কাজিৰঙাৰ তিনিখন উচ্ছেদিত গাঁও - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

October 5, 2016

কাজিৰঙাৰ তিনিখন উচ্ছেদিত গাঁও

• ত্ৰিদীৱ নীলিম দত্ত

য’ত ভূপেন হাজৰিকাৰ স্মৃতি আছিল
‘সৌ ভাঙি পেলোৱা ঘৰটোতে শিল্পী ভূপেন হাজৰিকাই কিমানদিন ভাত খাইছিল, গান গাইছিল— তাৰ হিচাপ নাই। ভূপেন দাই কুঠৰিত মাটি কিনিছল। তাত ঘৰ বনোৱাৰ দায়িত্ব মোৰ স্বামীক দিছিল। নানা জুতি লগাই মই ৰান্ধিছিলোঁ। এই ঘৰটো উচ্ছেদ হ’লেও মই তেওঁক খুৱাইছিলো। মাটিখিনিত তেওঁৰ স্মৃতিৰ সুবাস সদায়ে থাকিব।’ চৰকাৰে ভাঙি পেলোৱা আপোন ঘৰখনৰ ফালে দেখুৱাই শান্তি ফুকনে ক’লে।

৭৫ বছৰীয়া শান্তি ফুকনৰ ঘৰ কলিয়াবৰ সমষ্টিৰ বান্দৰডুবিত। এসময়ত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, কল্পনা লাজমী, নীলিমা খাতুন, ৰিদীপ দত্তৰ দৰে শিল্পীয়ে সংগীতৰ ৰেৱাজ কৰা ফুকনৰ ঘৰখন কাজিৰঙা অভয়াৰণ্য দখলৰ অভিযোগত এতিয়া উচ্ছেদিত। উচ্চ ন্যায়ালয়ৰ নির্দেশত শান্তি ফুকনৰ লগতে বান্দৰডুবি গাঁৱৰ আন ২০৫খন ঘৰৰ ওপৰতো যোৱা ১৯ ছেপ্টেম্বৰত বুলড’জাৰ চলোৱা হ’ল। আমি দেখিবলৈ পালোঁ বুলডজাৰে ভঙা ফুকনৰ ঘৰটোৰ পাছফালৰ পুখুৰীটোও পুতি পেলোৱা হৈছে, য’ত এসময়ত ভূপেন হাজৰিকাই বৰশী বাইছিল।

‘মই বিয়া হৈ এই গাঁৱলৈ অহা ৫০-৬০ বছৰ হ’ল। মোৰ শহুৰ দেউতাহঁত তাৰো আগৰ পৰাই আছে। আনহাতে যিসকল মুছলমান লোকক বাংলাদেশী বুলি প্ৰচাৰ চলাই উচ্ছেদ কৰা হৈছে, এইসকল আমাতকৈও আগৰে পৰাই ইয়াত বসবাস কৰি আছে। আমাৰ চকুৰ সন্মুখতে এওঁলোকৰ ডেকা বুঢ়া হৈছে, কেঁচুৱা ডেকা হৈছে। মই জনাত ইয়াত বাংলাদেশী নাই। এওঁলোক যদি বাংলাদেশী, তেতিয়াহ’লে আলোচনাৰ বাবে প্রশাসনে কিয় মাতি নিছিল?’ —শান্তি ফুকনে ক’লে।

কাজিৰঙাৰ ৰাষ্ট্রীয় উদ্যানৰ সংযোজন এলেকা-বহির্ভূত বান্দৰডুবি, দেও চুৰচাং আৰু পালখোৱা গাঁৱত নগাঁও জিলা প্রশাসনে উচ্ছেদ চলোৱাৰ পূর্বেই বান্দৰডুবিৰ হিন্দু পৰিয়ালকেইটাই স্বেচ্ছাই নিজৰ ঘৰ এৰি দিয়া বুলি চৰকাৰে চলোৱা প্ৰচাৰৰ বিপৰীতে শান্তি ফুকনৰ মন্তব্য আছিল এনে— ‘এইয়া কথা সঁচা নহয়। আমি স্ব-ইচ্ছাৰে উচ্ছেদৰ পূর্বে অহা বুলি এনেই কোৱা হৈছে। কলিয়াবৰৰ এছ ডি অ’ৰ অফিচত মিটিং হৈছিল আৰু তালৈ তিনিওখন গাঁৱৰ প্ৰতিনিধি গৈছিল। সেই মিটিঙত কেশৱ মহন্ত, হিমন্ত বিশ্ব শৰ্মা, ডি চি, এছ পি উপস্থিত আছিল। আমি তাত কৈছিলোঁ যে উচিত ক্ষতিপূৰণ পালে কাজিৰঙৰ স্বাৰ্থত স্ব-ইচ্ছাৰে আঁতৰি আহিম। এনে কথা মুছলমান পৰিয়ালসমূহেও কৈছিল। ম্যাদী পাট্টাৰ পৰিয়ালে উচিত ক্ষতিপূৰণৰ বিনিময়ত স্বেচ্ছাই নিজৰ মাটি এৰি দিবলৈ সাজু আছিল, কিন্তু গোটেই কথাটো স্পষ্ট নাছিল। উচ্ছেদ কৰাৰ দিনা মই ভাত ৰান্ধি আছিলো। ৰন্ধা ভাত পেলাই আমি ওলাই আহিছিলো।’

