স্বাস্থ্য বিভাগৰ টোগলকী কাণ্ড : সাক্ষাতকাৰৰ পৰা বঞ্চিত আবেদনকাৰী হাজাৰ হাজাৰ নিবনুৱা - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

May 3, 2018

স্বাস্থ্য বিভাগৰ টোগলকী কাণ্ড : সাক্ষাতকাৰৰ পৰা বঞ্চিত আবেদনকাৰী হাজাৰ হাজাৰ নিবনুৱা

বৰপেটা : স্বাস্থ্য বিভাগৰ টোগলকী কাণ্ডৰ ফলত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বৰপেটা জিলাৰ হাজাৰ হাজাৰ নিবনুৱা সাক্ষাতকাৰৰ পৰা বঞ্চিত হ'বলগা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্ত স্থাপন কৰা আদর্শ চিকিৎসালয়ত নিযুক্তি দিবলগা নৈশ চকীদাৰ, ৱার্ডবয়, ৱার্ডগার্ল আদিকে ধৰি বিভিন্ন চতুর্থবৰ্গৰ পদত নিযুক্তি প্রক্রিয়াক লৈ স্বাস্থ্য বিভাগে শেহতীয়াভাৱে দেখুওৱা টোগলকী কাণ্ডত হতাশ আৰু ক্ষোভিত হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ লগতে বৰপেটা জিলাৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতী।
মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ কাণ্ড জ্ঞানহীন সিদ্ধান্তৰ বাবেই ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বৰপেটা জিলাৰাে বহু সংখ্যক আবেদনকাৰী নিবনুৱা যুৱক-যুৱতী উক্ত পদসমূহৰ সাক্ষাতকাৰত অৱতীৰ্ণ হােৱাৰ পৰা বঞ্চিত হ'বলগা হ'ল। কাৰ ভুলৰ বাবে এই আবেদনকাৰী দুৰ্ভগীয়া যুৱক-যতীসকল বঞ্চিত হ'বলগা হ’ল সেয়া এতিয়া ডাঙৰ প্রশ্ন হৈ পৰিছে।
স্বাস্থ্য বিভাগে জাৰি কৰা প্ৰথমটো বিজ্ঞাপন অনুসৰি, জিলাখনৰ প্রায় ৪০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে পূৰণ কৰিবলগা আদর্শ চিকিৎসালয়ৰ উক্ত পদসমূহৰ বিপৰীতে ট্রেজাৰী চালান কাটি অফলাইনযােগে আবেদন কৰিছিল। এই পদসমূহৰ বিপৰীতে ছয় মেত সাক্ষাতকাৰ অনুষ্ঠিত হ’ব। কিন্তু স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে সাক্ষাতকাৰত অৱতীর্ণ হােৱাৰ পৰা বঞ্চিত হ'ব লগা হ’ল জিলাখনৰ প্রায় ৪০ হাজাৰ নিবনুৱা।
উল্লেখ্য যে, ৰাজ্যখনৰ বিভিন্ন জিলাত স্থাপন কৰা আদর্শ চিকিৎসালয়ত প্রয়ােজন হােৱা নৈশ চকিদাৰ, ৱার্ডবয়, ৱার্ড গার্ল আদি চতুর্থ শ্রেণীৰ পদসমূহ পূৰণ কৰাৰ বাবে যােৱা ১৪ ডিচেম্বৰত এইচ এচ ই/১৪৩/২০১৭/১৪৫৯৫নম্বৰ বিজ্ঞাপনৰ জৰিয়তে প্রার্থীসকলৰ পৰা আবেদন বিচাৰিছিল। এই বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ শ্ৰেণীৰ অন্তর্ভুক্ত প্রার্থীসকলক ২৫০ টকা আৰু অনুসূচিত জাতি/জনজাতি শ্ৰেণীৰ প্রার্থীসকলক ১৫০ টকাকৈ ট্রেজাৰী চালান যােগে জমা দি আবেদন কৰিবলৈ নির্দেশ দিয়া হৈছিল। বিজ্ঞাপনটোৰ জৰিয়তে প্রার্থীসকলক প্ৰতিখন জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অফলাইন’ৰ জৰিয়তে আবেদন প্ৰ-পত্ৰসমূহ জমা দিবলৈ কোৱা হৈছিল।
