তামাৰহাট : ইছলাম ধৰ্মলম্বী লোকসকলৰ চলি থকা পবিত্ৰ ৰামজান মাহ আৰু আগন্তুক ঈদ-উল-ফিতৰ উপলক্ষে সজল ফাউণ্ডেচন নামৰ আগশাৰীৰ বে-চৰকাৰী স্বেচ্ছাসৱী সংস্থাই গোঁসাইগাঁও বিধানসভা সমষ্টিটোৰ বিভিন্ন স্থানত বস্ত্র বিতৰণ আৰু ইফতাৰ মেহফিল অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। তাৰে অংশ হিচাপে দেওবাৰে সমষ্টিটোৰ ভোমৰাবিলস্থিত ভোমৰাবিল হাফিজীয়া মাদ্ৰাছাৰ প্ৰাংগণতো অনুষ্ঠিত হয় এই বস্ত্ৰ বিতৰণ আৰু ইফতাৰ মেহফিল।
উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সজল ফাউণ্ডেচনৰ মুখ্য পৰিচালন সঞ্চালক সজল সিংহৰ লগতে স্থানীয় বহু কেইজন বিশিষ্ট ব্যক্তি। আনহাতে দুখীয়াসকলৰ মাজত বস্ত্র বিতৰণ কৰাৰ লগতে বিশ্ব শান্তিৰ কামনাৰে বিভিন্ন ধৰ্মলম্বী লোকসকলৰ মাজত ভ্ৰাতৃত্ববোধ বৃদ্ধিৰ বাবে আহ্বান জনায়৷
উল্লেখ্য যে, তামাৰহাটস্থিত সজল ফাউণ্ডেচন নামৰ সংস্থাটোৱে শতাধিক পুৰুষ-মহিলাক বস্ত্র বিতৰণ আৰু ইফতাৰ কৰাৰ উপৰি বিভিন্ন সময়ত বাট-পথ , দলং আদি মেৰামতি কৰা দুখীয়া মানুহক সহায় সহযোগিতা আগবঢ়াই আহিছে।