তামুলপুৰ : বাক্সা আৰু নলবাৰী জিলাৰ অন্তৰ্গত তামুলপুৰ-- ঘগ্ৰাপাৰ গড়কাপ্তানী পথটো জনসাধাৰণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত হৈ আহিছে।
এই পথটোৰ তামুলপুৰ ঘগ্ৰাচকৰ পৰা গোঁসাইকমল আলিলৈ প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ বিধ্বস্ত ৰূপে ৰাইজক জলাকলা খুৱাই আহিছে। পথচোৱাৰ মাজে মাজে সৃষ্টি হৈছে একো একোটা প্ৰকাণ্ড গাঁত৷ পথচোৱাৰে নিতৌ স্কুল কলেজৰ ছাত্র ছাত্ৰী , ৰোগী আদিকে ধৰি সৰ্বসাধাৰণ ৰাইজে যাতায়ত কৰাৰ ক্ষেত্ৰত ভূগি আহিছে যমৰ যাতনা । পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই ৰাইজৰ লগত পথছোৱা মেৰামতি অথবা পুণৰ নিৰ্মাণৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও আজিলৈ বিভাগীয় কৰ্তৃপক্ষ নাইবা জন প্ৰতিনিধিয়ে কোনোধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জয় পাঠক আৰু সাধাৰণ সম্পাদক ৰিংকু তালুকদাৰৰ নেতৃত্বত যোৱা আছুৰ এটা সঁজাতি দলে আজি পথছোৱা মেৰামতি অথবা পুণৰ নিৰ্মাণ কৰি পথছোৱা যাতায়তৰ বাবে সূচল কৰি তুলিবলৈ বাক্সা জিলাৰ উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