ৱেব সংবাদ : একেদিনাই একে সময়তে দুই প্রেয়সীক বিয়া কৰাবলৈ সাজু হৈছে ব্রাজিল তাৰকা ফুটবলাৰ ৰ’নাল্ডিনহাে। বার্চিলােনাৰ প্রাক্তন ফুটবলাৰ ৰ’নাল্ডিনহােৱে অহা আগষ্ট মাহত দীর্ঘদিনীয়া প্রেয়সী প্রিছচিলা ক’লহাে আৰু শেহতীয়া প্রেয়সী বিয়েট্রিজ চৌজাৰে বিবাহপাশত আবদ্ধ হ'ব। ৩৮ বছৰীয়া ব্রাজিল তাৰকা ফুটবলাৰগৰাকীয়ে যােৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই প্রেয়সী দুগৰাকীৰ সৈতে পাঁচ মিলিয়ন ইউৰােৰ ৰিঅ' ডি জেনেইৰাে মেনচনত সময় অতিবাহিত কৰি আহিছে। ২০১৬ চনত বিয়েট্রিজৰে প্ৰেমৰ সম্পর্ক গঢ়ি তােলা ৰ’নাল্ডিনহােৱে ছিচিলাৰে বহু বছৰ পূর্বেই প্ৰেমৰ সম্পর্ক গঢ়ি তুলিছিল অৱশ্যে ভাতৃৰ এই বহু বিবাহত উপস্থিত নাথাকিব ৰ'নাল্ডিনহােৰ ভগ্নী ডেইছিয়ে। ৰ’নাল্ডিনহােৰ ভগ্নীগৰাকীয়ে ফুটবলাৰগৰাকীয়ে দুগৰাকী প্রেমিকাৰ সৈতে যােগসূত্র ৰখাত আপত্তি কৰি আহিছিল। উল্লেখ্য যে ৯৭খন মেচত ব্রাজিলক প্রতিনিধিত্ব কৰি ৩৩টা গ'ল স্ক’ৰ কৰিবলৈ সক্ষম হােৱা ৰ’নাল্ডিনহােৱে দেশখনক দুবাৰকৈ বিশ্বকাপ ফুটবলত প্রতিনিধিত্ব কৰিছিল আৰু ২০০২ চনৰ বিজয়ী ব্রাজিল দলটোৰ অন্যতম সদস্য আছিল ৰ'নাল্ডিনহাে। ২০০৩ চনত বার্চিলােনাৰে চুক্তিবদ্ধ হােৱা ৰ’নাল্ডিনহােৱে ২০০৩-০৮ চনলৈকে ক্লাবটোৰ হৈ ১৪৫খন মেচ খেলি ৭০টা গ’ল স্ক’ৰ কৰিছিল।
Post Top Ad
Responsive Ads Here
May 25, 2018

Home
ক্ৰীড়া
মনোৰঞ্জন
এগৰাকীও নহয় এলাগী : একেদিনাই একে সময়তে দুই প্রেয়সীক বিয়া কৰাব তাৰকা ফুটবলাৰ ৰ’নাল্ডিনহােই
এগৰাকীও নহয় এলাগী : একেদিনাই একে সময়তে দুই প্রেয়সীক বিয়া কৰাব তাৰকা ফুটবলাৰ ৰ’নাল্ডিনহােই
Tags
# ক্ৰীড়া
# মনোৰঞ্জন
Share This

About Sangbad Prahari
মনোৰঞ্জন
Author Details
No. 1 Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)