এনআৰচিৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পাব ৩০ জুলাইত - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

July 3, 2018

এনআৰচিৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পাব ৩০ জুলাইত


অনিশ্চয়তা আতৰাঁই নতুন সময়সীমা উচ্চতম ন্যায়ালয়ৰ
নতুন দিল্লীঃ সকলাে জল্পনাকল্পনা আৰু অনিশ্চয়তাৰ ওৰ পেলাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ নতুন সময়সীমা নির্ধাৰণ কৰি দিলে উচ্চতম ন্যায়ালয়ে। সেই অনুসৰি অহা ৩০ জুলাই বা তাৰ পূর্বে প্রকাশ কৰিব লাগিব এন আৰ চিৰ পূৰ্ণাংগ খচৰাখন। ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰােহিণ্টন ফলি নাৰিমনৰে গঠিত দুজনীয়া খণ্ড বিচাৰপীঠে সোমবাৰে অসমৰ অস্তিত্বৰক্ষাৰ দলিল স্বৰূপ এন আৰ চিক লৈ শুনানি গ্রহণ কৰি কেতবােৰ গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰে। দুজনীয়া খণ্ড বিচাৰপীঠখনৰ নতুন নির্দেশ মতে, পূর্ণাংগ খচৰা প্ৰকাশ কৰিবলৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই অতিৰিক্ত এমাহৰ সময় লাভ কৰিলে।
 উল্লেখ্য যে বৰাক উপত্যকাৰ তিনি জিলা ক্রমে কাছাৰকৰিমগঞ্জ আৰু হাইলাকান্দিত যােৱা ১৩ জুনৰ পৰা উদ্ভৱ হােৱা বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৮ৰ পৰা ১০ দিন এন আৰ চি উন্নীতকৰণৰ কাম ব্যাহত হৈ পৰাৰ যুক্তি দি পূর্ণাংগ খচৰা প্ৰকাশৰ সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত তেওঁ উল্লেখ কৰিছিল যে তিনিওখন জিলাত স্থাপন কৰা ৩০৩টা এন আৰ চি সেৱাকেন্দ্র (এন এছ কে)ৰ ভিতৰত ৮৯টাই বানপানীৰ ফলত প্রত্যক্ষভাৱে ক্ষতিগ্রস্ত হৈছে। তদুপৰি উন্নীতকৰণৰ কাম তিনিওঁখন জিলাতে এই সময়ছােৱাত ব্যাহত হৈ পৰিছিল। ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই একে সময়তে এন আৰ চি উন্নীতকৰণৰ সিংহভাগ কাম সম্পন্ন হলেও শেষ পর্যায়ৰ কিছু কাম বাকী থকাৰ কথা উল্লেখ কৰিও পূর্ণাংগ খচৰা প্ৰকাশৰ সময় বৃদ্ধিৰ বাবে আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত। আবেদনত তেওঁ যিকোনাে পৰিস্থিতিতে ৩০ জুলাইৰ ভিতৰত পূর্ণাংগ খচৰাখন প্ৰকাশৰ প্ৰস্তাৱ দাঙি ধৰিছিল। সেই প্রস্তাৱতেই কার্যতঃ সন্মতি প্ৰকাশ কৰিলে দুজনীয়া খণ্ড বিচাৰপীঠখনে। 
ইতিমধ্যে বিগত ২০১৭ চনৰ ৩১ ডিচেম্বৰত এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ পাইছে। ৩,২৯ কোটি আবেদনকাৰীৰ ভিতৰত অন্তর্ভুক্ত হৈছে ১.৯০ কোটিৰ নাম। ইফালে, শুনানিৰ অন্তত দুজনীয়া খণ্ড বিচাৰপীঠখনে দিয়া নির্দেশত এক গুৰুত্বপূর্ণ দিশ স্পষ্ট হৈছে। নির্দেশটোত সংলগ্ন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই দিয়া তথ্য অনুসৰি প্ৰথমখন খচৰাত সন্নিৱিষ্ট হােৱা প্রায় ১.