দখল উচ্ছেদ নে অধিগ্ৰহণ
২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইন অনুসৰি পট্টাদাৰী লোকক উচিত ক্ষতিপূৰণ আদায় দি চৰকাৰী কামত ভূমি অধিগ্রহণ কৰিব পৰা যায়। কিন্তু ইয়াক কোনোপধ্যেই উচ্ছেদ বুলিব পৰা নাযায়। অথচ বান্দৰডুবি, দেও চুৰচাং, পালখোৱা গাঁৱৰ আবাসীসকলৰ হাতত মাটিৰ পট্টা থকাৰ পাছতো তেওঁলোকক বলপূর্বক উচ্ছেদ কৰা হ’ল বুলি প্ৰচাৰ চলোৱা হ’ল।

‘আমি কোনো লিখিত জাননী পোৱা নাছিলোঁ। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশটোহে আমি পাইছিলো। কিন্তু সেই নিৰ্দেশত এই তিনিখন গাঁৱৰ চৰকাৰী মাটি দখল কৰি থকা সকলকহে মাটি এৰি দিবলৈ কোৱা হৈছিল। কিন্তু আমি যিহেতু পাট্টাধাৰী, সেয়েহে কথাটোত গুৰুত্ব দিয়া নাছিলো। ম্যাদী পাট্টাৰ মাটিৰ অধিগ্ৰহণ সম্পৰ্কত স্পষ্ট নিৰ্দেশ নাছিল। কাক উচ্ছেদ কৰা হ’ব, কিমান ক্ষতিপূৰণ দিয়া হ’ব— তাৰ কোনো উল্লেখ জাননীখনত নাছিল।’ —বান্দৰডুবি গাঁৱৰ আন এজন উচ্ছেদিত আবাসী মানস জ্যোতি কোচে ক’লে।

বান্দৰডুবিৰ ইতিহাস আৰু বাংলাদেশী-ৰহস্য
গুৱাহাটীৰ পৰা উজনিমুৱা ৩৭ নং ৰাষ্ট্রীয় ঘাইপথেৰে যাওঁতে কুঠৰি তিনিআলিলৈ দুই কিল’মিটাৰমান বাকী থাকোঁতে বাওঁ ফালেদি যোৱা এটা পকী পথেৰে কিছুদূৰ গ’লেই বর্তমানৰ বহু চৰ্চিত গাঁও বান্দৰডুবি পোৱা যায়। দুজনকৈ লোকে আৰক্ষীৰ গুলী বুকুত লৈ কাজিৰঙাৰ সাৰুৱা ভূমি সেমেকাই মৃত্যুক আঁকোৱালি লোৱাৰ পাছত গাঁওখন বর্তমান জনশূন্য হৈ পৰিছে। গাঁওখনলৈ সোমাই গ’লে চকুত পৰে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত নিৰ্মীয়মান পথ আৰু দাঁতিত বিদ্যুতৰ খুঁটা।

গাঁওখনৰ পূৱে আছে বাঘমাৰি, পশ্চিমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, উত্তৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে ৩৭নং ৰাষ্ট্রীয় ঘাইপথ। ভগা-ছিগা ঘৰবোৰৰ মাজত খাদ্যৰ সন্ধান কৰি ঘূৰি ফুৰা কুকুৰ আৰু কাউৰীৰ সংগী হৈ আমি আগবাঢ়ি গৈছিলো। জ্বলাই দিয়া ঘৰবোৰৰ ছাইবোৰ চিতাৰ ভষ্মৰ দৰে বিন্দু বিন্দু হৈ বতাহত উৰি আছিল। আমি ইয়াতে লগ পাইছিলো অঞ্চলটোৰ শান্তি কমিটীৰ সদস্য আব্দুল হামিদক। তেখেতে আমাৰ আগত বান্দৰডুবিৰ ইতিহাস বর্ণনা কৰিলে। ‘বান্দৰডুবি গাঁৱৰ মুঠ মাটিৰ পৰিমাণ হ’ল ২২৪৪ বিঘা ২ কঠা ১১ লেচা। ইয়াৰ ভিতৰত ৪৯৬ বিঘা ৪ কঠা ১৫ লেচা মাটি ম্যাদী আৰু ১১ বিঘা একচনীয়া। চৰকাৰী মাটিৰ পৰিমাণ হ’ল ১৭৩৫ বিঘা। এই মাটি কাজিৰঙা অভয়াৰণ্যৰ ভিতৰত নপৰে। ১৯৬৩ চনতে ৰাজহ বিভাগে এই গাঁৱৰ জৰীপ তথা মেপ অংকন কৰি গাঁও হিচাপে স্বীকৃতি দিছিল। গাঁৱৰ প্ৰতিখন ঘৰেই ভোটাৰ তালিকাত অন্তর্ভুক্ত। আজি যিসকলক বাংলাদেশী, বেদখলকাৰী বুলি উচ্ছেদ কৰা হৈছে, এওঁলোকৰ অধিকাংশই ১৯৬১ চনৰ পৰাই খাজনা দি আহিছে। আমি ১৯৮৫ চন পর্যন্ত ২২৪৪ বিঘা মাটিৰে খাজনা দি আছিলো। কিন্তু চৰকাৰে ১৯৮৫ চনত নীতি সলনি কৰি চৰকাৰী ভূমিৰ পৰা খাজনা লোৱা বন্ধ কৰাত আমি কেৱল ম্যাদী মাটিৰ ওপৰতহে খাজনা দি আহিছোঁ।” —আব্দুল হামিদে জনালে।

