১ কোটি টকা ‘অফাৰ’ পোৱাৰ কথা স্বীকাৰ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

July 28, 2018

১ কোটি টকা ‘অফাৰ’ পোৱাৰ কথা স্বীকাৰ


গুৱাহাটী : এইবাৰ বিচাৰকৰ বিচাৰ৷ ন্যায়পালিকাক কলংকিত কৰি এ পি এছ চিৰ নিযুক্তি কেলেংকাৰিত জড়িতক জামিন প্রদানৰ নামত ধনৰ লেনদেনৰ অভিযোগত সাঙোৰ খাইপৰা তদানীন্তন বিশেষ ন্যায়াধীশ প্রশান্ত কুমাৰ শইকীয়া আজি হাজিৰ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত৷
মুখ্য ন্যায়াধীশৰ চমন পাই উচচ ন্যায়ালয়ত হাজিৰ হোৱা বিতর্কৰ আৱর্তত সোমাই পৰা ন্যায়াধীশ শইকীয়াই নিজৰ জবানবন্দী দাঙি ধৰে৷ আজি পুৱা দহ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত তদাৰকী পঞ্জীয়কক ন্যায়াধীশ প্রশান্ত কুমাৰ শইকীয়াই জবানবন্দী প্রদান কৰে৷
উত্থাপিত অভিযোগ সন্দর্ভত ইতিমধ্যে মুখ্য ন্যায়াধীশৰ ওচৰত লিখিতভাৱে বিতংকৈ জনোৱা ন্যায়াধীশ প্রশান্ত কুমাৰ শইকীয়াৰ জবানবন্দী আজি ৰেকর্ডিং কৰা হয়৷ জানিব পৰা মতে, ন্যায়াধীশ প্রশান্ত কুমাৰ শইকীয়াই দালাল শৈলেন শর্মা বৰুৱা আৰু সুৰজিৎ চৌধুৰীৰ পৰা পোৱা ধনৰ ‘অফাৰ’ৰ কথা স্বীকাৰ কৰিছে৷ অভিযুক্ত তদানীন্তন বিশেষ ন্যায়াধীশজনক এক কোটি টকা উপঢৌকন দিয়াৰ প্রস্তাৱ দিয়া হৈছিল বুলি খোদ ন্যায়াধীশগৰাকীয়ে সাক্ষ্য প্রদান কৰে৷
অৱশ্যে, গ্রেপ্তাৰ হোৱা বিষয়াক জামিন প্রদানৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধনৰ প্রস্তাৱ পালেও ধন লোৱাৰ অভিযোগ অস্বীকাৰ কৰে শইকীয়াই৷ প্রায় আধা ঘণ্টা ধৰি উচচ ন্যায়ালয়ৰ তদাৰকী পঞ্জীয়কৰ সন্মুখত সাক্ষ্য প্রদানৰ সময়ত বিমর্ষ ৰূপত দেখা গৈছিল তদানীন্তন বিশেষ ন্যায়াধীশগৰাকীক৷ প্রাক্তন ন্যায়াধীশগৰাকীয়ে জেৰাৰ সন্মুখত আৰু বহু বিস্ফোৰক তথ্য সদৰী কৰা বুলিও জানিব পৰা গৈছে৷ কেইবাজনো অধিবক্তাৰ নাম জেৰাত সদৰী কৰা বুলি জানিব পৰা গৈছে৷
আনহাতে, গুৱাহাটী উচচ ন্যায়ালয়ে আজি গ্রেপ্তাৰ হোৱা এ পি এছ বিষয়া পল্লৱী শর্মাৰ জামিন আৱেদন নাকচ কৰিছে৷ পিতৃ তথা বিজেপিৰ সাংসদ আৰ পি শর্মাৰ শাৰীৰিক অসুস্থতাৰ দোহাই দি জামিন বিচাৰি উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পল্লৱী শর্মা৷ ইয়াৰ পূর্বে বিশেষ আদালতত অনুৰূপ কাৰণ দর্শাই জামিন বিচাৰি পল্লৱী শর্মা বিমুখ হৈছিল৷ ইফালে, উচ্চ ন্যায়ালয়ে ২ আগষ্টত পল্লৱী শর্মাৰ গ্রেপ্তাৰ সম্পর্কীয় কেছ ডায়েৰী দাখিল কৰিবলৈ ডিব্রুগড়ৰ আৰক্ষীক নির্দেশ দিছে৷
Responsive Ads Here