কাৰ্বি আংলং কাণ্ড: মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বুকুৰ কুটুম তুলিৰাম ৰংহাং এতিয়া ক’ত ? - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

June 11, 2018

কাৰ্বি আংলং কাণ্ড: মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বুকুৰ কুটুম তুলিৰাম ৰংহাং এতিয়া ক’ত ?

গুৱাহাটী : কাৰ্বি আংলঙৰ ডকমকাত যোৱা দুদিন পূর্বে দুগৰাকী নিৰপৰাধী যুবক নীলােৎপল আৰু অভিজিৎ পাণজুৰি গাঁৱৰ এচাম লােকৰ নৃশংস আক্রমণত নিহত হােৱাৰ ৪৮ ঘন্টা পাৰ হােৱাৰ পিছতাে কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাংৰ কোনাে সাৰসুৰ নােহােৱা কাৰ্য্য চৰম দায়িত্বহীণতাৰ পৰিচায়ক বুলি অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে অভিহিত কৰিছে।
এই সন্দৰ্ভত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই সংবাদ মাধ্যমৰ জৰিয়তে প্রশ্ন উত্থাপন কৰিছে যে মুখ্যমন্ত্রী সােণােৱালৰ বিশ্বস্ত সৈনিক, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ কুটুম আৰু বিজেপি সভাপতি ৰঞ্জিৎ দাসৰ আস্থাৰ পাত্র তুলিৰাম ৰংহাং ডাঙৰীয়া এই সংকটৰ সময়ত কলৈ গ'ল? যি সময়ত ডকমকালৈ গৈ পৰিস্থিতিৰ সমুখৰ পৰা মােকাবিলা কৰিব লাগিছিল, সেই সময়ত ঘটনা সংঘটিত হােৱাৰ পিছত শণিবাৰে নিশা কাৰ সাহসত বিদেশলৈ গ'ল? মৃতকৰ পৰিয়ালৰ কাষত ঠিয় হােৱাৰ প্রয়ােজন অনুভব নকৰা কাৰ্যক মুখ্যমন্ত্ৰীয়ে কঠোৰ শান্তি বিহিব পাৰিবনে? দায়সৰা তুলুঙা মন্তব্য প্রদান কৰা জিলা উপায়ুক্তৰ ক্ষেত্ৰত ৰাইজৰ আস্থা নােহােৱা হােৱাৰ পিছতাে দিছপুৰৰ দৰদ কিয়? জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তথা সুৰক্ষা দিবলৈ অসমর্থ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে কর্তব্যপালনত ব্যর্থ হােৱাৰ পিছতাে শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? ৰাজ্যখনত আইন শৃংখলাৰ চৰম অৱনতি ঘটিছে।
কার্বি পাহাৰ আজি কলংকিত। মানৱতাৰ বধ্যভূমিলৈ পৰিণত। ভিতৰুৱা অঞ্চলত কু-সংস্কাৰ আৰু অপপ্রচাৰৰ ইতিমধ্যে কেইবাজনাে বলী হােৱাৰ পিছতাে স্বায়ত্ব শাসিত পৰিষদ আৰু জিলা প্রশাসন নির্লিপ্ত হৈ আছিল কেনেকৈ? আজিৰ পৰা দুবছৰৰ পূর্বে দিনদুপৰত ডিফুৰ অটো ষ্টেণ্ডত পিতৃৰ সমুখতে পুত্রক বিনাদোষত নৃশংস ভাবে হত্যা কৰা ঘটনাৰ পিছতাে বিজেপি নেতৃত্বাধীন স্বায়ত্বশাসিত পৰিষদৰ একো কৰণীয় নাছিল নেকি? কার্বি পাহাৰত আৰক্ষীয়ে অপৰাধ ৰােধৰ বিপৰীতে নীৰৱ দর্শক হৈ ভিডিঅ’ কৰাত ব্যস্ত থাকে কিয়? পাণজুৰি কছাৰী গাঁৱৰ মানুহৰ মাজত সােপাধৰাৰ আতংক সৃষ্টিৰ বিষয়ে চোৰাংচোৱা জ্ঞাত নাছিল নেকি।
মুখ্যমন্ত্রী ডাঙৰীয়া, তাৰমানে কার্বি পাহাৰত জংঘলৰাজ চলিছে নেকি? শংকাত ভােগা জনগণৰ নিৰাপত্তাৰ স্বাৰ্থত বেপেৰুৱা তুলিৰামক তকালে বখাস্ত কৰক। হত্যাকাৰী এজনাে যাতে দুর্বল "কেছ ডায়েৰীৰ " কাৰণে ৰেহাই নাপায় সেইটো নিশ্চিত কৰক৷ প্রদেশ কংগ্রেছৰ গৰিহণা কাৰ্বি আংলং জিলাৰ ডকমকা পানজুৰি গাঁৱত হােৱা বৰ্বৰ কাণ্ডত মৃত্যু বৰণ কৰা অভিজিৎ আৰু নীলােৎপলৰ অপৰাধীক শাস্তিৰ দাবীত আজি মহানগৰীত হােৱা পথ অৱৰােধৰ ঘটনাত আৰক্ষীয়ে কৰা লাঠী চালনাৰ ঘটনাক অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কঠোৰ ভাষাৰে গৰিহণা দিছাে৷
Responsive Ads Here