বান্দৰডুবিত আকস্মিকভাৱে সন্দেহযুক্ত নাগৰিক বহিছে বুলি দাবী কৰাসকলে জনা উচিত যে ১৯৫১ চনতে এই গাঁৱত এটা পকা মছজিদ আৰু নামঘৰ চৰকাৰে নিৰ্মাণ কৰি দিছিল। ১৯৬০ চনতে ইয়াত স্থাপন কৰা বান্দৰডুবি প্রাথমিক বিদ্যালয়খনৰ ১৯৬৬ চনত চৰকাৰীকৰণ হৈছিল। উচ্ছেদৰ পূর্বে বিদ্যালয়খনত ছাত্র-ছাত্রীৰ সংখ্যা ১২৩জন আৰু শিক্ষক ৭জন। গাঁও তিনিখনত থকা তিনিটা অংগনৱাড়ী কেন্দ্র বর্তমান ভাঙি পেলোৱা হৈছে। বর্তমান বাংলাদেশী বুলি আঙুলিয়াই দেখুওৱা অধিকাংশ পৰিয়ালৰ পূৰ্বপুৰুষে ১৯৩০ চনতে মাটিৰ পট্টা লাভ কৰিছিল। এই মাটিসমূহ প্ৰধানকৈ কার্বি লোক আৰু আঁতৰৰ মানুহৰ পৰা কিনি লোৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ বহু পূৰ্বৰে পৰা থকা এই গাঁওখনৰ আৱাসীৰ পূৰ্বপুৰুষৰ নাম ১৯৬৫ চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে। আমাৰ হাতত পৰা ১৯৬৫ চনৰ ভোটাৰ তালিকাৰ প্ৰতিলিপি অনুসৰি অসম বিধানসভাৰ ৯০ নং কলিয়াবৰ সমষ্টিৰ দ্বাৰবাগৰি মৌজাৰ এই ভোটাৰ তালিকাত মুঠ ১৯টা পৰিয়ালৰ ৭১জন ভোটাৰ আছিল। সেই অনুসৰি ঘৰৰ মুৰব্বী আৰু ঘৰৰ নং এনেধৰণৰ— আব্দুল মজিদ (১), আবেদ আলী (২), মহৰ আলী (৩), সদৰ আলী (৪), জামচুদ্দিন (৫), হুসেন আলী (৬), আঃ লতিফ (৭), সমৰ আলী (৮), ইয়াবুৰ আলী (৯), আদম আলী (১০), ছাহেদ আলী (১১), লাল মামুদ (১২), আফাল আলী (১৩), আতৰ আলী (১৪), চমেদ আলী (১৫), আঃ কাজেম (১৬), নছৰ আলী (১৭), হাসেন আলী (১৮), সংসেৰ আলী (১৯)। এইসকলৰ লগতে ১৯৬৫-৭০ চনৰ মাজত ৰূপহী, জুৰীয়া, বৰঘুলি, আমবাগান আদিৰ পৰা আহি এই অঞ্চলত একাংশই মাটি ক্রয় কৰি বসবাস কৰিবলৈ লয়। উদাহৰণস্বৰূপে ৯০ নং কলিয়াবৰ সমষ্টিৰ পূব মাটিয়া মৌজাৰ ১নং গাঁৱৰ মইনা উদ্দিনৰ পুত্র আজগৰ আলী। তেওঁৰ ১৯৬৬ চনৰ ভোটাৰ তালিকাত ঘৰ নং- ২ আৰু খণ্ড নং-৬৪ত নাম সন্নিৱিষ্ট আছে। এইসকলৰে আন একাংশই চৰকাৰী মাটিত বহিছিল যদিও তেওঁলোকক ১৯৬১ চনৰ ১৫ মাৰ্চত নগাঁও জিলাৰ সংশ্লিষ্ট বিষয়াই খেৰাজ পট্টা প্রদান কৰিছিল। ইয়াৰ এটা উদাহৰণ হ’ল আবেদ আলী, পট্টা নং ৪। প্রশাসনে কৃষি কৰ্মত জড়িত একাংশ লোকক ১৯৯৪–৯৫ চনত এটা নির্দিষ্ট পৰিমাণৰ মাটি ভোগ কৰিবলৈ আবণ্টন দিয়ে। আনকি এই মাটি কৃষি উপযোগী কৰি তুলিবলৈ প্রত্যেককে ২৫০০ টকাকৈ অনুদানো দিছিল। ইয়াৰ এটা উদাহৰণ হ’ল চমৰ আলী, পিতা-আজগৰ আলী, বান্দৰডুবি। তেওঁক বহী নং ১০৮ নম্বৰযোগে মহকুমাধিপতিৰ কাৰ্যালয়ে এই মাটিৰ আবণ্টন দিছিল।

