মহানায়ক মেণ্ডেলা - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

July 19, 2018

মহানায়ক মেণ্ডেলা

                        
                                    স্নেহাজোনাক দত্ত
অন্যায় বিৰোধী ৰণক্ষেত্ৰৰ
মহাৰথী নেলচন মেণ্ডেলা
বৰ্ণবৈষম্য বিৰোধী যুদ্ধৰ
অজেয় সেনাপতি নেলচন মেণ্ডেলা
বিশ্বৰ অগণন জনতাৰ
বন্দিত মহানায়ক নেলচন মেণ্ডেলা
প্ৰণাম তোমাক৷

কৃষ্ণাংগ ৰাষ্ট্ৰপতি প্ৰধান
দক্ষিণ আফ্ৰিকাৰ
সাহসৰ মহাপ্ৰতীক তুমি
সহস্ৰ সংগ্ৰামী জনতাৰ,
অনেক উজ্জ্বল-জ্যোতিষ্ক তুমি
এক মহা উজ্জ্বল জ্যোতি
কৃষ্ণাংগ মানুহৰ মুক্তিৰ বাবে
মহাসংগ্ৰাম কৰিলা তুমি৷

অন্যায় বিৰোধী ৰণক্ষেত্ৰৰ
মহাৰথী নেলচন মেণ্ডেলা
আফ্ৰিকাৰ বাবেই তুমি
প্ৰজ্বলিত হ'ল
ৰচিলা মানৱতাৰ মহা ইতিহাস
পৃথিৱীৰ প্ৰাণৰ নেতা
মহান মনীষি
হে মহানায়ক মেণ্ডেলা
প্ৰণাম তোমাক৷৷
                                                                                            ফোন : +91 7035163122
Responsive Ads Here