বৰপেটা জিলা সাহিত্য সভাৰ পূর্ণাঙ্গ সমিতি গঠন - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

June 13, 2018

বৰপেটা জিলা সাহিত্য সভাৰ পূর্ণাঙ্গ সমিতি গঠন


বৰপেটা : বৰপেটা জিলা সাহিত্য সভাৰ এখনি গুৰুত্বপূৰ্ণ সভা কালি বৰপেটাস্থিত নিজ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা উপ-সভাপতি লাচিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা সম্পাদক কিশোৰ কুমাৰ দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কেন্দ্রীয় সমিতিৰ সদস্য গোবিন্দ তালুকদাৰে বৰপেটা জিলা সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যপন্থাৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাত অসম সাহিত্য সভাৰ ভাষাতত্ব আৰু গৱেষণা কেন্দ্ৰৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ আহ্বায়ক ডঃ বসন্ত কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সামাজিক মাধ্যমৰ প্রশাসক জয়ন্ত কুমাৰ দাস আৰু ভালেকেইজন বক্তাই জিলাখনত অসম সাহিত্য সভাৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়।
সভাত আগন্তক দুবছৰীয়া কাৰ্যকালৰ বাবে বৰপেটা জিলা সাহিত্য সভাৰ পূর্ণাঙ্গ সমিতিখন গঠন কৰা হয়। মুঠ ১৭১ জনীয়া সদস্য ভুক্তিৰে গঠন কৰা পূর্ণাঙ্গ সমিতিখনৰ বিভিন্ন বিষয়ববীয়া সকল হ’ল-সভাপতি জি.এল. আগৰৱালা, উপ-সভাপতি লাচিত কলিতা, সম্পাদক কিশোৰ কুমাৰ দাস, সহকাৰী সম্পাদক ক্রমে মহানন্দ পাঠক, দীনেশ দাস, প্রবীন কুমাৰ দাস, প্রকাশন আহ্বায়ক হিতেশ দাস, মুখপত্র বৰপীঠ’ৰ সম্পাদক জয়ন্ত কুমাৰ দাস, ধন ভড়ালী নৃপেন গায়ন, কাৰ্যালয় সম্পাদক মুন দাস, জিলা প্রতিনিধি গোবিন্দ তালুকদাৰ, আকাশ উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি নঞ্জু দত্ত, আহ্বায়ক উষা দাস, ৰামধেনু উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি ডঃ কমল কৃষ্ণ দাস, আহ্বায়ক গুণজিৎ শইকীয়া, কবি সন্মিলন উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি মনহৰি বায়ন, আহ্বায়ক ৰঞ্জিৎ তালুকদাৰ, লেখক কোষ উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি ডঃ ভূষণ চন্দ্র পাঠক, আহ্বায়ক ঘনশ্যাম দাস, মাতৃভাষা আৰু ৰাজ্যভাষা প্রয়োগ আৰু ভাষা সমন্বয় কোষ উপসমিতিৰ কাৰ্যকৰী সভাপতি গৌৰকান্ত ব্রহ্ম, আহ্বায়ক মহানন্দ পাঠক, কুঁহি উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি দীনেশ দাস, আহ্বায়ক শোভাৰাণী দাস, গৃহনির্মাণ উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি লাচিত কলিতা, আহ্বায়ক মহানন্দ পাঠক, সাংস্কৃতিক উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি সুধীৰ দাস, আহ্বায়ক নকুল দাস, প্রচাৰ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি অশোক কুমাৰ দাস, আহ্বায়ক নৱজিৎ দাস, আইন উপদেষ্টা ক্ৰমে ৰাধিকানন্দ দাস, গিৰীধৰ চৌধুৰী, ৰামকুমাৰ দাস, মুখপত্র নৱজিৎ বায়ন, চৰ-চাপৰি আহ্বায়ক আব্দুল কালাম আজাদ।
Responsive Ads Here