‘যিসকলে এই গাঁও তিনিখনৰ ইতিহাস নাজানে আৰু আঁতৰৰ পৰা দেখিয়েই বাংলাদেশী বুলি অনুমান কৰি লয়, তেওঁলোকেহে আমাক আলৈ-আথানি কৰা দেখি চৰকাৰক বাঃ বাঃ জনাব পাৰে। ইয়াত বাংলাভাষী আছে, কিন্তু বাংলাদেশী নাই। চৰকাৰে নিজৰ দুষ্কর্ম ঢাকিবৰ বাবেই আমাক বাংলাদেশী সজাইছে। যদি ইয়াত এজনমানো বাংলাদেশী আছে তেন্তে তেওঁক গ্রেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ নিয়ক। বর্তমান এই গাঁৱত পৰিয়ালৰ সংখ্যা হ’ল ক্ৰমে ৭টা হিন্দু পৰিয়াল আৰু ১৯৮টা মুছলমান পৰিয়াল। স্বাভাৱিক ধৰণে জনসংখ্যা বৃদ্ধি পোৱাৰ পাছতো চৰকাৰৰ এজন মন্ত্রীয়ে এই অঞ্চলৰ মাধ্যমেৰে মুছলমানে উজনি দখলৰ পৰিকল্পনা লৈছে বুলি কোৱাটো অশোভনীয়।’ —আব্দুল হামিদে ক’লে।

উচ্চ ন্যায়ালয়ৰ নির্দেশ আৰু উচ্ছেদত কেৰামতালি
জাতি, মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰে কাজিৰঙা বিদেশীৰ পৰা বেদখলমুক্ত কৰা বুলি আত্মসন্তুষ্টি লভাৰ লগতে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক প্রশংসাও কৰিছে। কিন্তু প্ৰকৃততে কাজিৰঙা অভয়াৰণ্য বেদখলমুক্ত হ’লনে? উচ্ছেদিত গাঁও তিনিখনৰ বিষয়ে উচ্চ ন্যায়ালয়ৰ নির্দেশত কি আছিল?

‘উচ্চ ন্যায়ালয়ৰ ৰায়ত স্পষ্ট আছিল যে কাজিৰঙা অভয়াৰণ্যৰ ২নং, ৩নং, ৫নং, ৬নং সংযোজন এলেকাৰ লগতে ইয়াৰ বহির্ভূত পালখোৱা, বান্দৰডুবি, দেও চুৰচাঙত বেদখল কৰি থকাসকলক উচ্ছেদ কৰিব লাগে। কিন্তু চৰকাৰে সংযোজন এলেকাত থকা বেদখলত উচ্ছেদ নচলাই কাজিৰঙাৰ অন্তর্গত নোহোৱা এই গাঁও তিনিখন উচ্ছেদ কৰাতহে তৎপৰতা দেখুৱালে। এই তিনিখন গাঁৱৰ আৱাসীৰ পট্টা থকাৰ পাছতো উচ্ছেদ কৰা হ’ল, অথচ বহু বছৰ পূর্বেই কাজিৰঙা অভয়াৰণ্যৰ অন্তর্ভুক্ত হোৱা এলেকাত বেদখল কৰি থকাসকলকলৈ চৰকাৰ নিমাত।। ২, ৩, ৫, ৬নং সংযোজনৰ গাঁওসমূহ গোলাঘাট জিলাৰ অন্তর্গত।’ —আব্দুল হামিদে জানিবলৈ দিলে।

উচ্ছেদ হোৱা অঞ্চলটোৰ পৰা পশ্চিম দিশে কিছুদূৰ গ’লেই পথৰ দাঁতিত এখন চাহ বাগিচা দেখা যায়। বাগিচাখনৰ সন্মুখতে ‘কাজিৰঙা অভয়াৰণ্যৰ চতুর্থ সংযোজন’ আৰু ‘এনিমেল কৰিড’ৰ’ বুলি লিখি থোৱা দুখন বিশাল হর্ডিং চকুত পৰে। চতুর্থ সংযোজন এলেকা তথা জীৱ-জন্তু অহা-যোৱা কৰাৰ পথত কেনেকৈ এখন চাহ বাগিচা গঢ়ি উঠিবলৈ পালে, সেই সম্পর্কে স্থানীয় লোকৰ পৰা জানিবলৈ বিচাৰিলোঁ। তেওঁলোকৰ মতে, ৩৫০ বিঘা এলেকাৰ বাগিচাখন বর্তমান চৰকাৰৰ এজন মন্ত্রীৰ মালিকানাধীন বাবেই উচ্ছেদ কৰিব পৰা নাই।

১৯০৫ চনৰ ১ জুনত কাজিৰঙা প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পট্টন কৰাৰ সময়ত ইয়াৰ মাটিকালি আছিল ২৩২ বৰ্গকিঃমিঃ। পৰৱৰ্তী সময়ত কেইবাটাও সংযোজন কৰি কাজিৰঙাৰ মাটিকালি ৪৩০ বর্গ কিঃমিঃলৈ বৃদ্ধি কৰা হয়। ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত কেন্দ্রীয় চৰকাৰে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। পৰৱৰ্তী সময়ত কাজিৰঙাত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বহু মাটি খহনীয়াত জাহ যোৱা বাবে প্রথম সংযোজনত নগাঁও আৰু শোণিতপুৰ জিলাত ৩৪৩.৭৯ বর্গকিঃমিঃ, দ্বিতীয় সংযোজনত গোলাঘাট জিলাত ৬.৪৭ বর্গ কিঃমিঃ, তৃতীয় সংযোজনত গোলাঘাট জিলাত ০.৬৯ বর্গকিঃমিঃ, চতুর্থ সংযোজনত নগাঁও, শোণিতপুৰ জিলাত ৩৭৬.৫০ বর্গ কিঃমিঃ কাজিৰঙাৰ মূল উদ্যানৰ লগত সংযোজন কৰা হয়।

