আৰক্ষী চকীৰ অ’ চিক জে’ললৈ প্ৰেৰণ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 3, 2018

আৰক্ষী চকীৰ অ’ চিক জে’ললৈ প্ৰেৰণ

ৱেব সংবাদঃ ৰক্ষকেই যেতিয়া ভক্ষক হয়, সাধাৰণ জনতাই কাক ভৰসা কৰিব? তেনে এক ঘটনাই সংঘটিত হ’ল কামৰূপ জিলাৰ ৰামদিয়া আৰক্ষী চকীত৷ এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত  বুধবাৰে জে’ল হাজোতলৈ যাব লগীয়া হ’ল কামৰূপ জিলাৰ ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিনোদ চন্দ্র দাস৷ ঘটনাৰ বিৱৰণী মতে, যোৱা দুই এপ্রিলত ৰামদিয়াৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী অপহৰণ হোৱা বুলি ৰামদিয়া আৰক্ষী চকীত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে৷
উক্ত এজাহাৰৰ ভিত্তিত যোৱা ১২ এপ্রিলত ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াজনে ৰামদিয়া ভঠেলিত হাজোৰ শইকীয়াপাৰাৰ এজন যুৱকৰ সৈতে কিশোৰীগৰাকীক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ আনে৷ পুনৰ ৩০ এপ্রিলত পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দাসৰ বিৰুদ্ধে ১২ এপ্রিলৰ নিশা কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ অভিযোগ তুলি গোচৰ দিয়ে৷
পৰিয়ালৰ অভিযোগ, ১২ এপ্রিলত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল৷ যাৰ ফলত ১ মে’ত কিশোৰীগৰাকীয়ে হাজো প্রথম শ্রেণীৰ ন্যায়িক দণ্ডাধীশৰ আগত দিয়া সাক্ষ্য মর্মে  অভিযুক্ত আৰক্ষী বিষয়া দাসক আদালতত হাজিৰ কৰাই হাজো আৰক্ষী থানাৰ ৩০৭১৮ নম্বৰত গোচৰ মর্মে জে’ললৈ প্রেৰণ কৰে৷ উক্ত গোচৰৰ তদন্তকাৰী বিষয়া হ’ল কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ উপ-আৰক্ষী অধীক্ষক মাধুৰিমা দাস৷
Responsive Ads Here