বংশ বৃক্ষ পৰীক্ষণৰ বাবে পিতৃ-মাতৃ এন আৰ চি কেন্দ্ৰত : ঘৰত কিশোৰীক ধৰ্ষণ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 26, 2018

বংশ বৃক্ষ পৰীক্ষণৰ বাবে পিতৃ-মাতৃ এন আৰ চি কেন্দ্ৰত : ঘৰত কিশোৰীক ধৰ্ষণ

মাৰ্ঘেৰিটাত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ : আৰক্ষীৰ জালত অজয় শৰ্মা

লিডু : ৰাজ্যত কোনোমতেই হ্ৰাস পোৱা নাই ধৰ্ষণৰ দৰেজঘন্য কাণ্ড৷ এইবাৰ পিতৃ-মাতৃয়ে ঘৰত অকলে এৰি থৈ যোৱা এগৰাকী অসহায় ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয় প্ৰতিবেশীৰ বিৰুদ্ধে৷ এই কাণ্ড সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত আলুবাৰীত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, আলুবাৰীৰ এটি পৰিয়ালৰ মুৰব্বী পিতৃ-মাতৃয়ে নিজ ১২ বছৰীয়া কন্যাক এৰি শুকুৰবাৰে এনআৰচিৰ বংশ বৃক্ষ পৰীক্ষণৰ বাবে এনআৰচিৰ সেৱা কেন্দ্ৰলৈ যাব লগা হয়৷ পিতৃ-মাতৃয়ে সন্ধিয়া উভতি আহিম বুলি ভাবিছিল যদিও এনআৰচি সেৱা কেন্দ্ৰত কাম শেষ নোহোৱাৰ ফলত নিশা আলহীৰ ঘৰতে কটায়৷ এনআৰচি সেৱা কেন্দ্ৰলৈ যোৱাৰ সময়ত ঘৰলৈ আহিব নোৱাৰিলে কিশোৰীগৰাকীক চোৱা চিতাৰ দায়িত্ব দিয়ে প্ৰতিবেশী অজয় শৰ্মাক৷
পিতৃ-মাতৃয়ে নিশা ঘৰলৈ উভতি নহাত অজয়ে শৰ্মাই অসহায় কিশোৰীগৰাকীক নিশা প্ৰথমে অবৈধ কাৰ্য কৰিবলৈ জোৰ কৰে৷ তাৰ পিছতে কিশোৰীয়ে সৈমান নোহোৱাত শৰীৰৰ বলেৰে ১২ বছৰীয়া এই কিশোৰীক ধৰ্ষণ কৰে৷
পুৱা পিতৃ-মাতৃ ঘৰলৈ উভতি অহাৰ পিছতে কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা মাতৃক জনায়৷ মাতৃয়ে এই কথা ৰাজহুৱা কৰে ফলত অঞ্চলটোত সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিবেশৰ৷
স্থানীয় ৰাইজে মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অজয় শৰ্মা এগৰাকী কাঠ মিস্ত্ৰিক গ্ৰেপ্তাৰ কৰে। এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ পিছতে আৰক্ষী থানা চৌহদত বহু মানুহৰ সমাগম ঘটে আৰু অজয় শৰ্মাক থানাৰ পৰা উলিয়াই দিয়াৰ দাবীত ৰাইজে পৰিবেশ উত্তাল কৰে৷ মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাৰ উচিত তদন্ত আৰু দোষীক শাস্তি দিয়া হ’ব বুলি কোৱাৰ পিছতহে ৰাইজ ক্ষান্ত হয়৷
Responsive Ads Here