‘ন্যায়ালয়ৰ নির্দেশত কেৱল বেদখলকাৰীক উচ্ছেদ কৰাৰ কথা আছিল বাবে আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ কথা ভবা নাছিলোঁ। তদুপৰি যোৱাবছৰ কংগ্ৰেছ চৰকাৰে উচ্চতম ন্যায়ালয়ত এই নির্দেশৰ বিৰুদ্ধে প্রত্যাহ্বান জনাব বুলি কৈছিল। এই তিনিখন গাঁও বেদখলী বুলি এতিয়া সংবাদ মাধ্যম, চৰকাৰে ঘোষণা কৰিছে যদিও ২০১৪ চনত বন বিভাগে এখন শ্বেতপত্ৰত উল্লেখ কৰিছিল যে এই তিনিওখন গাঁৱৰ ভূমি কাজিৰঙা উদ্যান বা বন বিভাগৰ নহয়।’ —আব্দুল হামিদে জনালে।

উচ্ছেদিত সকলৰ অভিযোগবোৰ শুনি এটা প্রশ্ন আহে যে জাতি, মাটি ৰক্ষাৰ প্ৰতিশ্রুতি দিয়া চৰকাৰখনে প্রকৃততে থলুৱা ভূমিৰ গৰাকীসকলৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি লৈ কেনে প্রতিশ্রুতি ৰক্ষা কৰিলে? বৈধ নাগৰিকক বিদেশী সজাই চৰকাৰখনে কাৰ প্রতি কেনে আনুগত্যৰ প্রমাণ দিলে?

যিসকলক বাংলাদেশী বুলি ভবা হয়
৩৭ নং ৰাষ্ট্রীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা উজনিলৈ যোৱা পথেৰে আহোঁতে বুঢ়াপাহাৰ পাৰ হৈয়েই সোঁফালে পথৰ দাঁতিতে থকা এটা বৃহৎ এলেকাত বহুসংখ্যক জুপুৰি ঘৰ দেখা পোৱা যায়। কিছু বছৰ পূর্বে বহা এই গাঁওখনক লৈ অসমবাসীৰ উৎসুকতাৰ যেন অন্ত নাই। দীঘল দাড়ি থকা, লুঙি পিন্ধা তথা অতি দৰিদ্ৰ শ্ৰেণীৰ এইসকলক বাংলাদেশী বুলি ভবা মানুহৰ অভাৱ নাই। কিন্তু এওঁলোক প্রকৃততে কোন? ক’ৰ পৰা আহি এওঁলোকে ঘৰ বান্ধিলেহি? ঘৰ বন্ধা মাটিখিনি কাৰ? এওঁলোক বাংলাদেশীনে?
অসমত বহু চৰ্চিত এই গাঁওখনৰ নাম হ’ল দেও চুৰচাং । বহু বছৰ ধৰি এওঁলোক বাংলাদেশী বুলি প্ৰচাৰ চলাৰ পাছত অৱশেষত যোৱা ১৯ ছেপ্টেম্বৰত উচ্ছেদ কৰা হয়। কিন্তু প্রকৃততে চৰকাৰে কাক উচ্ছেদ কৰিলে? এখন প্ৰাণৱন্ত গাঁৱত শ্মশানৰ নিস্তব্ধতা বিৰাজ কৰোৱাৰ আঁৰত কি আছিল?

দেও চুৰচাঙৰ ইতিহাস ১৯৯৬ চনৰ। তেতিয়া শাসনত আছিল অসম গণ পৰিষদ চৰকাৰ। কাজিৰঙাৰ প্ৰথম সংযোজনৰ সময়ত ইয়াৰ অন্তর্গত তিনিখন ৰাজহ গাঁৱৰ ১৯৩ ঘৰ লোকক সেই সময়ৰ কলিয়াবৰ মহকুমা প্রশাসন, স্থানীয় বিধায়ক কেশৱ মহন্তই সংস্থাপিত কৰিছিল। এই সংস্থাপনত তেতিয়াৰ ৰাজহ মন্ত্রী তথা অগপৰ নেতা গুণীন হাজৰিকাই অনুমোদন জনাইছিল। এই সম্পর্কত এখন পত্ৰত কলিয়াবৰৰ ৰাজহ চক্র বিষয়াই ১৩-৬-১৯৯৬ তাৰিখে কলিয়াবৰৰ মহকুমাধিপতিলৈ লিখিছিল এনেদৰে—

