তমান সৎসঙ্গ’জগতত আৰম্ভ হৈছে একবিপ্লৱৰ। এই বিপ্লৱ ব্যক্তিজীৱনৰ নিয়ন্ত্রণ শৃংখলা, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ বিপ্লৱ। এই বিপ্লৱত কোনো জাতি-বর্ণ ভাষাৰ বিভেদ নাই। কাৰণ ‘সৎসঙ্গই বিচাৰে মার্থে মানুহ। বিচাৰে এজন আদর্শ মানুহ তৈয়াৰ কৰিবলৈ। সেয়েহে শ্ৰীশ্ৰীঠাকুৰে বিশ্বক আহ্বান কৰি কৈছে— ‘সৎসঙ্গই বিচাৰে মানুহ, ঈশ্বৰেই কোৱা, খোদাই কোৱা। ভগৱান বা অস্তিত্বই কোৱা ভূত মহেশ্বৰ যি এক, সি নুবুজে হিন্দু, সি নুবুজে মুছলমান, সি নুবুজে বৌদ্ধ, সিবুজে প্রতি প্রত্যেক তেওঁৰ সন্তান, সি আনত কৰিব বিচাৰে সকলোকে সেই একতা|”
 —বন্দেপুৰুষোত্তম।
লেখকৰ দূৰভাষ : ৮১৩৪৮ ০১২১৩
Responsive Ads Here