বঙাইগাঁও শোধনাগাৰৰ ফেবটেক কোম্পানীৰ ১২৭ জন শ্ৰমিকক হঠাৎ কামৰ পৰা ওলিয়াই দিয়াক লৈ উত্তাল প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

June 20, 2018

বঙাইগাঁও শোধনাগাৰৰ ফেবটেক কোম্পানীৰ ১২৭ জন শ্ৰমিকক হঠাৎ কামৰ পৰা ওলিয়াই দিয়াক লৈ উত্তাল প্ৰতিবাদ



চিৰাং : বঙাইগাঁও শোধনাগাৰৰ ৫ নং প্ৰৱেশদ্বাৰ হঠাৎ উত্তপ্ত হৈ উঠিছে । কিন্ত কিয় ? চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনগাৰ এয়া। শোধনাগাৰৰ আন্ত:গাঁথনিৰ কামত নিয়োজিত ফেবটেক নামৰ কোম্পানী এটাই ইয়াত কাম চলাই আছে। এই ফেবটেক কোম্পানীটোৱে হঠাতে কোনো কাৰণ বা জাননি নিদিয়াকৈ কোম্পানীটোৰ কামত নিয়োজিত থকা ১২৭ জন শ্ৰমিকক বৰ্খাস্ত কৰিছে।
দৰিদ্ৰ এই শ্ৰমিক সকলে এতিয়া কি কৰি চলিব বুলি প্ৰশ্ন উত্থাপন হৈছে। কোম্পানীটোৱে শ্ৰমিক সকলৰ পৰা প্ৰতি মাহে শ্ৰমিক বীবা তথা চিকিৎসা আৰু শ্ৰমিক ভৱিষ্যনিধিৰ বাবদ টকা কাটি লৈছিল যদিও সেই সুবিধা শ্ৰমিকক দিয়া নাছিল,শ্ৰমিক সকলক বৰ্খাস্ত কৰা মুহুৰ্তত শ্ৰমিকসকলক কাম কৰাৰ দৰমহাও আদায় দিয়া নাছিল। হঠাতেই শ্ৰমিক সকলক শোধনাগাৰৰ ভিতৰত প্ৰৱেশ পত্ৰ থকাৰ পিচতো প্ৰৱেশ কৰিব দিয়া হোৱা নাই,আৰু কামো কৰিব দিয়া হোৱা নাই। জিলাখনৰ স্থানীয় এই ১২৭ জন শ্ৰমিকক বৰ্খাস্ত কৰাৰ পিচত এই সন্দৰ্ভত শোধনাগাৰ কৰ্তৃপক্ষ,জিলা উপায়ুক্ত,জিলা আৰক্ষী অধিক্ষকক শ্ৰমিকসকলে লিখিত ভাৱে জনোৱাৰ পিচতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাই।
ঈদৰ আগ দিনা অৰ্থাৎ ১৬ জুন তাৰিখে এইসকল শ্ৰমিকক বৰ্খাস্ত কৰাৰ পিচত জিলা প্ৰশাসনক জনোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰাত আজি শ্ৰমিক সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে আৰু জনায় যে আমি আমাৰ স্থানীয় শোধনাগাৰত যদি কাম কৰি খাব নোৱাৰো ক’ত যাম ? জিলা প্ৰশাসন আৰু শোধনাগাৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত লিখিত ভাৱে জনোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰিলে। গতিকে আমি শ্ৰমিকসকলে বাধ্যত পৰি আন্দোলন কৰিবলগীয়া হৈছে। শোধনাগাৰৰ ঠিকাদাৰ শাহানুৰৰ উচটনিত কোম্পানীটোৱে শ্ৰমিক সকলৰ সৈতে তেনে ধৰনৰ ব্যৱহাৰ কৰি থকা বুলি শ্ৰমিক সকলে অভিযোগ কৰিছে । ইয়াৰোপৰি বহি:ৰাজ্যৰ কোম্পানীটোৱে জিলা প্ৰশাসন তথা বৰমূৰীয়া সকলক ধনৰ বিনিময়ত শ্ৰমিক সকলৰ পক্ষে মাত মাতিব দিয়া নাই বুলিও অভিযোগ কৰিছে শ্ৰমিক সকলে। শ্ৰমিক সকলৰ এই আন্দোলনত সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন আৰু শোধনাগাৰ কৰ্তৃপক্ষই দায়ী হব লাগিব। কাৰণ ইয়াত দৰিদ্ৰ শ্ৰমিকসকলৰ জীৱিকাৰ কথা আহি পৰিছে। পেটৰ তাৰনাত এইসকল লোকে আন্দোলন কৰিবলগীয়া হৈছে ।