প্রতি,
মহকুমাধিপতি, কলিয়াবৰ
১৩/৬/১৯৯৬

মহোদয়,
কাজিৰঙা ৰাষ্ট্রীয় উদ্যান প্রথম সংযোজনৰ অন্তর্ভুক্ত কৰিব বিচৰা দ্বাৰবাগৰি মৌজাৰ ১/ কাৱৈমাৰী ২/ গচকা ৩/ পালখোৱা ৪/ ২নং দেওচুৰ কিছামতৰ গৃহহীন হোৱা ১১৬টা পৰিয়ালৰ ভিতৰত ৪টা পৰিয়ালক চৰকাৰৰ ন্যূনতম চাহিদা আঁচনিৰ অধীনত ১ বিঘাকৈ মাটিৰ আবণ্টন প্রস্তাৱ দাখিল কৰা হয়। গৃহহীন হোৱা ১১৬টা পৰিয়ালৰ ভিতৰত ১৯টা পৰিয়াল গৰু আৰু ম’হৰ খুঁটিৰ পালক, তেওঁলোক কৃষিজীৱী নহয়। বাকী ৯৩টা কৃষিজীৱী পৰিয়ালক মহোদয়ৰ হুকুম মর্মে ৰাষ্ট্রীয় ঘাইপথৰ দক্ষিণ পাৰে। পালখোৱা কিছামতৰ ৩৪, ৩৫, ৩৬নং চৰকাৰী গৰাবাদ, আৰু দেও চুৰচাং কিছামতৰ ৮, ৯, ১০, ১১, ১২, ১৩, ১৪, ১৫, ১৬, ১৭ নং গৰাবাদ দাগৰ সৰ্বমুঠ ৫৫০ কঠা মাটি ৯৩টা গৃহহীন পৰিয়ালৰ নামত আগবঢ়োৱা হ’ল।

উক্ত লোকসকলক ১ বিঘাকৈ মাটি দিবলৈ হুকুম দিছিল যদিও অতিৰিক্ত মাটি নথকাত ১ বিঘাকৈ দিব পৰা নহ’ল।

ভৱদীয়,
চক্ৰ-বিষয়া,
কলিয়াবৰ ৰাজহ চক্র (চিঠি নং— ৯৫-৯৬/৪১০)

‘দেও চুৰচাঙৰ ইতিহাস জানে বাবেই অগপৰ মন্ত্রী কেশৱ মহন্তই কিছুদিনৰ পূৰ্বে কহৰাত অনুষ্ঠিত এখন সভাত কৈছিল যে এই অঞ্চলটোত কোনো বাংলাদেশী নাই। কিন্তু কাজিৰঙাৰ গছে বনে বাংলাদেশী দেখা পোৱাসকলৰ ইয়াত সহ্য নহ’ল। সেয়েহে এনে মন্তব্যৰ প্ৰতিবাদত গোলাঘাটত এচামে তেওঁৰ প্ৰতিমূর্তি জ্বলাইছিল।’ —দেও চুৰচাঙৰ এজন শিক্ষিত যুৱক, কৃষক মহম্মদ জাকিৰ হুছেইনে ক’লে।

দেও চুৰচাঙৰ সংস্থাপিত ৯৩টা পৰিয়ালৰ ভিতৰত ২৪টা পৰিয়াল আছিল হিন্দু আৰু ৬৯টা পৰিয়াল মুছলমান। কেৱল বেশ-ভূষাৰ মাজেৰে নাগৰিকত্ব চিনিবলৈ যোৱা একাংশ সাংবাদিক, বুদ্ধিজীৱী বা আন সাধাৰণ লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি এই গাঁওবাসীৰ খা-খবৰ ল’বলৈ আগ্ৰহ কৰা হ’লেই ‘কাজিৰঙাত বাংলাদেশীৰ আগ্রাসন’ৰ প্ৰসংগৰ ৰহস্য নিশ্চয় ফাদিল হ’ল হয়।

সংস্থাপন আৰু ক্ষতিপূৰণৰ প্রশ্ন
যিহেতু উচ্ছেদিত তিনিওখন গাঁৱেই ৰাজহ গাঁও আছিল, সেইসূত্রে পট্টাদাৰীসকলে পাব লগা ক্ষতিপূৰণৰ প্ৰসংগ উত্থাপন কৰাটো তেওঁলোকৰ অধিকাৰৰ ভিতৰুৱা আছিল। ভূমি অধিগ্ৰহণ আইন অনুসৰি ভূমি অধিগ্রহণ কৰাৰ পূর্বেই ক্ষতিপূৰণৰ বিষয়ে জনোৱাৰ নিয়ম বাধ্যতামূলক। চৰকাৰে ক্ষতিপূৰণৰ প্ৰসংগটো আগতেই নিষ্পত্তি কৰা হ’লে উচ্ছেদৰ সময়ত দুজন ব্যক্তিৰ কেঁচা তেজে কাজিৰঙাৰ বাকৰি সেমেকাই নুতুলিলেহেঁতেন।

