নাগৰিকত্ব সংশোধনী বিধেয়ক : বিজেপিত মেলিছে ফাঁট - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 28, 2018

নাগৰিকত্ব সংশোধনী বিধেয়ক : বিজেপিত মেলিছে ফাঁট


গুৱাহাটী : বিদেশীমুক্ত অসমৰ প্রতিশ্রুতিৰ লগতে ১৬ মে’ৰ পাছত অসমৰ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি হুংকাৰ দি ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে উঠিপৰি লগাত ৰাজ্যিক বিজেপিত মত বিৰোধৰ সৃষ্টি হৈছে৷ যাৰ ফলত মিত্র দলঅগপৰ পাছত বিজেপিৰ বিধায়কে এই বিধেয়কখন গৃহীত হ’লে বিধায়ক হৈ নথকাৰ হুংকাৰ দিছে৷
অসমৰ ভাষা, সংস্কৃতি, ঐতিহ্য বিলোপ কৰিবলৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ তৎপৰতাৰ বিৰুদ্ধে বিজেপি আৰু সংঘ পৰিবাৰক বাদ দি ৰাজ্যৰ সকলো দল, জাতীয়, জনগোষ্ঠীয় সংগঠনে বিৰোধিতা কৰি গণ আন্দোলনৰ সূচনা কৰাত উজনি অসমৰ প্রায় সংখ্যক বিজেপি বিধায়কে অস্বস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত প্রবল জনমতে গণ জাগৰণ সৃষ্টি কৰাত জনৰোষৰ ভয়ত দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ বিধেয়কখনৰ তীব্র বিৰোধিতা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷মিত্র দলৰ অংশীদাৰ দল অগপৰ নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে বিধেয়কখন গৃহীত হ’লে বিধায়কৰ পদ ত্যাগ কৰাৰ হুংকাৰ দিছিল৷ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সর্ন্দভত মতামত ল’বলৈ অহাৰ সময়ত সংসদীয় যুটীয়া কমিটীৰ আগত মেঘালয় চৰকাৰৰ কেবিনেটে বিধেয়কখনৰ বিৰোধিতা কৰাৰ পাছত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কেবিনেটে সিদ্ধান্ত ল’ব নোৱৰাত জাতীয় নায়কৰ সন্মানক লৈ প্রশ্ন তুলিছিল দিছপুৰৰ বিজেপিৰ বিধায়ক অতুল বৰাই৷ আজি পুনৰ বিস্ফোৰণ ঘটাইছে বিজেপিৰ জ্যেষ্ঠ বিধায়কজনে৷
মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ কেবিনেটে সিদ্ধান্ত লোৱাৰ দৰে সোণোৱাল চৰকাৰৰ কেবিনেটেও বিৰোধিতা কৰি প্রস্তাৱ ল’ব লাগে বুলি দিছপুৰৰ বিজেপিৰ বিধায়কজনে মুখ্যমন্ত্রীলৈ পত্র লিখাৰ কথা আজি পুনৰবাৰ উল্লেখ কৰে৷ তেওঁ আজি পুনৰ বিস্ফোৰণ ঘটাই কয় যে জাতি, মাটি আৰু ভেটি ৰক্ষা কৰাৰ প্রতিশ্রুতি দিয়া বিজেপিয়ে বিধেয়কখন গৃহীত হ’লে অসমতে মাটি হেৰুৱাব৷ এই বিধেয়কখন গৃহীত হ’লে বিজেপিয়ে জনসমর্থন হেৰুৱাব বুলি উল্লেখ কৰি বৰাই কয় যে ভেটি ৰক্ষাৰ স্বার্থত তেওঁ সদায় ৰাইজৰ পক্ষত থাকিব৷বিজেপিৰ জ্যেষ্ঠ বিধায়কজনৰ বিদ্রোহৰ পাছত অসমত পুনৰ বাংলাদেশীক সোমাবলৈ নিদিয়াৰ হুংকাৰ দিছে চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই৷ বিজেপিৰ দৰে ৰাষ্ট্রীয় দল এটাৰ কঠোৰ অনুশাসনৰ মাজতো বিধায়কে দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বিৰোধিতা কৰা কার্যই আন বিধায়কসকলো যে চৰকাৰে চলোৱা প্রচেষ্টাত অসন্তুষ্ট সেই কথা স্পষ্ট হৈ পৰিছে৷
ৰাজ্যৰ মিত্রজোঁট চৰকাৰৰ অংশীদাৰ দল অগপই নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ তীব্র বিৰোধিতা কৰিছে৷ দলৰ নীতিৰ সপক্ষে গৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে ইতিমধ্যে ঘোষণা কৰিছে যে বিধেয়কখন সংসদত গৃহীত হ’লে তেওঁ বিধায়কৰ পদ ত্যাগ কৰিব৷ কিন্তু জাতিধবংসী বিধেয়কখন পোনপটীয়াকৈ দলে সমর্থন কৰাৰ পাছতো বিজেপিৰ এজনৰ পাছত আন এজন বিধায়কে বিধেয়কখনৰ বিৰোধিতা কৰা আৰম্ভ কৰিছে৷ইফালে, কালি চাবুৱাৰ এখন বিহু মঞ্চত বিধায়ক বিনোদ হাজৰিকাই যদি বাংলাদেশী অসমত সোমায় তেন্তে তেওঁ বিধায়ক হৈ নাথাকে বুলি ঘোষণা কৰে৷ অসমলৈ বিদেশী নানে আৰু অসমৰ ৰাইজে বেয়া পোৱা কাম কেতিয়াও নকৰে বুলি নিজৰ স্থিতি স্পষ্ট কৰে বিধায়কজনে৷ মিত্র দল অগপৰ পাছত শাসনাধিষ্ঠিত বিজেপিৰ বিধায়কসকলে ক্রমে মুখ খোলাত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানত যে দলটোৰ বিধায়কসকলৰ তীব্র আপত্তি আছে সেই কথা স্পষ্ট হৈ পৰিছে৷
Responsive Ads Here