বিদ্যুৎ সংযােগক লৈ টুইটাৰত মোডীৰ পানীমিঠৈ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 4, 2018

বিদ্যুৎ সংযােগক লৈ টুইটাৰত মোডীৰ পানীমিঠৈ

গুৱাহাটী : প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ মিথ্যাচাৰ উদঙাবলৈ অসম অন্যতম উদাহৰণত পৰিণত হৈছে। বিজেপি ক্ষমতালৈ আহিলেই অসমৰ পৰা বাংলাদেশীয়ে টালি-টোপােলা বান্ধিব লাগিব বুলি কৰা ঘােষণা অসাৰ হৈ পৰাৰ পাছত এইবাৰ নির্দিষ্ট সময়তকৈ আগতে দেশৰ সকলাে গাঁৱত বিদ্যুৎ সংযােগ কৰা হ’ল বুলি টুইটাৰযােগে কৰা মিথ্যাচাৰৰ তথ্য উদঙাইছে অসমে। ঘৰ ঘৰ কা বিজলী’ যােগান ধৰাৰ কথা ৰাজহুৱা সভাত ঘােষণা কৰাৰ পাছতাে অসমত এতিয়াও ২৪ লাখৰাে অধিক পৰিয়ালক বিদ্যুৎ সংযােগ ব্যৱস্থাত সামৰিব পৰা নাই। অথচ যোৱা ১৯ এপ্রিলত দেশত কোনাে গাঁৱতে বিদ্যুৎ সংযােগ কৰিবলৈ বাকী নাই বুলি টুইটাৰযােগে মন্তব্য কৰিছিল প্রধানমন্ত্রী মােদীয়ে। কেৱল ক্ষমতা দখলৰ লক্ষ্যতে অসমৰ পৰা বাংলাদেশীয়ে টালি-টোপােলা বান্ধিব লাগিব বুলি কৰা মিথ্যাচাৰৰ স্বৰূপ ওলাই পৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে পুনৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছে, সেই কথা উদঙাইছে অসমত হােৱা বৈদ্যুতিকীকৰণৰ তথ্যই। উল্লেখযােগ্য যে সমগ্র দেশৰ সকলােবােৰ পৰিয়ালক বিদ্যুৎ সংযােগ দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে ‘সৌভাগ্য’ নামৰ আঁচনিখন। এই আঁচনিৰ অধীনত বি পি এল পৰিয়ালক বিনামূলীয়াকৈ বিদ্যুৎ সংযােগ দিয়াৰ লক্ষ্য বান্ধি লােৱা হৈছিল। দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ বিদ্যুৎ সংযােগ নথকা পৰিয়ালসমূহকো বিনামূলীয়াকৈ বিদ্যুৎ সংযােগ দি পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলক কিস্তিত বিদ্যুৎ সংযােগৰ ব্যয় আদায় দিয়াৰ সুবিধা দি সমগ্র দেশতে এই আঁচনিখন ২০১৯ চনৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য বান্ধি লােৱা হৈছিল। প্রধানমন্ত্রী মােদীয়ে সৌভাগ্য আঁচনিৰ বাবে নির্ধাৰণ কৰা লক্ষ্যৰ আগতে সমগ্ৰ দেশৰ সকলাে গাঁৱত বিদ্যুৎ সংযােগ হােৱাৰ কথা টুইটাৰযােগে ঘােষণা কৰিছে। প্রধানমন্ত্রী মােদীয়ে ঘৰে ঘৰে বিজুলী যােগানৰ বাবে ‘সৌভাগ্য’ নামৰ আঁচনিখন গ্ৰহণ কৰিছিল যদিও অসমত এতিয়াও বহু গাঁৱত বিদুৎ সংযােগ হােৱা নাই। ভিতৰুৱা গাঁও, পার্বত্য এলেকাৰ বহু গাঁও বৈদ্যুতিক পােহৰৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। ৰাজ্যত ২৪ লাখৰাে অধিক পৰিয়ালত বিদ্যুৎ সংযােগ নােহােৱাকৈ আছে। অসমত থকা মুঠ পৰিয়ালৰ সংখ্যা হ’ল প্রায় ৬৮ লাখ। শক্তি বিভাগৰ তথ্য মতে, ইয়াৰ ভিতৰত ২৪,১০,৩৮৮টা পৰিয়ালত এতিয়াও বিদ্যুৎ সংযােগ নাই। শক্তি বিভাগে সৌভাগ্য নামৰ আঁচনিত ২০১৯ চনৰ ভিতৰত এই পৰিয়ালসমূহক বিদ্যুৎ যােগানৰ ব্যৱস্থা কৰাৰ বাবে লক্ষ্য বান্ধি লৈছে। অথচ প্রধানমন্ত্রী মােদীয়ে ঘােষণা কৰিছে যে নির্ধাৰিত লক্ষ্যৰ আগতে দেশত সকলাে গাঁৱত বিদ্যুৎ সংযােগ কৰা হ’ল। অসমত গ্রীষ্মকালত সর্বোচ্চ বিদ্যুতৰ চাহিদা প্রতিদিনে ১৮২০ মেগাৱাট। বিভিন্ন উৎসৰ পৰা অসম শক্তি বিতৰক কোম্পানীয়ে ক্রয় কৰে প্রায় ১৫৯০ মেগাৱাট। অর্থাৎ অসমৰ নিজা উৎপাদনৰ পৰিমাণ মাত্র ২৫৩ মেগাৱাট। ৰাজ্যত ২৪ লাখৰাে অধিক পৰিয়ালক সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ যােগানৰ চৰম প্রত্যাহ্বান থকাৰ পাছতাে ৰাজ্য চৰকাৰে কেন্দ্ৰই বান্ধি দিয়া সময়সীমা ২০১৯ চনৰ ভিতৰত ‘সৌভাগ্য’ৰ জৰিয়তে মােদীৰ ঘৰ ঘৰ কা বিজলী’ শ্ল'গান বাস্তৱায়িত কৰাৰ প্রচেষ্টা চলি থকাৰ সময়ত প্রধানমন্ত্রী মােদীয়ে দেশত এখনাে বিদ্যুৎ সংযােগ নথকা গাঁও নাই বুলি পুনৰবাৰ মিথ্যাচাৰৰ আশ্রয় লােৱাৰ তথ্য উদঙালে অসমে।
Responsive Ads Here