‘আমাৰ সংস্থাপনৰ কথা লিখিতভাৱে নগাঁৱৰ উপায়ুক্ত আৰু মৌখিকভাৱে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক জনাইছিলো। কিন্তু কোনো উত্তৰ নাপালোঁ। প্রশাসনক আমি জনাইছিলো যে ক্ষতিপূৰণ আগতেই নাপালে আমি ক’ত যাম, কি খাম! তাতে এইবাৰ আমাৰ খেতি-বাতিও নষ্ট হ’ল। ক্ষতিপূৰণৰ বিষয়টো স্পষ্ট নোহোৱা বাবেই মানুহবোৰো আঁকোৰগোজ হৈ থাকিল। সকলো অনিশ্চয়তাত ভুগিছিল। মই ৪৭ বছৰ ধৰি ইয়াত আছোঁ। আমি নিয়মীয়াকৈ খাজনা দিওঁ, নিৰ্বাচনত ভোট দিওঁ। আমাৰ ভোট বিচাৰি সকলো দলৰ মানুহ আহে। ইয়াৰ পাছতো যদি আমি বাংলাদেশী, তেন্তে জে’ললৈ নতুবা ডিটেনচন কেম্পত নিক্ষেপ কৰক। আৰু যদি আমি ভাৰতীয় তেন্তে আমাক উপযুক্ত ক্ষতিপূৰণ দিয়ক। উপযুক্ত ক্ষতিপূৰণ নিদিলে চৰকাৰে গুলীয়া মাৰক।’ —নিজৰ সজাল ধৰা মাটিডৰাত বুলড’জাৰৰ ধ্বংসলীলা দেখুৱাই ৭০ বছৰীয়া মহিউদ্দিন উচুপি উঠিল।

বেদখল উচ্ছেদৰ নামত মুছলমান, আদিবাসীসকলক লক্ষ্য কৰি লোৱাৰ প্ৰৱণতা চৰকাৰৰ মাজত শেহতীয়াকৈ পৰিলক্ষিত হৈছে। বি টি এ ডি এলেকাত ৰামদেৱৰ ব্যাৱসায়িক প্রতিষ্ঠানক ৪,০০০ বিঘা মাটি দান দিবলৈ সিদ্ধান্ত লোৱাৰ বিপৰীতে লাখ লাখ থলুৱা লোকক মুহূৰ্ততে গৃহহাৰা কৰি চৰকাৰে জাতি, মাটি, ভেটি ৰক্ষাৰ আখৰাত নামিছে। ঔপনিৱেশিক সময়ৰে ভূমি নীতিৰ পৰিৱৰ্তন নকৰা তথা বিভিন্ন নদীৰ খহনীয়াত পৰাসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্বৰ ভিতৰুৱা হোৱাটো উচিত আছিল।

চৰকাৰে গাঁও তিনিখনৰ বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, নামঘৰ, মছজিদ আদি উচ্ছেদ কৰিলেও এইসমূহৰ পুনৰ নিৰ্মাণৰ বিষয়ে ৰাইজক একো জনোৱা নাই। গাঁও তিনিখনৰ আশে-পাশে অনাই-বনাই ফুৰা শিশুবোৰ আমি দেখিবলৈ পাইছিলোঁ, কেইদিনমান আগলৈকে যিসকলৰ পৰিচয় আছিল ছাত্র-ছাত্রী হিচাপে। উচ্ছেদৰ এসপ্তাহ পূর্বেই বান্দৰডুবি প্রাথমিক বিদ্যালয়খন বন্ধ কৰি দিয়াৰ ফলত ১২৩জন ছাত্র-ছাত্ৰী আৰু দেও চুৰচাঙৰ প্রাথমিক বিদ্যালয়ৰ ৬৮জন ছাত্র-ছাত্রীৰ ভৱিষ্যৎ সম্পূর্ণ অনিশ্চিত হৈ পৰিল। অঞ্চলটোৰ শিশুহঁতৰ শিক্ষাৰ আধাৰ বিদ্যালয় দুখন উচ্ছেদৰ পূর্বে শিশুহঁতৰ শিক্ষা অব্যাহত ৰখাৰ দৰে প্ৰয়োজনীয় চিন্তা কৰিবলৈ চৰকাৰৰ কণমানো আহৰি নহ’লনে?

নৃশংস অত্যাচাৰেৰে যতি পৰিল তিনিখন গাঁৱৰ ইতিহাস
ইতিহাস আৰু আর্থ-সামাজিক, ভৌগলিক পৰিৱৰ্তনৰ সাক্ষী হৈ ৰোৱা তিনিখন গাৱৰ ইতিহাস প্ৰশাসনৰ উদ্যোগত মোহাৰি পেলোৱা হ’ল। কিন্তু এই ইতিহাস ধ্বংসৰ কাহিনী বৰ কৰুণ আছিল। এফালে চৰকাৰৰ নিৰ্দয় আৰু যুক্তিহীন আক্রমণ, আনদিশে চলা বিদেশীৰ অপপ্ৰচাৰ। যাৰ ফলত দুজনকৈ লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতো ‘বাংলাদেশী’ নিহত হোৱাৰ উল্লাসহে স্পষ্ট হৈছিল। অৱশ্যে নিৰীহৰ তেজেৰে হাত পখালী লোৱা চৰকাৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ঘটনাটোৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। দুয়োখন আয়োগে এই কথা স্পষ্ট কৰি দিছে যে চৰকাৰে পৰিস্থিতি স্বাভাৱিক কৰাৰ লগতে উচ্ছেদৰ সময়ত মানুহৰ জীৱন, সন্মান, সমতাৰ ক্ষেত্ৰত অধিকাৰ ৰক্ষা কৰাটো নিশ্চিত কৰিব পাৰিব লাগিছিল।