৫০ লাখ ব্যক্তিৰ নাম পূর্ণাংগ খচৰাত বাদ পৰিব। ইয়াৰে গৰিষ্ঠসংখ্যকেই সন্দেহজনকৰূপে বিবেচিত হৈছে। বিশেষকৈ ৬৫,৬৯৪জনৰ বংশবৃক্ষ অনুসন্ধানৰ সময়ছােৱাত মিছা তথ্য দিয়াৰ কথা পােহৰলৈ আহে। সেইদৰে লিংকেজ নথি হিচাপে পঞ্চায়তৰ প্রমাণপত্র দাখিল কৰা ৪৮,৪৫৬ গৰাকী বিবাহিতা মহিলাৰ নাম প্রথম খচৰাত অন্তর্ভুক্ত কৰা হৈছিল যদিও পুনৰীক্ষণৰ সময়ছােৱাত তেওঁলােক যােগ্যৰূপে বিবেচিত নহ'ল। লগতে ডাটা এন্ট্রিক লৈ ১৯,৭৮৩জন লােকৰ ক্ষেত্ৰত ভুল হােৱাৰ কথাও উল্লেখ কৰা হৈছে। সামগ্রিকভাৱে এই প্রায় ১.৫০ লাখ লােকৰ নাম প্রথম খচৰাৰ পৰা কৰ্তনৰ বাবে ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই দিয়া প্রস্তাৱতাে সন্মতি জ্ঞাপন কৰে উচ্চতম ন্যায়ালয়ে।
 লক্ষণীয়ভাৱে সমগ্র বিষয়টোত সোমবাৰে এটর্নী জেনেৰেল কে বেণুগােপালেও ন্যায়ালয়ৰ মজিয়াত হস্তক্ষেপ কৰা পৰিলক্ষিত হয়। আনহাতে, এনআৰৰি নিচিনা অতি স্পর্শকাতৰ কামত নিয়ােজিত প্রতীক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ বিষয়টোও ন্যায়াধীশ গগৈ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে নিজাববীয়াকৈ উত্থাপন কৰে। প্রতীক হাজেলাৰ বাবে কোন কেটেগৰীৰ নিৰাপত্তাৰ প্রয়ােজন আছে সেয়া চালি-জাৰি চাবলৈ তথা সেইমর্মে প্রতীক হাজেলা আৰু তেওঁৰ পৰিয়ালক শীঘ্ৰে নিৰাপত্তা প্রদানৰ বিষয়টোত খণ্ড বিচাৰপীঠে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানলৈ জাননী জাৰি কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ নির্দেশ প্রদান কৰে। ইয়াৰ বাবে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক এসপ্তাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈকো ন্যায়ালয়ে নির্দেশ দিছে। | লক্ষণীয়ভাৱে ৩০ জুলাইত পূর্ণাগ খচৰা প্ৰকাশৰ পিছদিনা অর্থাৎ ৩১ জুলাইত আছাম পাব্লিক বকছৰ ২৭৪/০৯ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিত চলি থকা এন আৰ চিৰ পৰৱর্তী শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰােহিণ্টন ফলি নাৰিমনৰ বিচাৰপীঠে প্ৰদান কৰা নির্দেশনাৱলীক আদৰণি জনাইছে মূল গুচৰীয়া পক্ষ হিচাপে আছাম পাব্লিক ব্ৰছৰ মুৰব্বী অভিজিৎ শৰ্মা আৰু সন্দেী অসম ছাত্ৰ সন্থাৰ নেতৃবর্গই। অভিজিৎ শৰ্মাই কয়—৩০ জুলাইত সকলাে কথা স্পষ্ট হৈ পৰিব। আমি ভবাৰ দৰে যদি এনআৰচিৰ পৰা বিদেশীৰ নাম বাদ নপৰে, তেনেহ'লে পুনৰ আদালতৰ কাষ চাপিম। শৰ্মাই স্পষ্টভাৱে কয় যে কিমানসংখ্যক বিদেশীৰ নাম কর্তন হয় তাৰ ওপৰতে এতিয়া অসমৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে। কাৰণ ২০০৯ চনত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত গােচৰ ৰজু কৰাৰ সময়ত আছাম পাব্লিক রকছে ৰাজ্যৰ ভােটাৰ তালিকাত ৪১ লাখ বিদেশীৰ নাম সােমাই থকা বুলি উল্লেখ কৰিছিল। শৰ্মাই লগতে কয়— ‘ডি’ ভােটাৰ আৰু চিহ্নিত বিদেশীৰ পৰিয়ালৰ নাম এনআৰৰি খচৰাত অন্তভূক্ত নােহােৱাক লৈ বহুতে অসন্তুষ্ট হ'ব পাৰে; কিন্তু সেইসকল লােক কোন সেয়া আমি ভালদৰে চাব লাগিব। ন্যায়ালয়ৰ নিদের্শনাত অসন্তুষ্ট ব্যক্তি, সংগঠনসমূহ বাংলাদেশীৰ দালাল নহয়তাে?
