লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ অধীনস্থ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ পঞ্চায়তত এমজিএনৰেগা আচনিৰ অধীনত ভূৱা ফাৰ্ম প'ণ্ডৰ নামত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, লাহৰীঘাট উন্নয়ন খণ্ডৰ অধীনস্থ একাংশ গাওঁ পঞ্চায়তত একাংশ ভ্ৰষ্টাচাৰী বিষয়া-কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ সহযোগত এচাম দালাল শ্ৰেণীৰ লোকে সৰকাইছে ফাৰ্ম প'ণ্ডৰ নামত লাখ লাখ টকা। অধিকাংশই আচনিৰ কাম নকৰাকৈ পুৰণি পুখুৰীৰ দাঁতিত ভূৱা নামফলক আঁৰি থৈ ধন আত্মসাৎ কৰা বুলি জানিব পৰা গৈছে। ইপিনে ৰজাগাধোৱা গাঁও পঞ্চায়তৰ গাঁওসমূহত যুগুত কৰা ফাৰ্ম প'ণ্ডৰ আচনিৰ ক্ষেত্ৰত অইন ব্যক্তিৰ খেতিত ভূৱা নামফলক লগাই একলাখ টকাকৈ আত্মসাৎ কৰা দৃষ্টিগোচৰ হৈছে। এনে কাৰ্য্যত বিধায়কৰ কৰ্মী জড়িত থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে মূলত : চৰকাৰে মাছ পালনৰ উদ্দেশ্য প্ৰণয়ন কৰা ফলপ্ৰসু আচনিৰ সম্পূৰ্ণ বিপৰীত ছবি প্ৰত্যক্ষ হৈছে লাহৰীঘাট অঞ্চলত। এই সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াক বাৰম্বাৰ অভিযোগ দিও কোনো সুফল নোপোৱাত সচেতন মহলে এনে অনৈতিক কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ উচ্চ পৰ্যায়ৰ চৰজমিন তদন্তৰ দাবী জনাইছে। পৰিবৰ্তনকামী চৰকাৰ এই ক্ষেত্ৰত কিমানদূৰ কঠোৰ হব পাৰে হেই লয় ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।
Post Top Ad
Responsive Ads Here
May 14, 2018

লাহৰীঘাটত এমজিএনৰেগা আচনিৰ অধীনত ভুৱা ফাৰ্ম প'ণ্ডৰ নামত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Author Details
No. 1 Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)