‘মোৰ পূৰ্বপুৰুষ ইয়াৰে। মোৰ জন্মও ইয়াতে হৈছিল। ১৯ ছেপ্টেম্বৰৰ দিনা মোৰ স্বামী ফখৰুদ্দিন প্রতিবাদ কৰি ঘৰলৈ আহি আছিল। তেনেতে পুলিচৰ খেদাত পানীত পৰি যায়। পানীৰ পৰা উঠোতেই পুলিচৰ গুলী বুকুত লাগে আৰু থিতাতে নিহত হয়। মোৰ ৬ আৰু ৩ বছৰীয়া দুটি সন্তান আছে। কুঠৰিত তেওঁ দৰ্জিৰ কাম কৰিছিল। চৰকাৰে আমাৰ মানুহজনৰ নামত টকা ঘোষণা কৰাৰ কথা শুনিছো, কিন্তু আমাক একো কোৱা নাই। আনকি চৰকাৰ-প্ৰশাসনৰ কোনো মানুহ আহিও আমাৰ খবৰ লোৱাহি নাই।’ —আৰক্ষীৰ গুলীত নিহত ফখৰুদ্দিনৰ পত্নী ২৫ বছৰীয়া চোফিয়া খাতুনে জানিবলৈ দিলে।

আৰক্ষীয়ে জনগণক উদ্দেশ্যি গুলী কৰাৰ পূর্বে সতর্ক কৰি দিব লাগে যদিও তেনে সতর্ক নকৰাৰ অভিযোগ তুলিলে স্থানীয় আৱাসীয়ে। ‘গুলী কৰাৰ দৰে এটা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল। আৰক্ষীয়ে সম্পূর্ণ আক্ৰোশমূলকভাৱে দুজন মানুহক হত্যা কৰিলে।’ —আৰক্ষীৰ গুলীত আহত চিফিউদ্দিন আলম নামৰ যুৱকজনে নিজৰ আঘাতবোৰ দেখুৱাই আমাক ক’লে। সেইদিনা আৰক্ষী প্রশাসনে কেৱল উচ্ছেদ কৰিয়েই ক্ষান্ত থকা নাছিল। তেওঁলোকে শিশুৰ কিতাপ, বেগ, বহী পৰ্যন্ত ফালি জুইত জাপি দিছিল।

‘পুলিচে মোৰ মূৰ ফালি দিছে। মই ঘৰৰ সন্মুখতে বহি আছিলো। পুলিচ অহাত লুকাওঁতে ধৰি আনি লাঠীৰে মূৰতে মাৰি দিয়ে। আমাৰ ঘৰৰ চাইকেল, কেৰাহী, চৰু, বিছনা, কাপোৰ, মোৰ বেগ, কিতাপ, বহীও জ্বলাই দিয়ে। এতিয়া আমাৰ স্কুল নাই। কিন্তু খুলিলেও হয়তো আকৌ স্কুললৈ যাব নোৱাৰিম।’ —ছবি আঁকি ভালপোৱা মাইনুল হক নামৰ ৮ বছৰীয়া শিশুটোৱে সেইদিনাৰ ঘটনাৰ বৰ্ণনা কৰিলে।
বান্দৰডুবি গাৱৰ ৱাৰ্ড মেম্বাৰ আফজুদিনৰ ঘৰো উচ্ছেদ কৰাৰ লগতে আৰক্ষীয়ে নির্যাতন চলালে। গাঁও তিনিখনৰ আৱাসীয়ে নাজানে, হঠাতে এয়া কি হৈ গ’ল আৰু কি হ’বলৈ গৈ আছে। গাঁওবাসীৰ এটাই ক্ষোভ— ‘যোৱাটো নির্বাচনত অগপৰ কেশৱ মহন্তই তেওঁলোকৰ গাঁৱত মিটিং কৰিছিল, ভোট বিচাৰিছিল, কিন্তু এতিয়া বাংলাদেশীৰ অপবাদ দিয়াৰ সময়তো তেওঁ এষাৰো নামাতিলে।’

শৰাইঘাটৰ শেষ ৰণৰ আহ্বান জনাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ ৰণৰ ক্রিয়া-প্রতিক্রিয়া কাজিৰঙাৰ উচ্ছেদৰ সময়ত ইমানেই অধিক হ’ল যে যুক্তি, প্রমাণেৰে বিষয়টো চাব বিচৰাসকলক বদন, বাংলাদেশীৰ দালাল আখ্যা দিয়া হ’ল। কিন্তু নিজৰ দেশৰ নাগৰিকক বিদেশী সজাই অপমানিত আৰু নগুৰ-নাকতি কৰাসকল কেতিয়াও লাচিতৰ পৰ্যায় পাবগৈ নোৱাৰে, সেইকথাও সেইসকলে জনা উচিত। তদুপৰি মানুহৰ কলিজাৰ তেজ আৰু অস্থি-চৰ্মৰে শ্মশানহে সাজিব পাৰি, তাৰ দ্বাৰা জাতি, মাটি, ভেটি কেতিয়াও ৰক্ষা কৰিব পৰা নাযায়। সেই কথা চৰকাৰখনে সময়মতে উপলব্ধি কৰাটো ভাল।

প্ৰবন্ধটো যোৱা ৩ অক্টোবৰ সংখ্যা ‘দৈনিক জনমভূমি’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত। লেখক কাকতখনৰ উপ-সম্পাদক। ফোন নং 9854675972।

Responsive Ads Here