বৰপেটাত থানৰ বাতৰি ল’লে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰে - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

September 26, 2016

বৰপেটাত থানৰ বাতৰি ল’লে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰে

আজি বৰপেটা সত্ৰত উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ
জন্মস্থান বৰদোৱাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ
দেৱানন্দ দেৱ গোস্বামী৷ ফটো ঃ 
হিল্লোজ্যোতি তালুকদাৰ
সংবাদ প্ৰহৰী, বৰপেটা, ২৬ ছেপ্টেম্বৰ, ২০১৬ : ‘থানৰ বাতৰি’--- মহাপুৰুষ দুজনাই প্ৰৱৰ্তন কৰি থৈ যোৱা এক বিশেষ সত্ৰীয়া ৰীতি৷ আজিৰ আধুনিক যুগৰ তথ্য-প্ৰযুক্তিৰে পলকতে দূৰ সংযোগৰ কোনো মাধ্যম, কোনো ব্যৱস্থা নথকা সেই সময়ত গুৰুজনাই নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰ আৰু সেই সময়ৰ বৃহত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰসমূহৰ মাজত সমন্বয় অটুট ৰখাৰ উদ্দেশ্যৰে তথা ভকত-বাপ-বান্ধৱসকলৰ বা-বাতৰি জ্ঞাত হৈ থাকিবলৈ এক বিশেষ সত্ৰীয়া ৰীতিৰ প্ৰৱৰ্তন কৰিছিল। আজি গুৰু দুজনাৰ সেই ৰীতি অনুসৰি বৰপেটাত থানৰ বাতৰি ল’লে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। বৰপেটা সত্ৰৰ বুঢ়া ভকত নাৰায়ণ আতৈয়ে তেখেতক বৰপেটা সত্ৰৰ বাতৰি জনায়। উল্লেখ্য যে প্ৰথমাৱস্থাত যেতিয়াই এজন ভকত-বান্ধৱে এখন সত্ৰৰ পৰা গুৰু দুজনাই বাহৰ পাতি থকা সত্ৰলৈ গৈছিল তেতিয়া প্ৰথমে ভকতজনাক সত্ৰীয়া পৰম্পাৰে আদৰণি জনাই তেওঁক আদৰ-সাদৰেৰে গুৱা-পাণ-তামোলৰ বঁটা এখন আগবঢ়াই শোধা হৈছিল-- “বাপ ! থানৰ বাতৰি কি ?” তেতিয়া ভকতজনাই তেওঁ প্ৰতিনিধিত্ব কৰি অহা সত্ৰখনৰ অৱস্থা সম্পৰ্কে ব্যক্ত কৰাৰ উপৰি সত্ৰখনৰ চাৰিওফালৰ এক বৃহৎ ব্যাসাৰ্ধৰ অন্তৰ্গত অঞ্চলসমূহৰ বাতৰিও জনাইছিল৷ এয়েই আছিল ‘থানৰ বাতৰি’ শীৰ্ষক বিশেষ সত্ৰীয়া ৰীতি৷ তাৰ পৰৱৰ্তী সময়ত গুৰুজনাই এই প্ৰথাটো অসমৰ সমূহ সত্ৰতে প্ৰচলনৰ দিহা কৰিছিল৷ এনেয়েকৈ সংবাদ মাধ্যমৰ প্ৰথম আৱিস্কাৰ হৈছিল বুলি ক’লে ভুল কোৱা নহ’ব৷ শ্ৰীশ্ৰী বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে লুপ্তপ্ৰায় সত্ৰীয়া ৰীতি “থানৰ বাতৰি”ৰ প্ৰচলন বৰপেটা সত্ৰত আজিও হৈ থকা দেখি অভিভূত হৈ পৰে৷

ফটোঃ 
Responsive Ads Here