—এই প্রশ্ন আছাম পাব্লিক ৱৰ্কৰ মুৰব্বীজনৰ। আনহাতে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ গােটকে ধৰি দেশ-বিদেশৰ বিভিন্ন মহলত অসমত মুছলমান লােকসকলৰ প্রতি বৈষম্য কৰি থকা বুলি উত্থাপিত অভিযােগ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি শৰ্মাই কয় যে কোনেও ক'ব নােৱাৰে যে অসমত বাস কৰা প্ৰকৃত কোনাে এজন ভাৰতীয় মুছলমান লােকক কেতিয়াও ক'ৰবাত হাৰাশাস্তি কৰা হৈছে বুলি। অসমৰ প্রতিচ্ছবি স্নান কৰিবলৈ এইবােৰ ‘আন্তর্জাতিক প্রপাগণ্ড’ বুলিহে শর্মাই অভিযােগ উত্থাপন কৰে। আনহাতে, শুনানিৰ অন্তত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সভাপতি দীপাংক কুমাৰ নাথে নিজা নিজা প্রতিক্রিয়া ব্যক্ত কৰি ন্যায়ালয়ে প্রদান কৰা ৰায়ক আদৰণি জনায়। ভট্টাচার্যই কয় যে ন্যায়ালয়ৰ প্রত্যক্ষ তদাৰকত চলি থকাৰ বাবেই এন আৰ চি উন্নীতকৰণৰ কাম ইমানখিনি আগবাঢ়িছে। 
এখন শুদ্ধ এন আৰ চি যাতে প্রস্তুত হয় তাৰ বাবে উন্নীতকৰণৰ লগত জড়িত প্রতিজন লােকেই দায়বদ্ধতাৰে কাম কৰিব লাগিব। বিশেষকৈ এন আৰ চি উন্নীতকৰণ কর্তৃপক্ষই অতিৰিক্ত এমাহ সময় পােৱাৰ বাবে কাম-কাজ যাতে সম্পূর্ণ শুদ্ধ হ’ব পাৰে তাৰ প্রতি যত্ন ল’বলৈ সুযােগ লাভ কৰিব। এখন শুদ্ধ এন আৰ চি প্রস্তুত হ'লেহে অসম সুৰক্ষিত হ'ব বুলিও মত ব্যক্ত কৰে তেওঁ। ইফালে, আমছু নেতা আজিজুৰ ৰহমানে এন আৰ চিত বহুসংখ্যক ভাৰতীয় নাগৰিকৰ নাম অন্তর্ভুক্ত নােহােৱাৰ আশংকাই দেখা দিছে বুলি উল্লেখ কৰি কয় যে আদালতে অৱশ্যে খচৰা প্ৰকাশ পােৱাৰ পাছত উক্ত লােকসকলৰ বিষয়টো বিবেচনা কৰিব বুলি জনাইছে। লক্ষণীয়ভাৱে সোমবাৰৰ শুনানি অন্তত এন আৰ চি সমন্বয়ক প্রতীক হাজেলাই ৩০ জুলাই ভিতৰত এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্রকাশ পাবই বুলি উল্লেখ কৰি সাংবাদিকৰ আগত কয় যে এন আৰ চি উন্নীতকৰণৰ কাম বহুখিনি আগবাঢ়িছে। আমি ৩০ জুলাইৰ ভিতৰত পূর্ণাংগ খচৰা প্ৰকাশ কৰিবলৈ সক্ষম হম।
এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ বাবে আমি যৎপৰােনাস্তি চেষ্টা চলাইছোঁ।'— হাজেলাই এনেদৰে কয়। তেওঁ লগতে এয়ও জনাই দিয়ে যে নাগৰিকপঞ্জীৰ পৰা কোনাে ভাৰতীয় লােকৰ নাম বাদ নপৰে। ভাৰতীয় লােকসকলে সন্ত্রস্ত হােৱাৰ কোনাে প্রয়ােজন নাই বুলি জনাই তেওঁ স্পষ্টভাৱে কয় যে এন আৰ চিৰ পৰা কিমানসংখ্যক লােকৰ নাম বাদ যাব সেয়া কোনেও নাজানে। আনকি তেওঁ নিজেও নাজানে। পূর্ণাংগ খচৰা প্ৰকাশৰ পাছতহে এই তথ্য পােহৰলৈ আহিব। বিভিন্ন দল-সংগঠনে কর্তন হ'বলগীয়া লােকৰ বিভিন্ন পৰিসংখ্যা দাঙি ধৰি থকা সন্দৰ্ভত হাজেলাৰ বক্তব্য– তেনে পৰিসংখ্যাত ৰাইজ ভােল নাযাব। যিসকল লােকৰ নাম এন আৰ চিত অন্তর্ভুক্ত নহ'ব। তেওঁলােকে পৰৱৰ্তী সময়ত ‘ক্লেইমছ এণ্ড অবজেকচনৰ জৰিয়তে পুনৰ নাম অন্তর্ভুক্ত কৰাৰ সুযােগ লাভ কৰিব।

Responsive Ads Here