৩৬ ঘণ্টাত ২৪জনকৈ লোকক এতিয়ালৈকে গ্রেপ্তাৰ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

June 12, 2018

৩৬ ঘণ্টাত ২৪জনকৈ লোকক এতিয়ালৈকে গ্রেপ্তাৰ

ৱেব সংবাদঃ  ছ’চিয়েল মিডিয়াত প’ষ্ট দিয়াত সতর্ক হওক৷ সামান্য এটা ভুলৰ বাবেও এতিয়া ৰঙাঘৰৰ ভাত খাবলগীয়া হ’ব পাৰে৷ ৰাজ্যত ছ’চিয়েল মিডিয়াযোগে ভিত্তিহীন উৰাবাতৰি আৰু উচটনিমূলক বক্তব্য প্রচাৰ কৰাৰ অভিযোগত বিগত ৩৬ ঘণ্টাৰ ভিতৰত ২৪জনকৈ লোকক গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ উৰাবাতৰিৰ বাবে গুৱাহাটীৰ দুজনকৈ যুৱকে ডকমকাত প্রাণ দিবলগীয়া হোৱাৰ লগতে ঘটনাৰ পাছত ব্যাপক উচটনিমূলক প’ষ্ট ছ’চিয়েল মিডিয়াযোগে প্রচাৰ হোৱাত ৰাজ্যত সাম্প্রদায়িক সম্প্রীতি বিনষ্ট হোৱাৰ উপক্রম ঘটাত সোমবাৰৰ পৰা অসম আৰক্ষীয়ে ছ’চিয়েল মিডিয়া মনিটৰিং চেল সক্রিয় কৰিছিল৷

ছ’চিয়েল মিডিয়াৰ অপপ্রয়োগ কৰা অভিযুক্তক এই গোটে নির্দিষ্ট কৰি দিয়াৰ পাছত ৰাজ্যৰ বিভিন্ন জিলাত এজনৰ পাছত এজনকৈ গ্রেপ্তাৰ কৰা হৈছে৷ এইপর্যন্ত কেৱল নগাওঁ জিলাতে ৬জন লোকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে এইপর্যন্ত আটক কৰাসকলৰ ভিতৰত বিশ্বনাথ চাৰিআলিৰ দীপক খাওন্দ, দিব্যজ্যোতি শইকীয়া, কার্বি আংলঙৰ সীমান্ত তেৰাং, ভূপেন্দ্র তেৰাং, ডিব্রুগড়ৰ শুভংকৰ চক্রৱর্তী, নগাঁৱৰ মৃদুপৱন মুক্তিয়াৰ, মাধুর্যমণ্ডিত বৰুৱা, অঞ্জুমণ ৰণি, প্রীতম দাস, মৌচম শইকীয়া, সত্যজিৎ দেবনাথ, কামৰূপ (ম)ৰ বিতু পাল, মানৱজ্যোতি বৰা, দৰঙৰ শুভ্রজিৎ শর্মা, প্রদীপ দাস, শোণিতপুৰৰ ৰক্তিমৰাজ ৰয়, শ্রীকান্ত সাহা, ছাহনুৰ আহমেদ, ইমৰান হুছেইন, ইছফাকুল হক, বৰপেটাৰ বুলবুল হুছেইন আৰু শিৱসাগৰৰ ৰাজীৱ চেতিয়া৷

গ্রেপ্তাৰ হোৱা লোকসকলে নিহত যুৱকদ্বয়ক নির্দয়ভাৱে প্রহাৰ কৰি থকাৰ ভিডিঅ’ ফে’চবুকত আপল’ড কৰি আৰু হোৱাট৲ছএপযোগে প্রচাৰ কৰি উত্তেজনা বৃদ্ধি কৰিছিল৷ আন কিছুৱে উচটনিমূলক বক্তব্য আৰু আক্রমণাত্মক বক্তব্য ছ’চিয়েল মিডিয়াত প্রচাৰ কৰিছিল৷ তেওঁলোকৰ বিৰুদ্ধে তথ্য প্রযুক্তি আইনৰ অধীনত গ্রেপ্তাৰ কৰি আইনমতে ব্যৱস্থা গ্রহণ কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ আনহাতে, অসম আৰক্ষীয়ে আৰম্ভ কৰা ডি জি নিয়ন্ত্রণ কক্ষলৈ জনসাধাৰণে ব্যাপক সঁহাৰি দিছে বুলি জানিব পৰা গৈছে৷ ছ’চিয়েল মিডিয়াত চলা অপপ্রচাৰ সন্দর্ভতো জনসাধাৰণে এই নিয়ন্ত্রণ কক্ষৰ জৰিয়তে ব্যাপক পৰিমাণে অভিযোগ দিয়াৰ তথ্য পোৱা গৈছে৷


Responsive Ads Here