এই অনুসৰি, ৰাজ্যখনৰ বিভিন্ন জিলাৰ হাজাৰ হাজাৰ নিবনুৱাই ট্রেজাৰী চালানসহ নিজ নিজ জিলাত থকা যুটীয়া স্বাস্থ্য সঞ্চালক কার্যালয়সমূহত ‘অফলাইন’ৰ জৰিয়তে আবেদন প্ৰ-পত্র জমা দিয়ে। কিন্তু ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকে জনসংযােগ বিভাগৰ জৰিয়তে জাৰি কৰা এইচ এচ ই/ ১৪৩/২০১৭/২৫০৬ নম্বৰৰ আন এক বিজ্ঞাপনৰ জৰিয়তে উক্ত পদসমূহৰ বাবে নতুনকৈ প্রার্থীসকলৰ পৰা আবেদন বিচাৰে।
নতুনকৈ জাৰি কৰা বিজ্ঞাপনটোৰ জৰিয়তে ইতিমধ্যে যিসকল প্রার্থীয়ে ‘অফাইন’ৰ জৰিয়তে আবেদন কৰিছিল সেইসকল প্রার্থীকে ‘অনলাইন’ৰ জৰিয়তে নতুনকৈ আবেদন কৰিবলৈ কোৱা হৈছিল। স্বাস্থ্য সেৱা সঞ্চালকে জাৰি কৰা প্ৰথমটো বিজ্ঞাপন অনুসৰিয়েই সেই সময়ত প্রার্থীসকলে দুই-তিনিদিন ধৰি কোষাগাৰ বিষয়াৰ কার্যালয় আৰু বেংকত দীঘলীয়া শাৰী পাতি ট্রেজাৰী চালান কাটিছিল। বেংক কর্তৃপক্ষই চালানৰ দুটা কপি জমা ৰাখি এটা কপি প্রার্থীসকলক ঘূৰাই দিছিল। এই কপিটোকে প্রার্থীসকলে আবেদন প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰি নিজ নিজ জিলাত থকা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত জমা দিয়ে। কিন্তু এই প্রার্থীসকলে অনলাইন জৰিয়তে আবেদন কৰিবলৈ গৈ বিমুখ হ'বলগা হৈছিল। কিয়নাে প্রার্থীসকলৰ হাতত চালানৰ অতিৰিক্ত কপি নথকাত অনলাইনত চালানৰ কপি জমা দিব পৰা নাছিল।
আনহাতে, চালানৰ কপি জমা দিব নেৱাৰাৰ ফলতে প্রার্থীসকলৰ আবেদন সেই সময়ত অনলাইনত গ্রহণযােগ্য নহ’ল। জিলাখনৰ প্ৰাৰ্থীসকলে এইক্ষেত্ৰত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছিল যদিও চৰকাৰে কোনাে ব্যৱস্থা গ্ৰহণ নকৰাত প্রার্থীসকল বঞ্চিত হ'বলগা হ’ল।
আজি বৰপেটা জিলাৰৰা বঞ্চিত ভালে সংখ্যক প্রার্থীয়ে সাক্ষাতকাৰৰ পৰা বঞ্চিত হােৱাৰ বাবে বৰপেটা চহৰস্থিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ক্ষোভ প্রকাশ কৰে। বঞ্চিত প্রার্থীসকলে এইবুলিও প্রশ্ন কৰে যে. হাজাৰ হাজাৰ নিবনুৱাই জমা দিয়া ট্রেজাৰী চালানৰ টকা স্বাস্থ্য বিভাগে ক’ত খৰচ কৰিব। একাংশ বঞ্চিত প্রার্থীয়ে গােটেই বিষয়টো সন্দৰ্ভত আদালতৰ দ্বাৰস্থ হ’ব বুলিও জানিবলৈ দিয়ে।
Responsive Ads Here