দিবং ভান্টে ৱাৰ্নাচাৰা মহাথেৰাৰ মৃত্যু : অঞ্চলজুৰি শোকৰ ছা - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 22, 2018

দিবং ভান্টে ৱাৰ্নাচাৰা মহাথেৰাৰ মৃত্যু : অঞ্চলজুৰি শোকৰ ছা



লিডু : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ দিবং বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ৱাৰ্নাচাৰা মহাথেৰাৰ (৯২) আজি পুৱা প্ৰায় ৬.১৫ মান বজাত মৃত্যু ঘটে৷ বহু দিনৰ পৰা দুৰাৰোগ্য বেমাৰত আক্ৰান্ত আছিল ভান্টে বাবা৷ বহু দিন ধৰি বাবা চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে দিবং বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ গৰাকীয়ে৷ আজি বৌদ্ধ ভিক্ষু গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই বাবাৰ অজস্ৰ গুনমুগ্ধই মন্দিৰৰ প্ৰাঙ্গনত ভিৰ কৰা পৰিলক্ষিত হয়৷ 

উল্লেখ্য যে তেওঁ আছিল পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সভাপতি৷ অতি সৎ আৰু নিষ্ঠাৱান এগৰাকী ভিক্ষুৰ আকস্মিক বিয়োগে মৰ্মাহত কৰিলে মাৰ্ঘেৰিটা বাসীৰ অজস্ৰ গুণমুগ্ধক৷ ভিক্ষু গৰাকীৰ আকস্মিক বিয়োগ মাৰ্ঘেৰিটা বাসীৰ বাবে এক অপূৰনীয় ক্ষতি৷

Responsive Ads Here